< 1 Ljetopisa 9 >

1 Svi su Izraelci bili upisani u plemenskim rodovnicima, a zapisani su i u Knjizi izraelskih kraljeva. A Judejci su zbog nevjere bili odvedeni u sužanjstvo u Babilon.
ইস্ৰায়েলৰ সকলো বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল। তেওঁলোকে ইস্ৰায়েলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিৱদ্ধ কৰি ৰাখিছিল। যিহূদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল।
2 Prvi su stanovnici na svojem posjedu i u svojim gradovima bili Izraelci, svećenici, leviti i netinci.
তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ’ল ইস্ৰায়েলীয়াসকল, পুৰোহিতসকল, লেবীয়াসকল, আৰু মন্দিৰৰ দাস সকল।
3 U Jeruzalemu su živjeli ljudi od Judinih sinova, od Benjaminovih sinova, od Efrajimovih i Manašeovih sinova, i to:
যিহূদা, বিন্যামীন, ইফ্ৰয়িম আৰু মনচিৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিছিল।
4 Utaj, sin Amihuda, sina Omrija, sina Imrija, sina Banija, od sinova Judina sina Peresa.
বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয়, ইম্ৰীয়ৰ পুত্র অম্রীয়, অম্রীয়ৰ পুত্র অম্মীহূদ, অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
5 Od Šilonaca: Asaja, prvenac, sa svojim sinovima.
চীলোনীয়াসকলৰ মাজৰ প্ৰথমে জন্ম হোৱা অচায়া আৰু তেওঁৰ পুত্রসকল।
6 Od Zarehovih sinova: Jeuel i njegova braća, šest stotina i devedeset.
জেৰহৰ বংশৰ লোকসকলৰ মাজৰ যুৱেল। তেওঁলোকৰ বংশৰ লোকসকলৰ সংখ্যা ছশ নব্বৈই জন আছিল।
7 Od Benjaminovih sinova Salu, sin Mešulama, sina Hodavje, Hasenuina sina;
বিন্যামীনৰ বংশৰ লোকসকলৰ মাজৰ হচ্ছনুৱাৰ পুত্র হোদবিয়া, হোদবিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র চল্লু।
8 Ibneja, Jerohamov sin, i Ela, sin Uzije, Mokrijeva sina, i Mešulam, sin Šefatje, sina Reuela, Ibnijina sina.
তাত যিৰোহমৰ পুত্র যিবনিয়াও আছিল। যিবনিয়াৰ পুত্র ৰূৱেল, ৰূৱেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র মিক্ৰী, মিক্ৰীৰ পুত্র উজ্জী, আৰু উজ্জীৰ পুত্র এলা আছিল।
9 Imali su po svojim rodovima devet stotina pedeset i šestero braće. Svi su oni bili glavari, svaki svoga roda.
তেওঁলোকৰ সম্বন্ধীয় বংশাৱলীৰ তালিকা অনুসাৰে লোকৰ সংখ্যা আছিল, নশ ছাপন্ন জন। এই সকলো লোক নিজৰ বংশৰ নেতৃত্বত আছিল।
10 Od svećenika: Jedaja, Jojarib i Jakin,
১০পুৰোহিতসকলৰ মাজৰ যিদয়া, যিহোয়াৰীব, আৰু যাখীন;
11 Azarja, sin Hilkije, sina Mešulama, sina Sadoka, sina Merajota, Ahitubova sina, predstojnik Doma Božjeg.
১১অহীটুবৰ পুত্র মৰায়োত, মৰায়োতৰ পুত্র চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া ঈশ্বৰৰ গৃহৰ প্রধান অধ্যক্ষ আছিল।
12 Adaja, sin Jerohama, sina Pašhura, Malkijina sina, Masaj, sin Adiela, sina Jahzere, sina Mešulama, sina Mešilemita, Imerova sina.
১২মল্কীয়াৰ পুত্র পচহুৰ, পচহুৰৰ পুত্র যিৰিহোম, যিৰিহোমৰ পুত্র অদায়া আছিল। ইম্মেৰৰ পুত্র মচিল্লেমীত, মচিল্লেমীতৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র যহজেৰা, যহজেৰাৰ পুত্র আদিয়েল, আদিয়েলৰ পুত্র মাচয়ো আছিল।
