< Djela apostolska 18 >

1 Nakon toga napusti Pavao Atenu i ode u Korint.
ইয়াৰ পাছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল।
2 Ondje nađe nekog Židova imenom Akvilu, rodom iz Ponta, koji netom bijaše došao iz Italije sa svojom ženom Priscilom jer je Klaudije naredio da svi Židovi napuste Rim. Pohodio ih je
তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্যা প্ৰিষ্কিলাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল।
3 i, kako bijahu istog zanimanja, ostao kod njih i radio. Po zanimanju bijahu šatorari.
তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।
4 Svake je pak subote raspravljao u sinagogi i uvjeravao Židove i Grke.
প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।
5 Kad iz Makedonije pristigoše Sila i Timotej, Pavao se potpuno posveti Riječi svjedočeći Židovima da Isus jest Krist.
চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
6 Kako se pak oni stadoše protiviti i huliti, otrese on haljine i reče im: “Krv vaša na glave vaše! Ja sam nedužan. Od sada idem k poganima.”
যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
7 I ode odande te prijeđe u kuću nekoga bogobojazna čovjeka, imenom Ticija Justa, čija kuća bijaše tik do sinagoge.
পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল।
8 A nadstojnik sinagoge Krisp povjerova Gospodinu zajedno sa svim svojim domom. I mnogi od Korinćana koji su to slušali povjerovaše i pokrstiše se.
পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।
9 Jedne noći reče Gospodin Pavlu u viđenju: “Ne boj se, nego govori i ne daj se ušutkati!
প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
10 Ta ja sam s tobom i nitko se neće usuditi da ti naudi. Jer mnogo je naroda mojega u ovome gradu.”
১০মই তোমাৰ লগত আছোঁ, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’’
11 Tako se zadrža godinu i šest mjeseci naučavajući među njima riječ Božju.
১১তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে।
12 Ali dok je Galion bio prokonzul Ahaje, navališe Židovi jednodušno na Pavla, dovukoše ga u sudnicu
১২তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
13 i rekoše: “Ovaj potiče ljude da protiv zakona štuju Boga.”
১৩তেওঁলোকে কলে, “এই লোক জনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।”
14 Pavao samo što nije zaustio kadli Galion reče Židovima: “Da je posrijedi zločin kakav ili nedjelo opako, saslušao bih vas, Židovi, kako je pravo;
১৪পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
15 je li pak raspra o riječi i imenima i o nekom vašem zakonu, proviđajte sami; u tome ja ne želim biti sudac.”
১৫কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷”
16 I otpremi ih iz sudnice.
১৬পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰৰ আসনৰ পৰা আতৰ কৰিলে।
17 A oni svi pograbiše nadstojnika sinagoge Sostena i stadoše ga šibati pred sudnicom. Galion nije za to ništa mario.
১৭তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
18 Pavao osta još podosta vremena, a onda se oprosti s braćom pa pošto se u Kenhreji ošiša jer imaše zavjet, zaplovi prema Siriji, a s njime i Priscila i Akvila.
১৮পৌলে, সেই ঠাইতে বহু দিনলৈকে থাকি, ভাই সকলৰ পৰা বিদায় লৈ সাগৰীয় পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গ’ল৷ তেওঁ কিংক্ৰিয়াত নিজৰ মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সংকল্প আছিল।
19 Stigoše u Efez. Tu ih ostavi, a on uđe u sinagogu i stade raspravljati sa Židovima.
১৯ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে।
20 Oni ga zamole da ostanu duže vremena, ali on ne pristade,
২০তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল।
21 nego se oprosti: “Još ću se, reče, vratiti k vama, bude li Božja volja.” I otplovi iz Efeza.
২১“ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয় পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।
22 Kad stiže u Cezareju, uziđe pozdraviti Crkvu pa onda siđe u Antiohiju.
২২পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল।
23 Neko se vrijeme zadrža pa onda ode i zareda galacijskim područjem i Frigijom utvrđujući sve učenike.
২৩তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফিৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
24 Uto neki Židov imenom Apolon, rodom Aleksandrijac, čovjek rječit i upućen u Pisma, stiže u Efez.
২৪সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
25 On bijaše upućen u Put Gospodnji pa je vatrene duše govorio i naučavao pomno o Isusu, premda je znao samo za Ivanovo krštenje.
২৫তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল।
26 Poče on tako smjelo govoriti u sinagogi. Čuše ga Priscila i Akvila, uzeše ga k sebi i pomnije mu izložiše Put Božji.
২৬পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
27 A kad je nakanio otići u Ahaju, ohrabriše ga braća i napisaše učenicima da ga prime. Kad je stigao onamo, uvelike je koristio vjernicima po milosti
২৭যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
28 jer je snažno pobijao Židove javno pokazujući iz Pisama da Isus jest Krist.
২৮কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।

< Djela apostolska 18 >