< 2 Kraljevima 10 >

1 U Samariji bijaše sedamdeset Ahabovih sinova. Jehu napisa pismo i posla ga u Samariju zapovjednicima grada, starješinama i skrbnicima Ahabove djece. Kazivaše u njemu:
চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
2 “Sada, kad vam stigne ovo pismo - vi, u kojih su sinovi vašeg gospodara, koji imate kola i konje, tvrde gradove i oružje -
“আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
3 pogledajte koji je između sinova vašeg gospodara najbolji i najdostojniji, pa ga postavite na prijestolje njegova oca i borite se za dom svoga gospodara.”
আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
4 Ali se oni veoma uplašiše i rekoše: “Eto, dva mu kralja nisu mogla odoljeti, kako ćemo mu mi odoljeti?”
কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
5 Upravitelj dvora, zapovjednik grada, starješine i skrbnici poručiše ovo Jehuu: “Mi smo tvoje sluge, činit ćemo sve što nam budeš naredio; kraljem proglašavati nećemo nikoga. Čini što misliš da je dobro.”
এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
6 Jehu im napisa drugo pismo i u njemu reče: “Ako ste za mene i želite me slušati, uzmite glave ljudi, sinova svoga gospodara, i potražite me sutra u ovo doba u Jizreelu.” Sedamdeset je naime kraljevih sinova bilo kod uglednih građana koji su ih odgajali.
তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
7 I kad im je stiglo ovo pismo, uzeli su kraljeve sinove i pobili ih svih sedamdeset. Njihove su glave metnuli u košare i poslali su ih njemu u Jizreel.
যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
8 Glasnik dođe i javi mu: “Donijeli su glave kraljevih sinova.” On reče: “Stavite ih do sutra kod ulaznih vrata, u dvije hrpe.”
তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
9 Ujutro iziđe, stade i reče svomu narodu: “Vi ste pravedni! Ja sam se urotio protiv svoga gospodara i ja sam ga ubio, ali tko pobi sve ove?
পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
10 Znajte, dakle, da nije izostala nijedna riječ koju reče Jahve o obitelji Ahabovoj; nego je Jahve izvršio sve što je rekao preko sluge svoga Ilije.”
১০এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
11 I Jehu pobi sve koji su u Jizreelu ostali iz kuće Ahabove, sve velikaše njegove, pouzdanike i svećenike njegove. Nije poštedio nikoga.
১১এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
12 Potom usta Jehu i pođe u Samariju. Kad je bio na cesti kod Bet Ekeda pastirskoga,
১২পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
13 nađe braću judejskog kralja Ahazje te ih upita: “Tko ste?” Oni mu odgovoriše: “Mi smo braća Ahazjina, a silazimo da pozdravimo sinove kraljeve i sinove kraljičine.”
১৩সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
14 Tada zapovjedi: “Pohvatajte ih žive!” I žive ih pohvataše i pobiše ih na studencu kod Bet Ekeda, njih četrdeset i dvojicu. Nije ostavio ni jednoga od njih.
১৪তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
15 Otišavši odatle, nađe Jonadaba, sina Rekabova, koji mu je dolazio u susret. On ga pozdravi i reče mu: “Je li tvoje srce iskreno prema mome, kao što je moje prema tvome srcu?” Jonadab odgovori: “Jest.” - “Ako je tako, daj mi ruku.” Jonadab mu pruži ruku i Jehu ga posadi kraj sebe na kola.
১৫সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
16 I reče mu: “Hodi sa mnom, divit ćeš se mojoj revnosti za Jahvu.” I odvede ga na svojim kolima.
১৬তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
17 Ušao je u Samariju i poubijao sve preživjele iz obitelji Ahabove u Samariji. Sve ih je iskorijenio po riječi koju Jahve bijaše rekao Iliji.
১৭পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
18 Jehu je sakupio sav narod i rekao mu: “Ahab je malo poštivao Baala; Jehu će ga više poštivati.
১৮তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
19 Sada mi pozovite sve proroke Baalove, sve njegove sluge i sve njegove svećenike, neka ni jedan ne izostane, jer ću žrtvovati veliku žrtvu Baalu. Tko izostane, izgubit će život.” Jehu je radio lukavo, da bi uništio Baalove vjernike.
১৯এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
20 Jehu reče: “Sazovite svečani zbor Baalu.” I sazvaše ga.
২০যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
21 Jehu je nato poslao glasnike po svem Izraelu i došli su svi Baalovi vjernici: nije bilo ni jednoga da bi izostao. Skupili su se u Baalov hram, koji se ispunio od jednoga zida do drugoga.
২১যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
22 Jehu reče čuvaru haljina: “Iznesi haljine svim Baalovim vjernicima.” I iznese im haljine.
২২তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
23 Jehu uđe u hram Baalov s Jonadabom, sinom Rekabovim, i reče Baalovim vjernicima: “Provjerite dobro da nema ovdje među vama Jahvina sluge nego samih Baalovih vjernika.”
২৩তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
24 I pođe žrtvovati klanice i paljenice. Ali je Jehu postavio vani osamdeset svojih ljudi i rekao im: “Ako koji od vas pusti da utekne i jedan od ovih ljudi što ih predajem u vaše ruke, svojim će životom platiti njegov život.”
২৪তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
25 Kad je Jehu završio prinos paljenice, naredi tjelesnoj straži i dvoranima: “Uđite, pobijte ih! Nitko neka ne iziđe!” Tjelesna straža i dvorani uđoše, pobiše ih oštricom mača i prodriješe sve do svetišta Baalova hrama.
২৫যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
26 Iznesoše Baalov lik iz hrama i spališe ga.
২৬তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
27 Raskopaše žrtvenik Baalov, srušiše i hram Baalov i pretvoriše ga u jame za nečist, koje su ostale do danas.
২৭তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
28 Tako je Jehu istrijebio Baala iz Izraela.
২৮এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
29 Ali se Jehu nije okrenuo od grijeha Jeroboama, sina Nebatova, kojima je zavodio Izraela, od zlatnih telaca u Betelu i Danu.
২৯কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
30 Jahve je rekao Jehuu: “Zato što si dobro izvršio ono što mi je po volji i što si učinio sve što sam nosio u srcu protiv kuće Ahabove, tvoji će sinovi sve do četvrtoga koljena sjediti na prijestolju Izraelovu.”
৩০যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
31 Ali Jehu nije vjerno i svim srcem svojim slijedio zakon Jahve, Boga Izraelova. Nije se odvratio od grijeha kojima je Jeroboam zavodio Izraela.
৩১তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
32 U ono je vrijeme Jahve počeo krnjiti zemlju izraelsku, i Hazael se tukao s Izraelcima na svom području,
৩২সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
33 od Jordana prema sunčevu izlasku, u svoj zemlji Gileadu, u zemlji Gadovoj, Rubenovoj i Manašeovoj, sve od Aroera na obali Arnona, do Gileada i Bašana.
৩৩তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
34 Ostala povijest Jehuova, sve što je učinio, sva njegova djela, zar to nije zapisano u knjizi Ljetopisa kraljeva izraelskih?
৩৪যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
35 Počinuo je kraj svojih otaca i pokopaše ga u Samariji. Joahaz, sin njegov, zakralji se mjesto njega.
৩৫পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
36 Jehu je vladao u Samariji nad Izraelom dvadeset i osam godina.
৩৬যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।

< 2 Kraljevima 10 >