< Propovjednik 6 >

1 I vidjeh: ima još jedno zlo pod suncem i teško tišti ljude.
মই সূর্যৰ তলত আন এক দুখৰ বিষয় দেখিলোঁ; সেয়ে মানুহৰ পক্ষে অতি কষ্টকৰ।
2 Nekomu Bog udijeli bogatstvo i blago i počasti te ima sve što mu duša poželi, ali mu ne udijeli da to i uživa, nego uživa tuđinac. To je ispraznost i grdna nevolja.
ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।
3 I velim: bolje je nedonošče od onoga koji bi rodio stotinu djece i živio mnogo godina, a sam se ne bi naužio dobra niti bi imao pogreba;
কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
4 jer je nedonošče uzalud došlo i u tamu otišlo i ime mu je tamom pokriveno;
সেই মৃত সন্তানে বৃথাই আহি আন্ধাৰতেই বিদায় লয় আৰু সেই কেঁচুৱাৰ নাম নাইকিয়া হৈ যায়।
5 sunca čak ne vidje niti spozna - a spokojnije je od onoga.
যদিও এই কেঁচুৱাটিয়ে কেতিয়াও সূৰ্য দেখা নাপায় অথবা একোকে নাজানে, তথাপিও সেই ধনী মানুহতকৈ সি অধিক বিশ্রাম পায়।
6 Pa kad bi takav živio i dvije tisuće godina, a svojeg dobra ne bi uživao, zar ne odlaze obojica jednako na isto mjesto?
এনেকি, যদি কোনো লোক দুই হাজাৰ বছৰো জীয়াই থাকে, কিন্তু জীৱনত সুখ নাপায়, তেন্তে তাৰ কি লাভ? সকলোৱেই জানো একে ঠাইলৈকে নাযায়?
7 Čovjek se trudi samo da bi jeo, a želudac njegov nikad da se nasiti.
মানুহৰ সকলো পৰিশ্ৰমেই তেওঁৰ পেটৰ কাৰণে, তথাপিও তেওঁৰ ভোক কেতিয়াও নপলায়।
8 Jer po čemu je mudrac bolji od luđaka i što reći o siromahu koji se umije držati pred ljudima?
অজ্ঞানতকৈ জ্ঞানী লোকৰ সুবিধা কি? আন লোকসকলৰ আগত কিদৰে চলিব লাগে, তাক জানিলে এজন দৰিদ্রৰ কি লাভ হয়?
9 Bolje je očima vidjeti nego duhom lutati. I to je ispraznost i pusta tlapnja.
অধিক পোৱাৰ বাসনাতকৈ বৰং চকুৱে যি দেখা পায়, তাতে সন্তুষ্ট থকা ভাল। ইও অসাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা হয়।
10 Što je već bilo, ime ima; i zna se što je čovjek; i on se ne može parbiti s jačim od sebe.
১০যি যি আছে, তাৰ নাম আগেয়ে দিয়া হৈছে; মানুহনো কি, তাকো জনা গৈছে যে তেওঁলোকে নিজতকৈ যি জনা শক্তিশালী, তেওঁৰ লগত যুঁজ কৰিব নোৱাৰে।
11 Što više riječi, to veća ispraznost svega, i koja je od toga korist čovjeku?
১১যিমানে বেছি কথা কোৱা হয়, সিমানে অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?
12 Tko zna što je dobro čovjeku u životu njegovu, za ono malo dana koje tako isprazno živi, koji mu prolaze kao sjena? Tko će kazati čovjeku što će biti poslije njega pod suncem?
১২মানুহৰ অসাৰ জীৱনকালত তেওঁৰ কাৰণে কি ভাল তাক কোনে জানে? তেওঁতো নিজৰ অল্পস্থায়ী দিনবোৰ এক ছাঁয়াৰ দৰে কটায়। তেওঁ গুছি যোৱাৰ পাছত সূর্যৰ তলত কি ঘটিব তাক কোনে তেওঁক ক’ব পাৰিব?

< Propovjednik 6 >