< ⳘⲀⲦⲐⲈⲞⲚ 19 >
1 ⲁ̅ ⲁⲥϣⲱⲡⲉ ⲇⲉ ⲛⲧⲉⲣⲉⲓ̅ⲥ̅ ϫⲱⲕ ⲉⲃⲟⲗ ⲛⲛⲉⲓϣⲁϫⲉ. ⲁϥⲡⲱⲱⲛⲉ ⲉⲃⲟⲗ ϩⲛⲧⲅⲁⲗⲓⲗⲁⲓⲁ ⲁϥⲉⲓ ⲉϩⲣⲁⲓ ⲉⲛⲧⲟϣ ⲛϯⲟⲩⲇⲁⲓⲁ ⲡⲉⲕⲣⲟ ⲙⲡⲉⲓⲟⲣⲇⲁⲛⲏⲥ.
১এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷
2 ⲃ̅ ⲁⲩⲟⲩⲁϩⲟⲩ ⲛⲥⲱϥ ⲛϭⲓϩⲉⲛⲙⲏⲏϣⲉ ⲉⲛⲁϣⲱⲟⲩ ⲁϥⲣⲡⲁϩⲣⲉ ⲉⲣⲟⲟⲩ ϩⲙⲡⲙⲁ ⲉⲧⲙⲙⲁⲩ.
২মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
3 ⲅ̅ ⲁⲩϯⲡⲉⲩⲟⲩⲟⲓ ⲉⲣⲟϥ ⲛϭⲓⲛⲉⲫⲁⲣⲓⲥⲥⲁⲓⲟⲥ ⲉⲩⲡⲓⲣⲁⲍⲉ ⲙⲙⲟϥ ⲉⲩϫⲱ ⲙⲙⲟⲥ. ϫⲉ ⲉⲛⲉⲉⲝⲉⲥⲧⲉⲓ ⲙⲡⲣⲱⲙⲉ ⲉⲛⲟⲩϫⲉ ⲉⲃⲟⲗ ⲛⲧⲉϥⲥϩⲓⲙⲉ ⲕⲁⲧⲁⲁⲓⲧⲓⲁ ⲛⲓⲙ.
৩সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”
4 ⲇ̅ ⲛⲧⲟϥ ⲇⲉ ⲁϥⲟⲩⲱϣⲃ ⲉⲩϫⲱ ⲙⲙⲟⲥ. ϫⲉ ⲙⲡⲉⲧⲛⲟϣϥ ϫⲉ ⲡⲉⲛⲧⲁϥⲥⲱⲛⲧ ϫⲓⲛⲛϣⲟⲣⲡ ⲛⲧⲁϥⲧⲁⲙⲉⲓⲉⲟⲩϩⲟⲟⲩⲧ ⲙⲛⲟⲩⲥϩⲓⲙⲉ.
৪তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?
5 ⲉ̅ ⲁⲩⲱ ⲉⲧⲃⲉⲡⲁⲓ ⲡⲣⲱⲙⲉ ⲛⲁⲕⲁⲡⲉϥⲉⲓⲱⲧ ⲛⲥⲱϥ ⲙⲛⲧⲉϥⲙⲁⲁⲩ ⲛϥⲧⲱϭⲉ ⲙⲙⲟϥ ⲉⲧⲉϥⲥϩⲓⲙⲉ ⲛⲥⲉϣⲱⲡⲉ ⲙⲡⲉⲥⲛⲁⲩ ⲉⲩⲥⲁⲣⲝ ⲛⲟⲩⲱⲧ.
৫তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?
6 ⲋ̅ ϩⲱⲥⲧⲉ ϭⲉ ⲛⲥⲛⲁⲩ ⲁⲛ ⲛⲉ. ⲁⲗⲗⲁ ⲟⲩⲥⲁⲣⲝ ⲛⲟⲩⲱⲧ ⲧⲉ. ⲡⲉⲛⲧⲁⲡⲛⲟⲩⲧⲉ ϭⲉ ϣⲟⲛⲃⲉϥ ⲙⲡⲣⲧⲣⲉⲛⲣⲱⲙⲉ ⲡⲟⲣϫϥ.
