< Izaija 47 >

1 Spusti se, sjedni u prašinu, djevice, kćeri babilonska! Sjedni na zemlju, bez prijestolja, kćeri kaldejska! Jer, neće te više zvati nježnom i tankoćutnom.
হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
2 Uzmi mlin i melji brašno! Skini prijevjes, podigni skut, razgali bedra, prijeđi preko rijeke!
জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
3 Nek' se golotinja tvoja otkrije, nek' se sramota tvoja pokaže! Ja ću se osvetiti, odvraćat' me nitko neće.
তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
4 Otkupitelj naš, ime mu je Jahve nad Vojskama, Svetac Izraelov, kaže:
আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
5 “Sjedi šutke, u mrak se povuci, kćeri kaldejska. Jer, neće te više zvati vladaricom kraljevstava.
হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰাণী বুলি মতা নহ’বা।
6 Razgnjevih se na svoj narod, oskvrnuh svoju baštinu. Tebi ih u ruke izručih, a ti im ne iskaza milosti. Na starce si stavljala jaram svoj preteški.
মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলোঁ, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
7 Govorila si: 'Dovijeka gospodaricom ću ostati.' Nikad nisi to k srcu uzela ni pomislila kako će se završiti.
তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
8 A sad poslušaj, razvratnice, koja sjediš bezbrižno i u srcu svom govoriš: 'Ja, i nitko drugi! Nikad neću obudovjeti, neću djece izgubiti!'
নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”
9 Stići će te oboje, za tren, u isti dan! Izgubit ćeš djecu, obudovjet ćeš! Punom će te mjerom snaći oboje, pokraj svega tvojeg vračanja i množine tvojih zaklinjanja!
কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
10 U zloću si se svoju uzdala, govorila si: 'Nitko me ne vidi!' Mudrost tvoja i znanje zavedoše te. U svom si srcu govorila: 'Ja i nitko drugi!'
১০তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
11 Zlo će te snaći - nećeš ga presresti; oborit će se na te nesreća - nećeš je odvratiti; doći će na te propast iznenada - nećeš je predvidjeti.
১১বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
12 Ustraj, dakle, u svojim zaklinjanjima i u tolikim svojim čaranjima, oko kojih si se trudila od mladosti. Možda će ti biti od koristi? Možda ćeš s njima strah utjerati?
১২যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
13 Izmoriše te mnogi tvoji savjetnici! Nek' ustanu samo da te spase oni koji premjeravaju nebesa, koji promatraju zvijezde i koji svakog mjeseca proriču ono što će te snaći.
১৩তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
14 Gle, oni će biti poput pljeve, oganj će ih sažeći. Ni sami sebe neće izbaviti iz zagrljaja plamenoga. Neće ostat' ni žerave da se tko ogrije, ni ognjišta da uza nj posjedne!
১৪চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
15 Takvi će ti biti vrači tvoji, oko kojih si se trudila od mladosti! Poći će svaki svojim putem, i nikog neće biti da te spasi.”
১৫সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।

< Izaija 47 >