< Izaija 14 >

1 Da, smilovat će se Jahve Jakovu i opet izabrati Izraela, dati mu da počine u svojoj zemlji. Pridružit će im se došljak i priključiti se domu Jakovljevu.
যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
2 Sami će narodi po njih doći i odvesti ih u njihov kraj, a njih će Dom Izraelov baštiniti u Jahvinoj zemlji kao sluge i sluškinje. I zarobit će one koji njih bijahu zarobili i gospodovat će nad svojim tlačiteljima.
আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
3 U dan kad ti Jahve dade da počineš od svojih stradanja, nemira i teškog robovanja kojima te pritisnuše,
সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
4 zapjevat ćeš ovu rugalicu kralju babilonskom: Kako nestade silnika? Kako nestade tlačenja?
তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
5 Jahve slomi štap zlikovački i žezlo vladarsko
যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
6 što je bijesno b§ilo narode udarcima bez kraja i konca, što je gnjevno vladalo narodima progoneć' ih nemilice.
যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
7 Počiva, miruje sva zemlja kličući od radosti.
সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
8 Nad tobom se raduju čempresi i cedri libanonski: “Otkako si pao, ne dolaze nas više sjeći!”
এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
9 Zbog tebe se uzbudi Podzemlje da te dočeka kada dođeš. U tvoju čast ono budi sjene, sve zemaljske mogućnike, ono diže s prijestolja sve kraljeve naroda. (Sheol h7585)
তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। (Sheol h7585)
10 Svi ti oni progovaraju: “I ti si skršen k'o i mi, nama si sličan postao.
১০তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা, তুমি আমাৰ দৰেই হৈছা।
11 Oholost se tvoja sruši u Podzemlje i buka tvojih harfa; pod tobom je ležaj od truleži, a crvi tvoj su pokrivač. (Sheol h7585)
১১তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ (Sheol h7585)
12 Kako pade sa nebesa, Svjetlonošo, sine Zorin? Kako li si oboren na zemlju, ti, vladaru naroda?
১২তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
13 U svom si srcu govorio: 'Uspet ću se na nebesa, povrh zvijezda Božjih prijesto ću sebi dići. Na zbornoj ću stolovati gori na krajnom sjeveru.
১৩তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
14 Uzaći ću u visine oblačne, bit ću jednak Višnjemu.'
১৪মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
15 A sruši se u Podzemlje, u dubine provalije!” (Sheol h7585)
১৫তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। (Sheol h7585)
16 Koji te vide, motre te i o tebi razmišljaju: “Je li to čovjek koji je zemljom tresao i drmao kraljevstvima,
১৬তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
17 koji je u pustinju svijet obraćao i sa zemljom sravnjivao gradove, koji sužnjeva svojih nikad nije kući otpuštao?”
১৭পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
18 Kraljevi naroda svi u časti počivaju, svaki u svojoj grobnici.
১৮দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
19 A ti si iz groba izbačen kao smeće odvratno, pokriven poklanima, mačem probodenima, koji su na ploče grobne pobacani k'o strvina zgažena!
১৯কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
20 Nećeš se združiti s njima u grobu, jer si zemlju svoju uništio i narod svoj poklao. I nikad se više neće spominjati pleme zlikovačko.
২০মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
21 Spremite pokolj djeci za bezakonje otaca njihovih, da se više ne dignu da osvajaju zemlju i da ne pokriju lice svijeta!
২১তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
22 Ustat ću na njih - riječ je Jahve nad Vojskama - i zatrt ću Babilonu ime i ostatak, rod i porod - riječ je Jahvina.
২২বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
23 Dat ću ga u posjed ježevima i močvarama. Pomest ću ga metlom zatornom - riječ je Jahve nad Vojskama.
২৩মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
24 Zakleo se Jahve nad Vojskama: “Što zamislih, zbit će se, što naumih, izvršit će se!
২৪বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
25 Skršit ću Asur u svojoj zemlji, zgazit ću ga na svojim gorama. Jaram njegov s njih će spasti, spast će im s pleća breme njegovo.”
২৫মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
26 Takva je odluka stvorena protiv čitave zemlje; takva je ruka pružena protiv svih naroda!
২৬সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
27 A kad Jahve nad Vojskama odluči, tko da se usprotivi? Kada ruku ispruži, tko da je odvrati?
২৭কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
28 One godine kad je umro kralj Ahaz, bi objavljeno ovo proroštvo:
২৮ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
29 Ne raduj se, sva Filistejo, što se slomi štap koji te udarao, jer će iz korijena zmijinjeg izaći ljutica što će izleći zmaja krilatoga.
২৯হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
30 Ubogi će pasti na mojim pašnjacima i u pouzdanju počivati siromasi; glađu ću pomoriti rod tvoj i pobiti što od tebe ostane.
৩০দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
31 Kukajte, vrata! Zapomaži, grade! Strepi, sva Filistejo! Jer sa sjevera dim dolazi i čete njegove ne napušta nitko!
৩১হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
32 Što će se tad odgovoriti glasnicima naroda? “Jahve zasnova Sion, i u njem su zaštićeni siromasi njegova naroda.”
৩২তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।

< Izaija 14 >