< Ezekiel 6 >
1 Tada mi dođe riječ Jahvina i reče:
১যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক’লে,
2 “Sine čovječji, okreni lice prema gorama Izraelovim i prorokuj protiv njih.
২“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 Reci: 'Gore Izraelove, čujte riječ Jahve Gospoda! Ovako govori Jahve Gospod: Gore i brežuljci, jaruge i doline, evo, spustit ću mač na vas i oborit ću uzvišice vaše!
৩আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
4 Opustjet će žrtvenici vaši i porušit će se stupovi vaši, a vaše poginule pred kumire ću vam baciti.
৪তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ’ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ’ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।
5 Pobacat ću trupla sinova Izraelovih pred kumire njihove i rasijat ću kosti vaše oko žrtvenika vaših!
৫আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম।
6 Gdje god boravili, gradovi će vaši biti opustošeni, uzvišice poharane, žrtvenici će vam opustjeti i biti uništeni, kumiri će vaši biti oboreni i nestat će ih, stupovi će vaši biti smrvljeni, sva će djela vaša propasti.
৬তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ’বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব।
7 Među vas će padati poginuli, i znat ćete da sam ja Jahve!
৭আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
8 Ali ću ipak poštedjeti neke od vas: ti će među narodima uteći maču kad se raspršite po zemljama.
৮তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।
9 Tada će se preživjeli među vama spomenuti mene među narodima kamo budu odvedeni u izgnanstvo, kad im slomim srce preljubničko što se odmetnulo od mene i kad im iskopam preljubničke oči što pođoše za kumirima njihovim. I tada će sami sebi omrznuti zbog nedjela što ih počiniše gadostima svojim.
৯আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
10 I spoznat će da sam ja Jahve: nisam im zaludu govorio da ću ih udariti svim tim zlom.'”
১০আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।
11 Ovako govori Jahve Gospod: “Pljesni rukama i lupni nogama, te reci: Jao! zbog svih gadnih nedjela dom će Izraelov pasti od mača, gladi i kuge!
১১প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব।
12 Tko bude daleko, od kuge će umrijeti; tko bude blizu, od mača će pasti, i tko bude opkoljen, od gladi će izdahnuti! Tako ću gnjev iskaliti na njima
১২দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
13 i spoznat će da sam ja Jahve kad im poginuli budu ležali među kumirima oko žrtvenika na svakome povišem brežuljku, nad svim vrhovima planinskim, pod svakim stablom zelenim, pod svakim hrastom granatim, gdje se god prinosio ugodan miris kumirima njihovim.
১৩য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
14 Ruku ću podići na njih i svu ću im zemlju pretvoriti u pustoš, od pustinje do Rible, posvuda gdje borave! I spoznat će da sam ja Jahve!”
১৪আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”