< Izlazak 17 >

1 Sva izraelska zajednica po Jahvinoj zapovijedi krene dalje iz pustinje Sina. Utabore se kod Refidima. Tu nije bilo vode da narod pije.
তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
2 Zato narod zapodjene prepirku s Mojsijem. Vikali su: “Daj nam vode da pijemo!” A Mojsije im odgovori: “Zašto se sa mnom prepirete? Zašto kušate Jahvu?”
সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে?” যিহোৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে?”
3 Ali je narod žeđao za vodom, pa je mrmljao na Mojsija i govorio: “Zašto si nas iz Egipta izveo? Zar da nas žeđom pomoriš, nas, našu djecu i našu stoku?”
লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
4 “Što ću s ovim narodom!” - zazivao je Mojsije Jahvu. “Još malo pa će me kamenovati.”
তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”
5 “Istupi pred narod!” - rekne Jahve Mojsiju. “Uzmi sa sobom nekoliko izraelskih starješina; uzmi u ruku štap kojim si udario Rijeku i pođi.
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজন মানক লগত লৈ, লোক সকলৰ আগে আগে যোৱা; আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা।
6 A ja ću stajati pred tobom ondje, na pećini na Horebu. Udari po pećini: iz nje će poteći voda, pa neka se narod napije.” Mojsije učini tako naočigled izraelskih starješina.
মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।
7 Mjesto prozovu Masa i Meriba, zbog toga što su se Izraelci prepirali i kušali Jahvu govoreći: “Je li Jahve među nama ili nije?”
মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।
8 Uto dođu Amalečani i zarate s Izraelcima kod Refidima.
সেই সময়ত অমালেকৰ লোকসকলে ৰফীদীমত ইস্ৰায়েলক আক্রমণ কৰিলে।
9 A Mojsije reče Jošui: “Odaberi momčad pa pođi i zapodjeni borbu s Amalečanima. Ja ću sutra stati na vrh brda, sa štapom Božjim u ruci.”
সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
10 Jošua učini kako mu je Mojsije rekao te zađe u borbu s Amalečanima, a Mojsije, Aron i Hur uzađoše na vrh brda.
১০মোচি, হাৰোণ, আৰু হূৰ যেতিয়া পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল, তেতিয়া যিহোচূৱাই মোচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে।
11 I dok bi Mojsije držao ruke uzdignute, Izraelci bi nadjačavali; a kad bi ruke spustio, nadjačavali bi Amalečani.
১১মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
12 Ali Mojsiju ruke napokon klonu. Zato uzeše kamen, staviše ga poda nj i on sjede, dok mu Aron i Hur, jedan s jedne, a drugi s druge strane, držahu ruke, tako da mu izdržaše do sunčanog zalaska.
১২এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত হ’ল। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল।
13 I Jošua oštricom mača svlada Amaleka i njegov narod.
১৩তেতিয়া যিহোচূৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে।
14 Onda Jahve reče Mojsiju: “Zapiši ovo u knjigu na sjećanje i utuvi u uši Jošui da ću ja spomen na Amalečane sasvim izbrisati pod nebom!”
১৪তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু যিহোচূৱাক শুনোৱা; কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম।”
15 Podiže zatim Mojsije žrtvenik i nazva ga: Jahve mi je stijeg!
১৫তেতিয়া মোচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি, তাৰ নাম “যিহোৱা-নিচ্চী” ৰাখিলে।
16 “Jer”, reče, “Jahvin stijeg u ruku! Jahvin je boj protiv Amalečana od naraštaja do naraštaja!”
১৬তেওঁ এইদৰে কৰিলে, কিয়নো তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ বিৰুদ্ধ কৰিলে, সেয়ে তেওঁ কৈছিল, “যিহোৱাই প্রতিজ্ঞা কৰিলে যে, তেওঁ পুৰুষে, পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।”

< Izlazak 17 >