13 Njihove braće, glava obitelji, boraca što su obavljali službu u Domu Božjem, bilo je tisuću sedam stotina i šezdeset.
১৩তেওঁলোকৰ সম্পৰ্কীয় গোষ্ঠীৰ নেতৃত্বত যি সকল আছিল, তেওঁলোকৰ সংখ্যা এক হাজাৰ সাত শ ষাঠি জন। তেওঁলোক ঈশ্বৰৰ গৃহত কাম কৰাৰ বাবে অতি সক্ষম লোক আছিল।
14 Od levita Šemaja, sin Hašuba, sin Azrikama, Hašabjina sina, između Merarijevih sinova;
১৪লেবীয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্ছুব, হচ্ছুবৰ পুত্র চময়া আছিল।
15 Bakbakar, Hereš, Galal i Matanija, sin Mike, sina Zikrija, Asafova sina;
১৫তাত বকবক্কৰ, হেৰচ, গালল, আচফৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ নাতি মীখাৰ পুত্র মত্তনিয়াও আছিল।
16 Obadja, sin Šemaje, sina Galala, Jedutunova sina, i Berekja, sin Ase, Elkanina sina, koji je živio u Netofatskim selima.
১৬ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।
17 Vratari: Šalum, Akub, Talmon i Ahiman, i njihova braća; Šalum je bio poglavar,
১৭দুৱৰীসকল চল্লুম, অক্কুব, টলমোন, অহীমন, আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লূম তেওঁলোকৰ নেতা আছিল।
18 i dosad je bio na kraljevskim vratima prema istoku. Oni su bili vratari po četama levita.
১৮তেওঁলোক আগৰ পৰা লেবী বংশৰ ছাউনিৰ পূবদিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল।
19 Šalum, sin Korea, sina Abjasafa, Korahova sina, sa svojom braćom Korahovcima iz njihove obitelji, bili su odgovorni za bogoslužje; oni su čuvali pragove Šatora, dok su njihovi oci čuvali ulaz u Jahvin tabor.
১৯কোৰহৰ পুত্র অবিয়াচফ, অবিয়াচফ পুত্র কোৰি, কোৰিৰ পুত্র চল্লুম, আৰু তেওঁৰ পিতৃ বংশত কোৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকহে যিহোৱা থকা ঠাইৰ প্ৰবেশস্থানৰ ৰখীয়া হৈছিল।
20 Eleazarov sin Pinhas bio je predstojnik nad njima nekada (Jahve bio s njim!).
২০পূর্বে ইলিয়াজৰৰ পুত্ৰ পীনহচ তেওঁলোকৰ প্রধান অধ্যক্ষ আছিল, আৰু যিহোৱা তেওঁৰ লগত আছিল।
21 Mešelemjin sin Zaharija bio je vratar na vratima Šatora sastanka.
২১মেচেলিয়ামৰ পুত্ৰ জখৰিয়া “সাক্ষাত কৰা তম্বুৰ” দুৱাৰ ৰখীয়া আছিল।
22 Svih izabranih vratara pragova bilo je dvjesta i dvanaest. Bili su upisani u rodovnike u svojim selima. Postavili su ih u službu David i vidjelac Samuel zbog njihove vjernosti.
২২যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
23 Oni i njihovi sinovi čuvali su stražu na vratima Doma Jahvina, Doma Šatora.
২৩সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।
24 Vratari su stajali na četiri strane: na istoku, na zapadu, na sjeveru i na jugu.
২৪দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।
25 Njihova braća po selima dolazila su od vremena do vremena da im se pridruže po sedam dana.
২৫তেওঁলোকৰ গাঁৱত থকা ভাইসকল সাত দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল।
26 Samo su četiri vratarska predstojnika bila neprestano u službi. Bili su leviti, postavljeni nad sobama i nad riznicama Božjega Doma.
২৬কিন্তু চাৰিজন প্ৰধান লেবীয়া দুৱৰী আছিল, তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঁঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল।
27 Noćivali su oko Božjega Doma jer im je bila dužnost da stražare i da otključavaju svako jutro.
২৭তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰখিবলৈ তেওঁলোকৰ ওপৰত দ্বায়ীত্ব আছিল। তেওঁলোকে প্রতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল।
28 Neki su od njih bili odgovorni za bogoslužno posuđe. Prebrojavali su ga kad bi ga unosili i kad bi ga iznosili.
২৮তেওঁলোকৰ কিছুমান লোক মন্দিৰৰ আহিলা পাতিৰ অধ্যক্ষ আছিল; যেতিয়া তেওঁলোকে সেইবোৰ বাহিৰলৈ আনিছিল বা ভিতৰলৈ নিছিল তেতিয়া গণনা কৰিছিল।
29 Neki su se od njih brinuli za pokućstvo, sve posvećene stvari, fino brašno, vino, ulje, tamjan i miomirise;
২৯তেওঁলোকৰ কিছুমান লোকক আহিলাপাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ, আৰু মচলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈও নিযুক্ত কৰা হৈছিল।
30 a neki od svećeničkih sinova miješali su pomast od miomirisa.
