< Izaija 43 >
1 Sada ovako govori Jahve, koji te stvorio, Jakove, koji te sazdao, Izraele: “Ne boj se, jer ja sam te otkupio; imenom sam te zazvao: ti si moj!
১কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
2 Kad preko vode prelaziš, s tobom sam; ili preko rijeke, neće te preplaviti. Pođeš li kroz vatru, nećeš izgorjeti, plamen te opaliti neće.
২তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
3 Jer ja sam Jahve, Bog tvoj, Svetac Izraelov, tvoj spasitelj. Za otkupninu tvoju dajem Egipat, mjesto tebe dajem Kuš i Šebu.
৩কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
4 Jer dragocjen si u mojim očima, vrijedan si i ja te ljubim. Stog i dajem ljude za tebe i narode za život tvoj.
৪এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
5 Ne boj se jer ja sam s tobom. S istoka ću ti dovest' potomstvo i sabrat ću te sa zapada.
৫ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
6 Reći ću sjeveru: 'Daj mi ga!' a jugu 'Ne zadržavaj ga!' Sinove mi dovedi izdaleka i kćeri moje s kraja zemlje,
৬মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
7 sve koji se mojim zovu imenom i koje sam na svoju slavu stvorio, koje sam sazdao i načinio.”
৭মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
8 Izvedi narod slijep, premda oči ima, i gluh, premda uši ima.
৮তোমালোকে চকু থকা অন্ধ লোকক, আৰু কাণ থকা কলা লোকক উলিয়াই আনা।
9 Neka se saberu sva plemena i neka se skupe narodi. Tko je od njih to prorekao i davno navijestio? Nek' dovedu svjedoke da se opravdaju, neka se čuje da se može reći: “Istina je!”
৯সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।
10 Jer vi ste mi svjedoci, riječ je Jahvina, i moje sluge koje sam izabrao, da biste znali i vjerovali i uvidjeli da sam to ja. Prije mene nijedan bog nije bio načinjen i neće poslije mene biti.
১০যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
11 Ja, ja sam Jahve, osim mene nema spasitelja.
১১মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
12 Ja sam prorekao, spasio i navijestio, i nema među vama tuđinca! Vi ste mi svjedoci, riječ je Jahvina, a ja sam Bog
১২ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ;
13 od vječnosti - ja jesam! I nitko iz ruke moje ne izbavlja; što učinim, tko izmijeniti može?
১৩আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
14 Ovako govori Jahve, otkupitelj vaš, Svetac Izraelov: “Radi vas poslah protiv Babilona, oborit ću prijevornice zatvorima i Kaldejci će udarit u kukanje.
১৪তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
15 Ja sam Jahve, Svetac vaš, stvoritelj Izraelov, kralj vaš!”
১৫ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
16 Ovako govori Jahve, koji put po moru načini i stazu po vodama silnim;
১৬সমুদ্ৰৰ মাজেদি বাট, (মহাজলৰাশিৰ মাজেদি পথ যুগুত কৰা যিহোৱাই এই কথা কৈছে,
17 koji izvede bojna kola i konje, vojsku i junake, i oni padoše da više ne ustanu, zgasnuše, kao stijenj se utrnuše.
১৭ৰথ আৰু ঘোঁৰা, সৈন্য-সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনা জন, তেওঁলোকে একেলগে শুলে, তেওঁলোক আৰু নুঠে; আৰু তেওঁলোক লুপ্ত হ’ব, জ্বলি থকা শলিতাৰ দৰে নুমাই যায়)
18 Ne spominjite se onog što se zbilo, nit' mislite na ono što je prošlo.
১৮তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা।
19 Evo, činim nešto novo; već nastaje. Zar ne opažate? Da, put ću napraviti u pustinji, a staze u pustoši.
১৯চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
20 Slavit će me divlje zvijeri, čaglji i nojevi, jer vodu ću stvorit' u pustinji, rijeke u stepi, da napojim svoj narod, izabranika svoga.
২০বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
21 I narod koji sam sebi sazdao moju će kazivati hvalu!
২১এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
22 Ali me ti, Jakove, nisi zazvao, niti si se zamorio oko mene, Izraele!
২২কিন্তু হে যাকোব, তুমি মোক হ’লে, আহ্বান কৰা নাই; আৰু হে ইস্ৰায়েল, তুমি মোৰ পৰা আমনি পাইছা।
23 Nisi mi prinosio ovce za paljenicu, nisi me častio žrtvama. A ja te silio nisam na prinose, nisam ti dodijavao ištući kada.
২৩তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই।
24 Nisi mi kupovao za novac trsku, nisi me sitio salom svojih žrtava; nego si me grijesima svojim mučio, bezakonjem svojim dosađivao mi.
২৪তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
25 A ja, ja radi sebe opačine tvoje brišem i grijeha se tvojih ne spominjem.
২৫মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
26 Podsjeti me, zajedno se sporimo, govori ti da se opravdaš.
২৬কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা; আহাঁ, আমি একেলগে বাদানুবাদ কৰোঁহক; তুমি যাতে নিৰ্দ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দৰ্শোৱা।
27 Prvi je otac tvoj sagriješio, posrednici tvoji od mene se odmetnuli,
২৭তোমাৰ আদিপিতৃয়ে পাপ কৰিলে, আৰু তোমাৰ মূখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে।
28 knezovi su tvoji oskvrnuli Svetište. Tad izručih Jakova prokletstvu, i poruzi Izraela.
২৮এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম।