< 2 Samuelova 14 >

1 A Joab, sin Sarvijin, opazi da se kraljevo srce okreće k Abšalomu.
পাছত চৰূয়াৰ পুত্ৰ যোৱাবে ৰজাৰ মন অবচালোমৰ প্ৰতি থকা বুজি,
2 Zato Joab pošalje u Tekou po jednu pametnu ženu i reče joj: “Učini se kao da si u žalosti za mrtvim, obuci žalobne haljine, nemoj se mazati uljem, nego budi kao žena koja je već dugo vremena u žalosti za mrtvim.
তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷
3 Otići ćeš kralju i govorit ćeš mu ovako.” I Joab je nauči što će govoriti.
তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
4 Žena iz Tekoe ode kralju, pade ničice na zemlju i pokloni se, zatim reče: “Pomozi, kralju!”
পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
5 Kralj je upita: “Što ti je?” A ona odgovori: “Ah, ja sam udovica. Muž mi je umro,
ৰজাই সুধিলে, “তোমাৰ কি হ’ল?” তাতে তাই ক’লে, “মই সঁচাকৈ এগৰাকী বিধৱা; মোৰ স্বামী মৰিল।
6 a tvoja je službenica imala dva sina. Oni se posvadiše u polju, a nije bilo nikoga da ih razdvoji te je jedan od njih udario svoga brata i ubio ga.
আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।
7 I sad se podiže sav rod na tvoju službenicu i reče: 'Predaj nam toga što je ubio svoga brata: mi ćemo ga pogubiti za život njegova brata koga je ubio, a time ćemo zatrti i baštinika.' Tako hoće da ugase žeravicu koja mi je ostala, da ne ostave mome mužu ni imena ni potomstva na zemlji.”
এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”
8 A kralj reče ženi: “Idi svojoj kući, ja ću odrediti što treba za te.”
তেতিয়া ৰজাই সেই মহিলাক ক’লে, “তুমি তোমাৰ ঘৰলৈ যোৱা, মই বাৰু কি কৰিব পাৰোঁ, তোমাৰ কাৰণে এই বিষয়ে আজ্ঞা দিম।”
9 A žena iz Tekoe reče kralju: “Gospodaru kralju! Neka na me i na moj očinski dom padne krivica; kralj i njegovo prijestolje nedužni su u tome!”
পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
10 A kralj nastavi: “Onoga koji ti se zaprijetio dovedi k meni! Taj te neće više dirnuti!”
১০তেতিয়া ৰজাই ক’লে, “কোনোৱে যদি তোমাক কিবা কয়, তেন্তে তাক মোৰ আগলৈ আনিবা, তাতে সি আৰু তোমাক নুচুব।”
11 A ona reče: “Neka se kralj udostoji spomenuti ime Jahve, svoga Boga, da krvni osvetnik neće umnožiti zator i da neće pogubiti moga sina!” A on obeća: “Tako mi živog Jahve, nijedna vlas neće pasti s glave tvome sinu!”
১১তেতিয়া সেই মহিলাই ক’লে, “মই মিনতি কৰিছোঁ, প্ৰতিকাৰ সাধকক নষ্ট কৰিবলৈ নিদিবলৈ মহাৰাজে নিজ ঈশ্বৰ যিহোৱাৰ নাম উচ্ছাৰণ কৰক; সেয়ে নহ’লে তেওঁলোকে মোৰ ল’ৰাটিক বিনষ্ট কৰিব।” ৰজাই ক’লে, “জীৱন্ত যিহোৱাৰ শপত, তোমাৰ ল’ৰাৰ এডালি চুলিও মাটিত নপৰিব।”
12 A žena nastavi: “Dopusti da tvoja službenica kaže jednu riječ svome gospodaru kralju.” A on odvrati: “Govori!”
১২তেতিয়া সেই মই ক’লে, “মই বিনয় কৰোঁ, আপোনাৰ বেটীক মোৰ প্ৰভু মহাৰাজৰ আগত এটি কথা ক’বলৈ দিয়ক।” তাতে ৰজাই ক’লে, “কোৱা।”
13 A žena reče: “Dakle, zašto je kralj - jer se izričući ovakvu presudu sam priznao krivim - donio protiv naroda Božjega odluku da ne pušta kući onoga koga je prognao?
১৩পাছে সেই মহিলাই ক’লে, “ঈশ্বৰৰ প্ৰজাৰ বিৰুদ্ধে আপুনি কিয় তেনে কল্পনা কৰিছে? সেই কথা কোৱাতে মহাৰাজ দোষী লোক যেন হৈছে, কাৰণ মহাৰাজে খেদি দিয়া পুত্ৰক ওভোটাই আনিব নোখোজে।
14 Mi smo svi osuđeni na smrt, slični smo vodi koja se prolije na zemlju i više se ne može skupiti, i Bog ne podiže mrtvaca: neka, dakle, kralj misli na to da prognanik ne ostane izagnan daleko od njega.
১৪কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
15 A razlog zašto sam došla da iznesem pred svoga gospodara kralja ovu stvar bio je taj što su me zaplašili ljudi, pa je mislila tvoja službenica: moram govoriti s kraljem, možda će kralj učiniti ono što mu njegova službenica kaže.
১৫এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।
16 Jer će kralj poslušati svoju službenicu i izbaviti je iz ruku čovjeka koji hoće da me istrijebi zajedno s mojim sinom iz Božje baštine.
১৬কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’
17 Zato je tvoja službenica pomislila: neka mi riječ moga gospodara i kralja bude na umirenje. Jer moj je gospodar i kralj kao Božji anđeo koji sluša dobro i zlo. Jahve, tvoj Bog, neka bude s tobom!”
১৭তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”
18 Tada progovori kralj i reče ženi: “Nemoj mi sada zatajiti ono što ću te pitati!” A žena odgovori: “Neka govori moj gospodar kralj!”
১৮তেতিয়া ৰজাই উত্তৰ দি সেই মহিলা গৰাকীক ক’লে, “মই বিনয় কৰোঁ, তোমাক মই যি সোধো, সেই বিষয়ে যেন একোকে মোৰ পৰা গুপুতে নাৰাখা।” তাতে তাই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এতিয়া কওঁক।”
19 Tada kralj upita: “Nisu li Joabovi prsti s tobom u svemu tome?” A žena odgovori: “Tako bio živ, gospodaru kralju, zaista se ne može ni desno ni lijevo od svega što je kazao moj gospodar i kralj! Jest, tvoj mi je sluga Joab zapovjedio, on je naučio tvoju službenicu sve ove riječi.
১৯ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
20 Tvoj je sluga Joab to učinio da bi svemu dao drugo lice, ali je moj gospodar mudar kao Božji anđeo, on zna sve što se zbiva na zemlji.”
২০যি যি ঘটি আছে তাৰ পৰিৱৰ্ত্তন কৰিবলৈহে আপোনাৰ দাস যোৱাবে এই কাৰ্য কৰিলে৷ পৃথিৱীত থকা সকলো বিষয় জানিবলৈ, মোৰ প্ৰভু, আপুনি ঈশ্বৰৰ দূতৰ নিচিনা জ্ঞানী।”
21 Tada se kralj okrenu Joabu i reče mu: “Dobro, učinit ću to. Idi i dovedi natrag mladića Abšaloma!”
২১তাৰ পাছত ৰজাই যোৱাবক ক’লে, “এতিয়া চোৱা, মই এনে কৰ্ম কৰিম৷ এই হেতুকে যোৱা, সেই ডেকা অবচালোমক পুনৰায় আনাগৈ।”
22 A Joab pade licem na zemlju, pokloni se i zahvali kralju; zatim reče Joab: “Danas vidi tvoj sluga da je našao milost u tvojim očima, gospodaru kralju, kad je kralj ispunio molbu svoga sluge.”
২২তাতে যোৱাবে মাটিত উবুৰি হৈ ৰজাক প্ৰণিপাত কৰিলে আৰু তেওঁক ধন্যবাদ জনালে৷ তেওঁ ৰজাক ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি আপোনাৰ দাসৰ নিবেদন অনুসাৰে যে কাৰ্য কৰিলে আৰু মই যে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, সেই বিষয়ে আজি আপোনাৰ এই দাসে জানিলে।”
23 Potom se diže Joab, ode u Gešur i dovede Abšaloma natrag u Jeruzalem.
২৩তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।
24 Ali kralj reče: “Neka ide u svoju kuću, a meni neka ne dolazi na oči!” I Abšalom se povuče u svoju kuću i ne dođe kralju na oči.
২৪তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।
25 U svemu Izraelu ne bijaše čovjeka tako lijepa kao Abšalom komu bi se mogle izreći tolike pohvale: od pete do glave nije bilo na njemu mane.
২৫সেই সময়ত গোটেই ইস্ৰায়েলৰ মাজত অবচালোমতকৈ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় তেনে কোনো পুৰুষ নাছিল৷ তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘূণ নাছিল।
26 A kad bi šišao kosu - a šišao ju je na koncu svake godine, jer mu je bila preteška pa ju je morao šišati - mjerio bi svoju kosu: bila bi teška dvije stotine šekela, po kraljevskoj mjeri.
২৬যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।
27 Abšalomu se rodiše tri sina i jedna kći po imenu Tamara; bila je to vrlo lijepa žena.
২৭অবচালোমৰ তিনটা পুত্ৰ আৰু তামাৰ নামেৰে এজনী জীয়েক জন্মে৷ সেই ছোৱালীজনী বৰ শুৱনী আছিল।
28 Abšalom provede dvije godine u Jeruzalemu a da nije došao kralju na oči.
২৮পাছত অবচালোমে ৰজাৰ মুখ নেদেখি সম্পূৰ্ণ দুবছৰ যিৰূচালেমত নিবাস কৰিলে৷
29 Tada Abšalom pozva Joaba k sebi da bi ga poslao kralju, ali Joab ne htjede doći k njemu; i posla drugi put po njega, ali on opet ne htjede doći.
২৯তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷
30 Tada Abšalom zapovjedi slugama: “Znate Joabovo polje koje je pokraj mojega i na kojem raste ječam: idite i zapalite ga!” I Abšalomove sluge zapališe ono polje.
৩০তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।
31 Tada se diže Joab, dođe k Abšalomu u kuću i upita ga: “Zašto su tvoje sluge zapalile moje polje?”
৩১তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”
32 A Abšalom odgovori Joabu: “Ja sam poslao k tebi i poručio ti: 'Dođi ovamo, želio bih te poslati kralju s ovom porukom: Zašto sam se vratio iz Gešura?' Bolje bi bilo za mene da sam još ondje. Zato sad hoću da dođem kralju na oči, pa ako ima na meni kakva krivica, neka me pogubi!”
৩২তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷”’”
33 Joab ode kralju i javi mu te riječi. Zatim kralj pozva Abšaloma. Dođe on pred kralja, pokloni mu se i pade ničice pred kralja. I kralj poljubi Abšaloma.
৩৩তেতিয়া যোৱাবে ৰজাৰ আগলৈ গৈ তেওঁক সেই কথা জনালে৷ যেতিয়া ৰজাই অবচালোমক মতাই আনিলে, তেতিয়া তেওঁ ৰজাৰ আগলৈ গৈ তললৈ মাটিত মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে আৰু তেতিয়া ৰজাই অবচালোমক চুমা খালে।

< 2 Samuelova 14 >