< Postanak 25 >
1 Abraham je sebi uzeo još jednu ženu; zvala se Ketura.
১পাছত অব্ৰাহামে কটুৰা নামৰ আন এগৰাকীক বিয়া কৰিলে।
2 Ona mu je rodila Zimrana, Jokšana, Medana, Midjana, Jišbaka i Šuaha.
২তেওঁৰ ঔৰসত জিম্ৰণ, যক্সন, মদান, মিদিয়ন, যস্বক আৰু চুহৰ জন্ম হ’ল।
3 A od Jokšana rodili se Šeba i Dedan. Dedanovi su potomci: Ašurci, Letušci i Leumci.
৩যক্সনৰ সন্তান চিবা আৰু দদান। অচুৰীয়া, লটুচীয়া, লিয়ুম্মীয়া, এইকেইজন দদানৰ সন্তান।
4 Sinovi su Midjanovi: Efa, Efer, Hanok, Abida i Eldaa. Sve su to potomci Keturini.
৪মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
5 Abraham prenese sav svoj imutak na Izaka;
৫অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে।
6 a sinovima od svojih suložnica dade Abraham samo darove i još ih za svoga života razašalje po istoku - daleko od svog sina Izaka - u Istočni kraj.
৬কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।
7 Ovo je duljina Abrahamova života što ga je proživio: stotinu sedamdeset i pet godina.
৭অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
8 Zatim Abraham preminu, umrije u sretnoj dobi - star i pun godina - te bi pridružen svojim precima.
৮অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।
9 Njegovi sinovi, Izak i Jišmael, sahrane ga u spilji Makpeli, na poljani Efrona, sina Hetita Sohara, nasuprot Mamri:
৯মম্ৰি চহৰৰ পূব ফালে হিত্তীয়া চোহৰৰ পুত্র ইফ্রোণৰ পথাৰত মকপেলাৰ গুহাত পুত্ৰ ইচহাক আৰু ইশ্মায়েলে একেলগে অব্রাহামক মৈদাম দিলে।
10 to je poljana što ju je Abraham kupio od Hetovih sinova. Ondje je sahranjen Abraham i njegova žena Sara.
১০সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানসকলৰ পৰা কিনিছিল; তাতেই অব্ৰাহামে চাৰাক মৈদাম দিছিল আৰু তাতে অব্ৰাহামকো মৈদাম দিয়া হ’ল।
11 Poslije Abrahamove smrti Bog je blagoslivljao njegova sina Izaka. Izak je živio blizu Beer Lahaj Roja.
১১অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইচহাকক আশীৰ্ব্বাদ কৰিলে; আৰু ইচহাকে বেৰ-লহয়-ৰোৱীৰ ওচৰত বসবাস কৰিবলৈ ধৰিলে।
12 Ovo je povijest Abrahamova sina Jišmaela, koga je Abrahamu rodila Sarina sluškinja, Egipćanka Hagara.
১২চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।
13 A ovo su sinovi Jišmaelovi, svaki po svom imenu i po svom rođenju: Jišmaelov prvenac Nebajot, Kedar, Adbeel, Mibsam,
১৩জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
15 Hadad, Tema, Jetur, Nafiš i Kedma.
১৫হদদ, তেমা, যটূৰ, নাফীচ আৰু কেদ্মা;
16 To su Jišmaelovi sinovi i to su njihova imena prema njihovim naseljima i taborištima: dvanaest poglavica od isto toliko plemena.
১৬ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
17 A ovo je duljina Jišmaelova života: stotinu trideset i sedam godina. Zatim izdahnu; umrije i bi pridružen svojim precima.
১৭ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
18 Potomstvo mu se naselilo od Havile do Šura, koji je na istok Egiptu idući prema Ašuru. Nastaniše se nasuprot svojoj braći.
১৮হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
19 Ovo je povijest Abrahamova sina Izaka: Izak se rodio od Abrahama.
১৯অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বিৱৰণ এই। অব্ৰাহামৰ পুত্রৰ নাম ইচহাক।
20 Izaku je bilo četrdeset godina kad se oženio Rebekom, kćerkom Aramejca Betuela iz Padan Arama, a sestrom Aramejca Labana.
২০ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
21 Izak se obrati Jahvi za svoju ženu jer je bila nerotkinja. Jahve ga usliša te njegova žena Rebeka zače.
২১ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
22 No djeca se u njezinoj utrobi tako sudarala te ona uzviknu: “Ako je tako, zašto ću živjeti!” Ode, dakle, da se posavjetuje s Jahvom.
২২তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।
23 I Jahve joj reče: “Dva su svijeta u utrobi tvojoj; dva će se naroda iz tvog krila odijeliti. Narod će nad narodom gospodovati, stariji će služiti mlađemu.”
২৩যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
24 Došlo vrijeme da rodi, kad gle - blizanci u njezinoj utrobi.
২৪যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ’ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যঁজা সন্তান আছিল।
25 Pojavi se prvi. Bio je crven; sav runjav kao ogrtač. Stoga mu nadjenuše ime Ezav.
২৫তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
26 Potom se pojavi njegov brat. Rukom se držao Ezavu za petu. Zato mu nadjenuše ime Jakov. Izaku je bilo šezdeset godina kad su oni rođeni.
২৬তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
27 Kad su dječaci odrasli, Ezav postane vješt lovac, čovjek pustare. Jakov je bio čovjek krotak i boravio je u šatorima.
২৭এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
28 Izaku je Ezav bio draži jer je volio divljač, a Rebeka je više voljela Jakova.
২৮চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
29 Jednom Jakov kuhaše jelo. Ezav stigne s polja, gladan.
২৯এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
30 Reče Ezav Jakovu: “Daj mi toga crvenog variva da pojedem jer sam izgladnio.” Stoga mu je ime Edom.
৩০তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
31 A Jakov odgovori: “Ustupi mi prije svoje prvorodstvo!”
৩১তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”
32 Ezav reče: “Evo me skoro na smrti; što će mi prvorodstvo!”
৩২তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
33 Jakov nastavi: “Prije mi se zakuni!” On mu se zakune, i tako proda Jakovu svoje prvorodstvo.
৩৩যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
34 Tada Jakov dade Ezavu kruha i čorbe od sočivice. Jeo je i pio, onda se digao i otišao. Tako Ezav pogazi svoje prvorodstvo.
৩৪তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।