৬তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
7 ⲍ̅ ⲡⲉϫⲁⲩ ⲛⲁϥ ϫⲉ ⲉⲧⲃⲉⲟⲩ ϭⲉ ⲁⲙⲱⲩⲥⲏⲥ ϩⲱⲛ ⲉⲧⲟⲟⲧⲛ ⲉϯ ⲛⲁⲩ ⲛⲟⲩϫⲱⲱⲙⲉ ⲛⲧⲟⲩⲉⲓⲟ ⲉⲛⲟϫⲟⲩ ⲉⲃⲟⲗ.
৭তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”?
8 ⲏ̅ ⲡⲉϫⲁϥ ⲛⲁⲩ. ϫⲉ ⲉⲧⲃⲉⲧⲉⲧⲛⲙⲛⲧⲛⲁϣⲧϩⲏⲧ. ⲁⲙⲱⲩⲥⲏⲥ ϯⲧⲉϩⲓⲏ ⲛⲏⲧⲛ ⲉⲛⲟⲩϫⲉ ⲉⲃⲟⲗ ⲛⲛⲉⲧⲛϩⲓⲟⲙⲉ. ϫⲓⲛⲧⲉϩⲟⲩⲉⲓⲧⲉ ⲇⲉ ⲙⲡⲉⲥϣⲱⲡⲉ ϩⲓⲛⲁⲓ.
৮যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।
9 ⲑ̅ ϯϫⲱ ⲇⲉ ⲙⲙⲟⲥ ⲛⲏⲧⲛ ϫⲉ ⲡⲉⲧⲛⲁⲛⲟⲩϫⲉ ⲉⲃⲟⲗ ⲛⲧⲉϥⲥϩⲓⲙⲉ ⲁϫⲛϣⲁϫⲉ ⲙⲡⲟⲣⲛⲓⲁ ⲛϥϩⲙⲟⲟⲥ ⲙⲛⲕⲉⲟⲩⲉⲓ ϥⲟ ⲛⲛⲟⲉⲓⲕ.
৯সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
10 ⲓ̅ ⲡⲉϫⲁⲩ ⲛⲁϥ ⲛϭⲓⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϫⲉ ⲉϣϫⲉⲧⲁⲓ ⲧⲉ ⲧⲉⲧⲓⲁ ⲙⲡⲣⲱⲙⲉ ⲙⲛⲧⲉϥⲥϩⲓⲙⲉ ⲛⲥⲣⲛⲟϥⲣⲉ ⲁⲛ ⲉϫⲓϩⲓⲙⲉ.
১০তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।
11 ⲓ̅ⲁ̅ ⲛⲧⲟϥ ⲇⲉ ⲡⲉϫⲁϥ ⲛⲁⲩ ϫⲉ ⲙⲛⲟⲩⲟⲛ ⲛⲓⲙ ⲛⲁϥⲓ ϩⲁⲡⲉⲓϣⲁϫⲉ. ⲁⲗⲗⲁ ⲛⲉⲛⲧⲁⲩⲧⲁⲁϥ ⲛⲁⲩ ⲛⲉ.
১১যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
12 ⲓ̅ⲃ̅ ⲟⲩⲛϩⲉⲛⲥⲓⲟⲩⲣ ⲅⲁⲣ ⲛⲧⲁⲩϫⲡⲟⲟⲩ ⲉⲃⲟⲗ ⲛϩⲏⲧⲥ ⲛⲧⲉⲩⲙⲁⲁⲩ ⲛⲧⲉⲓϩⲉ. ⲁⲩⲱ ⲟⲩⲛϩⲉⲛⲥⲓⲟⲩⲣ ⲛⲁⲓ ⲛⲧⲁⲩⲁⲁⲩ ⲛⲥⲓⲟⲩⲣ ⲉⲃⲟⲗ ϩⲓⲧⲟⲟⲧⲟⲩ ⲛⲛⲣⲱⲙⲉ. ⲁⲩⲱ ⲟⲩⲛϩⲉⲛⲥⲓⲟⲩⲣ ⲛⲁⲓ ⲛⲧⲁⲩⲁⲁⲩ ⲛⲥⲓⲟⲩⲣ ⲙⲙⲓⲛ ⲙⲙⲟⲟⲩ ⲉⲧⲃⲉⲧⲙⲛⲧⲣⲣⲟ ⲛⲙⲡⲏⲩⲉ. ⲡⲉⲧⲉⲟⲩⲛϭⲟⲙ ⲙⲙⲟϥ ⲉϥⲓ ⲙⲁⲣⲉϥϥⲓ.
