< 2 Ljetopisa 32 >
1 Poslije tih događaja i dokaza vjernosti dođe asirski kralj Sanherib i, ušavši u Judeju, opkoli tvrde gradove misleći ih osvojiti.
১এই সকলো কাৰ্যৰ আৰু বিশ্ৱস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
2 Ezekija, vidjevši gdje je došao Sanherib i kako snuje da zavojšti na Jeruzalem,
২হিষ্কিয়াই যেতিয়া চনহেৰীব অহা আৰু যিৰূচালেমৰ বিৰুদ্ধে তেওঁৰ যুদ্ধ কৰিবৰ মন থকা দেখিলে,
3 posavjetova se s knezovima i s junacima da začepi vodene izvore koji bijahu izvan grada. Oni mu podupriješe osnovu.
৩তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে; তাতে তেওঁলোকে তেওঁক সহায় কৰিলে।
4 Sabralo se mnogo naroda te su začepili sva vrela i potok koji teče posred zemlje; govorahu: “Zašto da asirski kraljevi nađu toliko vode kad dođu!”
৪তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক’লে, অচূৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব?”
5 Ezekija se osokolio, obnovio sav oboreni zid i podigao kule na njemu; izvana je sagradio drugi zid i utvrdio Milon u Davidovu gradu; napravio je mnogo kopalja i štitova,
৫এনেতে হিষ্কিয়াই সাহেৰে ভগা চিগা গড়বোৰ মেৰামত কৰি, ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে; আৰু বাহিৰত আন গড় সাজি দায়ুদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে।
6 zatim postavio vojvode nad narodom i, pozvavši ih k sebi na trg kraj gradskih vrata, ohrabri ih ovim riječima:
৬তেওঁ লোকসকলৰ ওপৰত সেনাপতিসকল নিযুক্ত কৰিলে৷ নগৰৰ দুৱাৰৰ ওচৰৰ মুকলি ঠাইত নিজৰ ওচৰত তেওঁলোকক গোটাই উৎসাহ দি তেওঁ এই কথা ক’লে,
7 “Budite hrabri i junaci; ne bojte se i ne plašite se asirskoga kralja, ni svega mnoštva što je s njim, jer je s nama moćniji nego s njim:
৭“তোমালোকে বলৱন্ত আৰু সাহসিয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্য সমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
8 s njim je tjelesna mišica, a s nama je Jahve, Bog naš, da nam pomaže i da bije naše bojeve.” Narod se uzda u riječi judejskoga kralja Ezekije.
৮তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
9 Poslije toga asirski je kralj Sanherib, dok bijaše kod Lakiša sa svom bojnom silom, poslao sluge u Jeruzalem k judejskome kralju Ezekiji i k svim Judejcima koji bijahu u Jeruzalemu i poručio im:
৯তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷
10 “Ovako veli asirski kralj Sanherib: 'U što se uzdate stojeći opsjednuti u Jeruzalemu?
১০“অচুৰৰ ৰজা চনহেৰীবে এই কথা কৈছে, ‘তোমালোকে কাৰ ওপৰত নির্ভৰ কৰি যিৰূচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা?
11 Ne zavodi li vas Ezekija da vas preda smrti od gladi i žeđi kad govori: Jahve, Bog naš, izbavit će nas iz ruke asirskoga kralja?
১১আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰজা অচুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব, এই কথা কৈ হিষ্কিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে?”
12 Nije li taj Ezekija uklonio njegove uzvišice i njegove žrtvenike; i zapovjedio Judejcima i Jeruzalemcima govoreći: Pred jednim se žrtvenikom klanjajte i na njemu kadite!
১২সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?”
13 Zar ne znate što sam učinio ja i moji preci od svih zemaljskih naroda? Zar su bogovi zemaljskih naroda mogli izbaviti svoje zemlje iz moje ruke?
১৩মই আৰু মোৰ ওপৰ-পিতৃসকলে দেশবোৰৰ আটাই জাতিক কি কৰিলোঁ, সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল?
14 Koji je među svim bogovima onih naroda što su ih sasvim uništili moji preci mogao izbaviti narod iz moje ruke, da bi mogao vaš Bog izbaviti vas iz moje ruke?'
১৪মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
15 Zato nemojte da vas sada Ezekija vara i da vas tako zavodi i ne vjerujte mu! Jer nijedan bog nikojega naroda ili kraljevstva nije mogao izbaviti svoga naroda iz moje ruke, ni iz ruke mojih predaka, a kamoli će vaš Bog izbaviti vas iz moje ruke!”
