< 2 Ljetopisa 36 >
1 Tada priprosti puk uze Jošijina sina Joahaza i zakralji ga u Jeruzalemu namjesto njegova oca.
১পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
2 Dvadeset i tri godine bile su Joahazu kad se zakraljio. Kraljevao je tri mjeseca u Jeruzalemu.
২যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।
3 Svrgao ga je egipatski kralj u Jeruzalemu i udario na zemlju danak od sto srebrnih talenata i jedan zlatni talenat.
৩মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে।
4 Egipatski kralj postavi za kralja nad Judejom i nad Jeruzalemom njegova brata Elijakima, promijenivši mu ime na Jojakim; njegova je brata Joahaza uzeo Neko i odveo u Egipat.
৪তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।
5 Dvadeset je i pet godina bilo Jojakimu kad se zakraljio. Kraljevao je jedanaest godina u Jeruzalemu; činio je što je zlo u očima Jahve, njegova Boga.
৫যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
6 Na nj je zaratio babilonski kralj Nabukodonozor i, svezavši ga u dvoje mjedene verige, odveo ga u Babilon.
৬তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।
7 Dio posuđa iz Jahvina Doma odnio je Nabukodonozor u Babilon i metnuo ga u svoj dvorac u Babilonu.
৭আৰু নবূখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
8 Ostala Jojakimova djela i gnusobe koje je činio i što se na njemu našlo, sve je zapisano u Knjizi o izraelskim i judejskim kraljevima. Na njegovo se mjesto zakraljio sin mu Jojakin.
৮চোৱা, যিহোয়াকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোয়াখীন তেওঁৰ পদত ৰজা হ’ল।
9 Osam je godina bilo Jojakinu kad se zakraljio, a kraljevao je tri mjeseca i deset dana u Jeruzalemu; činio je što je zlo u Jahvinim očima.
৯যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।
10 O godišnjoj je mijeni poslao kralj Nabukodonozor te su ga odveli u Babilon s dragocjenostima iz Jahvina Doma, a nad Judom i nad Jeruzalemom zakraljio je njegova rođaka Sidkiju.
১০পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
11 Dvadeset je i jedna godina bila Sidkiji kad se zakraljio, a kraljevao je jedanaest godina u Jeruzalemu.
১১চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।
12 Činio je što je zlo u očima Jahve, njegova Boga; nije se ponizio pred prorokom Jeremijom, koji mu je govorio iz Jahvinih usta,
১২তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে।
13 nego se još i pobunio protiv kralja Nabukodonozora, koji ga bijaše zakleo Bogom; ostao je tvrdoglav i uporan u srcu da se ne obrati Jahvi, Bogu Izraelovu.
১৩আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
14 Pa i svi su svećenički poglavari i narod gomilali nevjeru na nevjeru slijedeći gnusna djela krivobožačkih naroda, oskvrnjujući Dom Jahvin, posvećen u Jeruzalemu.
১৪বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
15 Jahve, Bog njihovih otaca, slao je k njima zarana svoje glasnike, slao ih svejednako, jer mu bijaše žao svojega naroda i svojega Prebivališta.
১৫তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
16 Ali su se oni rugali Božjim glasnicima, prezirući njegove riječi i podsmjehujući se njegovim prorocima, dok se nije podigla Jahvina jarost na njegov narod te više nije bilo lijeka.
১৬কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
17 Doveo je na njih kaldejskoga kralja, koji okrenu pod mač njihove mladiće u domu njihova Svetišta, ne štedeći ni mladića ni djevojke, ni starca ni nemoćna. Sve mu je predao u ruke.
১৭এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
18 Sve posuđe Božjega Doma, veliko i malo, blago Jahvina Doma i kraljevo blago, blago njegovih knezova, sve je odnio u Babilon.
১৮আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
19 Spalili su Božji Dom, oborili jeruzalemski zid i sve su njegove dragocjenosti uništili.
১৯আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
20 One što izbjegoše maču odvede Nabukodonozor u Babilon u sužanjstvo. Postali su robovi njemu i njegovim sinovima, dokle nije nastalo perzijsko kraljevstvo.
২০আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷
21 Da bi se ispunila riječ koju Jahve reče na Jeremijina usta: “Dokle se zemlja ne oduži svojim subotama, počivat će za sve vrijeme u pustoši dok se ne ispuni sedamdeset godina.”
২১যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।
22 Ali prve godine perzijskoga kralja Kira, da bi se ispunila riječ Jahvina objavljena na Jeremijina usta, podiže Jahve duh perzijskoga kralja Kira te on oglasi po svemu svojem kraljevstvu usmeno i pismeno:
২২পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে,
23 “Ovako veli perzijski kralj Kir: 'Sva zemaljska kraljevstva dade mi Jahve, Bog nebeski. On mi naloži da mu sagradim Dom u Jeruzalemu, u Judeji. Tko je god među vama od svega njegova naroda, Bog njegov bio s njim, pa neka ide onamo!'”
২৩“পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”