৩০পুৰোহিতসকলৰ কিছুমান পুত্রই মচলা মিহলি কৰিছিল।
31 Matitja, jedan od levita, prvenac Šaluma Korahovca, brinuo se za stvari koje se peku na tavi.
৩১লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।
32 Neki od Kehatovaca, njihove braće, bili su odgovorni za kruhove što se postavljaju svake subote.
৩২তেওঁলোকৰ ভায়েকসকলৰ মাজত কহাতৰ বংশৰ কিছুমান লোক প্ৰত্যেক বিশ্ৰাম-বাৰত দৰ্শন-পিঠা যুগুত কৰিবলৈ নিযুক্ত আছিল।
33 Oni su bili i pjevači, glavari levitskih obitelji. Kad su bili slobodni, živjeli su u hramskih sobama, jer su dan i noć bili na dužnosti.
৩৩গায়কসকল আৰু লেবীয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে-ৰাতিয়ে নিযুক্ত কৰি দিয়া দ্বায়ীত্ব বহন কৰিছিল, সেয়ে যেতিয়া তেওঁলোক নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঁঠাবোৰত থাকিছিল।
34 To su bili glavari levitskih obitelji prema svom srodstvu. Ti su poglavari živjeli u Jeruzalemu.
৩৪লেবীয়াসকলৰ মাজত পৰিয়ালৰ নেতাসকলৰ তালিকা বংশাৱলীত লিপিৱদ্ধ কৰা আছিল। তেওঁলোক যিৰূচালেমত বাস কৰিছিল।
35 U Gibeonu su živjeli: Gibeonov otac Jeiel, čijoj je ženi bilo ime Maaka.
৩৫গিবিয়োনৰ পিতৃ যিয়ীয়েল, তেওঁৰ ভাৰ্য্যাৰ নাম মাখা। তেওঁলোক গিবিয়োনত বাস কৰিছিল।
36 Sin mu je prvenac bio Abdon, pa Sur, Kiš, Baal, Ner, Nadab,
৩৬তেওঁৰ প্ৰথমে জন্ম হোৱা পুত্ৰ আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নেৰ, নাদব,
37 Gedor, Ahjo, Zaharija i Miklot.
৩৭গদোৰ, অহিয়ো, জখৰিয়া, আৰু মিক্লোৎ।
38 Miklot rodi Šimeama. I oni su živjeli u Jeruzalemu, naprama svojoj braći.
৩৮মিক্লোতৰ পুত্র চিমিয়াম। তেওঁলোকেও নিজৰ ভায়েকসকলৰ ওচৰত যিৰূচালেমত বাস কৰিছিল।
39 Ner rodi Kiša; a Kiš rodi Šaula; Šaul rodi Jonatana, Malki-Šuu, Abinadaba i Ešbaala.
৩৯নেৰৰ পুত্র কীচ, কীচৰ পুত্র চৌল, চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব আৰু ইচবাল,
40 Jonatanov je sin bio Merib Baal. Merib Baal rodi Miku.
৪০যোনাথনৰ পুত্র মাৰীব-বাল, মৰীব-বালৰ পুত্র মীখা,
41 Mikini su sinovi bili: Piton, Melek, Tahrea i Ahaz.
৪১মীখাৰ পুত্র পীথোন, মেলক, তহৰেয়া, আৰু আহজ,
42 Ahaz rodi Jaru; Jara rodi Alemeta, Azmaveta i Zimrija; Zimri rodi Mosu.
৪২আহজৰ পুত্র যৰা, যৰাৰ পুত্র অলেমৎ, অজমাবৎ, আৰু যিম্ৰী, যিম্ৰীৰ পুত্র মোচা,
43 Mosa rodi Binu; njegov je sin bio Rafaja, njegov sin Elasa, njegov sin Asel.
৪৩মোচাৰ পুত্র বিনিয়া, বিনিয়াৰ পুত্র ৰফায়া, ৰফায়াৰ পুত্র ইলিয়াচা, ইলিয়াচাৰ পুত্র আচেল,
44 Asel je imao šest sinova, kojima su imena: Azrikam, Bokru, Jišmael, Šearja, Obadja i Hanan; to su Aselovi sinovi.
৪৪আচেলৰ ছয় জন পুত্র আছিল, তেওঁলোকৰ নাম অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন।

< 1 Ljetopisa 9 >