১৫এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।
16 Još su više njegove sluge napadale Boga Jahvu i njegova slugu Ezekiju.
১৬চনহেৰীবৰ দাসবোৰে আনকি ঈশ্বৰ যিহোৱাৰ আৰু তেওঁৰ দাস হিষ্কিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক’লে।
17 Napisao je i pismo ružeći Jahvu, Izraelova Boga: “Kao što bogovi zemaljskih naroda nisu izbavili svojih naroda iz moje ruke, tako neće ni Ezekijin Bog izbaviti svojega naroda iz moje ruke.”
১৭আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতি সমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”
18 I vikahu iza glasa, na judejskom jeziku, jeruzalemskom narodu koji bijaše na zidu da ga uplaše i prepadnu kako bi osvojili grad.
১৮তাৰ পাছত তেওঁলোকে নগৰ অধিকাৰ কৰি লোৱাৰ ছলেৰে, যিৰূচালেমৰ গড়ৰ ওপৰত থকা লোকসকলক ভয় দেখুৱাবলৈ আৰু বিহ্বল কৰিবলৈ ইব্ৰী ভাষাৰে তেওঁলোকলৈ বুলি বৰকৈ চিঞঁৰিবলৈ ধৰিলে।
19 Govorili su o jeruzalemskom Bogu kao o bogovima zemaljskih naroda, bogovima koji su djelo čovječjih ruku.
১৯আৰু পৃথিবীত থকা আন জাতি সমূহৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা, সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে যিৰূচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক’লে।
20 Stoga se pomoli kralj Ezekija i prorok Izaija, Amosov sin, i zazvaše nebo u pomoć.
২০পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
21 Tada Jahve posla anđela koji uništi sve hrabre junake, zapovjednike i vojvode u vojsci asirskoga kralja, tako da se vratio posramljen u svoju zemlju. A kad je ušao u hram svoga boga, sasjekli su ga ondje mačem neki koji su se rodili iz njegova krila.
২১তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
22 Tako je Jahve spasio Ezekiju i jeruzalemske stanovnike od ruke asirskoga kralja Sanheriba i iz ruku neprijatelja, te im dao mir odasvud uokolo.
২২সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।
23 Mnogi su donosili darove Jahvi u Jeruzalem i dragocjenosti judejskome kralju Ezekiji. Poslije toga Ezekija se uzvisio u očima svih naroda.
২৩তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতি সমূহৰ দৃষ্টিত মহান হ’ব।
24 U to se vrijeme Ezekija razbolio nasmrt, ali se pomolio Jahvi, koji mu je progovorio i učinio čudo.
২৪সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
25 Ali se Ezekija nije odužio dobročinstvu koje mu je iskazano, nego se uzoholio; stoga je došla srdžba na nj, na Judu i na Jeruzalem.
২৫কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
26 Ezekija se ponizio zato što mu se bilo uzoholilo srce, i on i Jeruzalemci, pa tako nije došla na njih Jahvina srdžba za Ezekijina života.
২৬অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।
27 Ezekija je stekao vrlo veliko bogatstvo i slavu; napravio je riznice za srebro i zlato, za drago kamenje, za miomirise, za štitove i za svakojake dragocjene posude;
২৭হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷
28 skladište za prirod od žita, od novog vina i ulja, staje za svakojaku stoku, torove za stada.
২৮আনকি তেওঁৰ শস্যৰ, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ-ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে।
29 Podigao je i gradove, imao je mnogo blaga, sitne stoke i goveda, jer mu je Bog dao vrlo veliko imanje.
২৯লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।
30 Isti je Ezekija začepio gornji izvor Gihonske vode i svrnuo je pravo na zapadnu stranu Davidova grada. Ezekija je bio sretan u svakom poslu.
৩০এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
31 Samo kad su došli poslanici babilonskih knezova, poslani k njemu da se propitaju za čudo koje se dogodilo u zemlji, ostavio ga je Bog da bi ga iskušao i da bi se doznalo sve što mu je u srcu.
৩১কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।
32 Ostala Ezekijina djela, njegova pobožnost, zapisani su u proročkom viđenju proroka Izaije, Amosova sina, i u Knjizi o judejskim i izraelskim kraljevima.
৩২হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
33 Ezekija je počinuo kod svojih otaca. Sahranili su ga na usponu kako se ide ka grobovima Davidovih sinova. Po smrti su mu odali počast svi Judejci i Jeruzalemci. Na njegovo se mjesto zakraljio sin mu Manaše.
৩৩পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।