< 1 Kraljevima 3 >
1 Salomon se sprijatelji s faraonom, kraljem egipatskim: oženi se kćerju faraonovom i uvede je u Davidov grad dokle ne dovrši gradnju svoga dvora, Hrama Jahvina i zidova oko Jeruzalema.
১চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।
2 Narod je pak prinosio žrtve na uzvišicama, jer još nije bio sagrađen do toga vremena dom imenu Jahvinu.
২লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
3 A Salomon je ljubio Jahvu: ravnao se prema naredbama svoga oca Davida, samo je prinosio klanice i kađenice na uzvišicama.
৩চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
4 Kralj ode u Gibeon da prinese žrtvu, jer ondje bijaše najveća uzvišica. Salomon prinese tisuću paljenica na tom žrtveniku.
৪পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
5 U Gibeonu se Jahve javi Salomonu noću u snu. Bog reče: “Traži što da ti dadem.”
৫গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
6 Salomon odgovori: “Veoma si naklon bio svome sluzi Davidu, mome ocu, jer je hodio pred tobom u vjernosti, pravednosti i poštenju srca svoga; i sačuvao si mu tu veliku milost i dao si da jedan od njegovih sinova sjedi na njegovu prijestolju.
৬তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
7 Sada, o Jahve, Bože moj, ti si učinio kraljem slugu svoga na mjesto moga oca Davida, a ja sam još sasvim mlad te još ne znam vladati.
৭এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
8 Tvoj je sluga usred naroda koji si izabrao; naroda brojnog, koji se ne da izbrojiti ni popisati.
৮আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
9 Podaj svome sluzi pronicavo srce da može suditi tvom narodu, razlikovati dobro od zla, jer tko bi mogao upravljati tvojim narodom koji je tako velik!”
৯এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
10 Bijaše milo Jahvi što je Salomon to zamolio.
১০চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
11 Zato mu Jahve reče: “Jer si to tražio, a nisi iskao ni duga života, ni bogatstva, ni smrti svojih neprijatelja, nego pronicavost u prosuđivanju pravice,
১১তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
12 evo ću učiniti po riječima tvojim: dajem ti srce mudro i razumno, kakvo nije imao nitko prije tebe niti će ga imati itko poslije tebe,
১২এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
13 ali ti dajem i što nisi tražio: bogatstvo i slavu kakve nema nitko među kraljevima.
১৩ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
14 I ako budeš stupao mojim putovima i budeš se držao mojih zakona i zapovijedi, kao što je činio tvoj otac David, umnožit ću tvoje dane.”
১৪তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
15 Salomon se probudi, i gle: bijaše to san. On se vrati u Jeruzalem i stade pred Kovčeg saveza Jahvina; prinese paljenice i žrtve pričesnice i priredi gozbu svim slugama svojim.
১৫তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
16 Tada dođoše dvije bludnice kralju i stadoše preda nj.
১৬সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।
17 I reče jedna žena: “Dopusti, gospodaru moj! Ja i ova žena u istoj kući živimo i ja sam rodila kraj nje u kući.
১৭তেওঁলোকৰ এজনীয়ে ক’লে, “হে মোৰ প্ৰভু, মই আৰু এই জনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এয়ে সৈতে ঘৰত থকা কালত এটি ল’ৰা প্ৰসৱ কৰিলোঁ।
18 A trećega dana poslije moga porođaja rodi i ova žena. Bile smo zajedno i nikoga stranog s nama; samo nas dvije u kući.
১৮পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এই জনী মহিলায়ো এটি ল’ৰা প্ৰসৱ কৰিলে৷ তেতিয়া আমি একে লগে আছিলোঁ৷ ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীয়ে আছিলোঁ।
19 Jedne noći umrije sin ove žene jer bijaše legla na njega.
১৯পাছত ৰাতি এইৰ ল’ৰাটি মৃত্যু হ’ল, কাৰণ এই তাৰ ওপৰত শুলে।
20 I ustade ona usred noći, uze moga sina o boku mojem, dok je tvoja sluškinja spavala, i stavi ga sebi u naručje, a svoga mrtvog sina stavi kraj mene.
২০তাতে তাই মাজনিশা উঠি, আপোনাৰ এই বেটী টোপনিত থাকোঁতে, মোৰ ল’ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে আৰু নিজৰ মৰা ল’ৰাটি আনি মোৰ বুকুত শুৱাই হ’ল।
21 A kad ujutro ustadoh da podojim svoga sina, gle: on mrtav! I kad sam pažljivije pogledala, razabrah: nije to moj sin koga sam ja rodila!”
২১পাছত ৰাতিপুৱা মই মোৰ ল’ৰাটিক পিয়াহ দিবলৈ উঠি দেখিলোঁ যে, সি মৰা৷ কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে, সি মই জন্ম দিয়া ল’ৰাটি নহয়।”
22 Tada reče druga žena: “Ne, nije tako. Moj je sin onaj živi, a tvoj je onaj koji je mrtav!” A prva joj odvrati: “Nije istina! Tvoj je sin onaj koji je mrtav, a moj je onaj koji živi!” I tako se prepirahu pred kraljem.
২২তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
23 A kralj onda progovori: “Ova kaže: 'Ovaj živi moj je sin, a onaj mrtvi tvoj'; druga pak kaže: 'Nije, nego je tvoj sin mrtav, a moj je onaj živi.'
২৩তেতিয়াই ৰজাই ক’লে, “এইজনীয়ে কৈছে, ‘জীয়াই থকা ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোমাৰ’, আৰু আন জনীয়ে কৈছে, ‘নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা ল’ৰাটো মোৰ।”
24 Donesite mi mač!” naredi kralj. I donesoše mač pred kralja,
২৪তেতিয়া ৰজাই আজ্ঞা কৰিলে, “মোলৈ এখন তৰোৱাল আনা।” তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ’ল।
25 a on reče: “Rasijecite živo dijete nadvoje i dajte polovinu jednoj, a polovinu drugoj.”
২৫তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
26 Tada ženu, majku živog djeteta, zabolje srce za sinom i povika ona kralju: “Ah, gospodaru! Neka se njoj dade dijete, samo ga nemojte ubijati!” A ona druga govoraše: “Neka ne bude ni meni ni tebi: rasijecite ga!”
২৬তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
27 Onda progovori kralj i reče: “Dajte dijete prvoj, nipošto ga ne ubijajte! Ona mu je majka.”
২৭তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
28 Sav je Izrael čuo presudu koju je izrekao kralj i poštovali su kralja, jer su vidjeli da je u njemu božanska mudrost u izricanju pravde.
২৮ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।