< Hošea 9 >

1 Ne raduj se, Izraele, ne kliči k'o drugi narodi; bludu se oda, jer, ostavivši Boga svoga, zavolio si plaću bludničku po svim gumnima žitnim.
হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।
2 Ni gumno ni kaca neće ih hraniti, i mlado će ih vino prevariti.
মৰণা মৰা মজিয়া আৰু দ্ৰাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব; তেওঁলোকে নতুন দ্রাক্ষাৰস নাপাব।
3 Neće više živjeti u zemlji Jahvinoj, Efrajim će se vratiti u Egipat i nečista će jela jesti u Asuru.
তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব, আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব।
4 Neće više Jahvi lijevati vina, nit' će mu prinositi žrtve svoje; kruh će im biti kao kruh žalosti, i nečist će biti tko ga bude jeo; jer njihov je kruh samo za njih, neće ući u Dom Jahvin.
তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।
5 Što ćete činiti na dan blagdanski, na dan svetkovine Jahvine?
তেওঁলোকৰ পৰ্ব্বৰ দিনা আৰু যিহোৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব?
6 Jer, evo gdje odoše pred pustošenjem; prihvatit će ih Egipat, sahraniti Memfis, srebrna im blaga kopriva će baštiniti, šatore će njihove obrasti trnje.
তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব।
7 Dođoše dani kazne! Dođoše dani odmazde! Nek' znade Izrael! Lud je prorok, nadahnuti bunca! Zbog velikog bezakonja tvoga i silnog buntovništva.
ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
8 Efrajim uhodi šator prorokov, stavljaju mu zamke po svim putovima, odmazda je u kući Boga njegova.
মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ; ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।
9 U duboku su pali pokvarenost kao u dane Gibeje; spomenut će se Jahve bezakonja njihova i grijehe će njihove kazniti.
গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।
10 Kao grožđe u pustinji nađoh ja Izraela, kao rani plod na smokvi vidjeh oce vaše; oni dođoše u Baal Peor, posvetiše se sramoti i postadoše grozote kao ljubimci njihovi.
১০যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।
11 Odletje poput ptice slava Efrajimova: od rođenja, od utrobe, od začeća.
১১ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
12 Ako i podignu svoje sinove, oduzet ću ih prije dobi muževne, da, teško njima kada ih ostavim!
১২যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।
13 Efrajim je k'o da gledam Tir na njivi posađen, al' će Efrajim djecu svoju voditi na klanje.
১৩এদিন মই ইফ্রয়িমক এক মনোহৰ ঠাইত ৰোপণ কৰা তূৰ যেন দেখিছিলোঁ; কিন্তু এতিয়া ইফ্ৰয়িমে নিজৰ সন্তান সকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব।”
14 Daj im, o Jahve! A što da im dadeš? Daj im krilo jalovo, dojke usahle.
১৪হে যিহোৱা, তেওঁলোকক দিয়ক; আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক গর্ভফল নষ্ট হৈ যোৱা গর্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক।
15 U Gilgalu sva je njihova zloća, ondje sam ih zamrzio. Zbog njihovih djela opakih iz kuće svoje ću ih izagnati, voljeti ih više neću, svi su im knezovi odmetnici.
১৫যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল; সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম; মই তেওঁলোকক পুনৰায় প্ৰেম নকৰিম; তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।
16 Pogođen je Efrajim, korijen mu je usahnuo; roda neće imati. Ako im se i rodi djece, ubit ću im mili plod utrobe.
১৬ইফ্ৰয়িমক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব; তেওঁলোকৰ সন্তান জন্ম হ’লেও, মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”
17 Odbacit će ih Bog moj jer ga nisu poslušali; i potucat će se među narodima.
১৭মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ’ল; তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।

< Hošea 9 >