< Izaija 66 >
1 Ovako govori Jahve: “Nebesa su moje prijestolje, a zemlja podnožje nogama! Kakvu kuću da mi sagradite i gdje da bude mjesto mog prebivališta?
১যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
2 TÓa sve je moja ruka načinila i sve je moje” - riječ je Jahvina. “Ali na koga svoj pogled svraćam? Na siromaha i čovjeka duha ponizna koji od moje riječi dršće.
২মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
3 Ima ih koji kolju bika, ali i ljude ubijaju; žrtvuju ovcu, ali i psu vrat lome. Netko prinosi žrtvu, ali i krv svinjsku; prinose kad, ali časte i kipove. Kao što oni izabraše svoje putove i duši im se mile gnusobe njihove,
৩যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
4 tako ću i ja izabrati za njih nevolje nesmiljene, pustit ću na njih ono čega se plaše. Jer zvao sam, a nitko se ne odazva, govorio sam, a nitko ne posluša, nego su činili što je zlo u očima mojim, izabrali ono što mi nije po volji.”
৪সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
5 Poslušajte riječ Jahvinu, vi koji od njegove riječi dršćete. “Govore braća vaša koja na vas mrze i odbacuju vas radi moga imena: 'Neka se proslavi Jahve, pa da radost vašu vidimo.' Ali oni će biti postiđeni.”
৫যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
6 Čuj! Buka iz grada, glas iz Hrama! Glas je to Jahve koji uzvraća svojim neprijateljima.
৬নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
7 Prije neg' bolove oćutje, eto je rodila. Prije neg' trudove osjeti, porodi dječaka.
৭বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
8 Tko je takvo što čuo, tko je takvo što vidio? Može li se zemlja u jednom danu napučiti? Može li se narod odjednom roditi? A tek što je osjetila trudove, Sionka rodi sinove!
৮এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
9 “Zar bih ja otvorio krilo materino a da ono ne rodi?” - govori Jahve. “Zar bih ja, koji dajem rađanje, zatvorio maternicu?” - kaže Bog tvoj.
৯যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
10 Veselite se s Jeruzalemom, kličite zbog njega svi koji ga ljubite! Radujte se, radujte s njime svi koji ste nad njim tugovali!
১০তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
11 Nadojite se i nasitite na dojkama utjehe njegove da se nasišete i nasladite na grudima krepčine njegove.
১১কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
12 Jer ovako govori Jahve: “Evo, mir ću na njih kao rijeku svratiti i kao potok nabujali bogatstvo naroda. Dojenčad ću njegovu na rukama nositi i milovati na koljenima.
১২কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
13 Kao što mati tješi sina, tako ću i ja vas utješiti - utješit ćete se u Jeruzalemu.”
১৩যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
14 Kad to vidite, srce će vam se radovati i procvast će vam kosti k'o mlada trava. Očitovat će se ruka Jahvina na njegovim slugama i gnjev nad neprijateljima njegovim.
১৪এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
15 Jer, evo, dolazi Jahve s ognjem - bojna su mu kola poput vihora - da u jarosti gnjev svoj iskali i prijetnje svoje u ognju žarkome.
১৫কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
16 Da, sudit će Jahve ognjem i mačem svakom smrtniku: pobijenih Jahvinih mnoštvo će biti.
১৬কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
17 Oni koji se posvećuju i čiste u vrtovima iza onog jednog u sredini, koji jedu svinjetinu, nečisto i miševe - svi će zajedno izginuti, riječ je Jahvina.
১৭যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
18 Ja dobro poznajem njihova djela i namjere njihove. “Dolazim da saberem sve puke i jezike, i oni će doći i vidjeti moju Slavu!
১৮কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
19 Postavit ću im znak i poslat ću preživjele od njih k narodima u Taršiš, Put, Lud, Mošek, Roš, Tubal i Javan - k dalekim otocima koji nisu čuli glasa o meni ni vidjeli moje Slave - i oni će naviještati Slavu moju narodima.
১৯মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
20 I dovest će svu vašu braću između svih naroda kao prinos Jahvi - na konjima, na bojnim kolima, nosilima, na mazgama i jednogrbim devama - na Svetu goru svoju u Jeruzalemu” - govori Jahve - “kao što sinovi Izraelovi prinose prinos u čistim posudama u Domu Jahvinu.
২০তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
21 I uzet ću sebi između njih svećenike, levite” - govori Jahve.
২১যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
22 “Jer, kao što će nova nebesa i zemlja nova, koju ću stvoriti, trajati preda mnom” - riječ je Jahvina - “tako će vam ime i potomstvo trajati.
২২“কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
23 Od mlađaka do mlađaka, od subote do subote, dolazit će svi ljudi da se poklone pred licem mojim” - govori Jahve.
২৩যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
24 Izlazeći, gledat ću trupla ljudi koji se od mene odmetnuše: crv njihov neće umrijeti i njihov se oganj neće ugasiti - bit će na gadost svim ljudima.
২৪তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”