১২কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
13 ⲓ̅ⲅ̅ ⲧⲟⲧⲉ ⲁⲩⲉⲓⲛⲉ ⲛⲁϥ ⲛϩⲉⲛϣⲏⲣⲉ ϣⲏⲙ ϫⲉⲕⲁⲥ ⲉϥⲉⲧⲁⲗⲉⲛⲉϥϭⲓϫ ⲉϩⲣⲁⲓ ⲉϫⲱⲟⲩ ⲛϥϣⲗⲏⲗ. ⲙⲙⲁⲑⲏⲧⲏⲥ ⲇⲉ ⲁⲩⲉⲡⲓⲧⲓⲙⲁ ⲛⲁⲩ.
১৩তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।
14 ⲓ̅ⲇ̅ ⲡⲉϫⲁϥ ⲇⲉ ⲛϭⲓⲓ̅ⲥ̅ ϫⲉ ⲕⲁⲛϣⲏⲣⲉ ϣⲏⲙ ⲁⲩⲱ ⲙⲡⲣⲕⲱⲗⲩ ⲙⲙⲟⲟⲩ ⲉⲧⲣⲉⲩⲉⲓ ϣⲁⲣⲟⲓ. ⲧⲁⲛⲁⲓ ⲅⲁⲣ ⲛⲧⲉⲓⲙⲓⲛⲉ ⲧⲉ ⲧⲙⲛⲧⲣⲣⲟ ⲛⲙⲡⲏⲩⲉ.
১৪তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”
15 ⲓ̅ⲉ̅ ⲁϥⲧⲁⲗⲉⲛⲉϥϭⲓϫ ⲉϩⲣⲁⲓ ⲉϫⲱⲟⲩ ⲁϥⲃⲱⲕ ⲉⲃⲟⲗ ϩⲙⲡⲙⲁ ⲉⲧⲙⲙⲁⲩ.
১৫ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।
16 ⲓ̅ⲋ̅ ⲉⲓⲥⲟⲩⲁ ⲇⲉ ⲁϥϯⲡⲉϥⲟⲩⲟⲓ ⲉⲣⲟϥ ⲉϥϫⲱ ⲙⲙⲟⲥ. ϫⲉ ⲡⲥⲁϩ ⲛⲁⲅⲁⲑⲟⲥ ⲟⲩ ⲡⲉϯⲛⲁⲁⲁϥ ϫⲉⲕⲁⲥ ⲉⲓⲉϫⲓ ⲙⲡⲱⲛϩ ϣⲁⲉⲛⲉϩ. (aiōnios )
১৬এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”? (aiōnios )
17 ⲓ̅ⲍ̅ ⲛⲧⲟϥ ⲇⲉ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⲁϩⲣⲟⲕ ⲕⲙⲟⲩⲧⲉ ⲉⲣⲟⲓ ϫⲉ ⲡⲁⲅⲁⲑⲟⲥ ⲙⲛⲁⲅⲁⲑⲟⲥ ⲛⲥⲁⲟⲩⲁ ⲡⲛⲟⲩⲧⲉ. ⲉϣⲱⲡⲉ ⲇⲉ ⲕⲟⲩⲱϣ ⲉⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉⲡⲱⲛϩ ϩⲁⲣⲉϩ ⲉⲛⲉⲛⲧⲟⲗⲏ.
১৭যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
18 ⲓ̅ⲏ̅ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⲁϣ ⲛⲉ. ⲛⲧⲟϥ ⲇⲉ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⲛⲛⲉⲕϩⲱⲧⲃ. ⲛⲛⲉⲕⲣⲛⲟⲉⲓⲕ. ⲛⲛⲉⲕϫⲓⲟⲩⲉ. ⲛⲛⲉⲕⲣⲙⲛⲧⲣⲉ ⲛⲛⲟⲩϫ.
১৮মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
19 ⲓ̅ⲑ̅ ⲉⲕⲉⲧⲁⲉⲓⲉⲡⲉⲕⲉⲓⲱⲧ ⲙⲛⲧⲉⲕⲙⲁⲁⲩ ⲁⲩⲱ ⲛⲅⲙⲉⲣⲉⲡⲉⲧϩⲓⲧⲟⲩⲱⲕ ⲛⲧⲉⲕϩⲉ.
১৯মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
20 ⲕ̅ ⲡⲉϫⲁϥ ⲛⲁϥ ⲛϭⲓⲡϩⲣϣⲓⲣⲉ ϫⲉ ⲛⲁⲓ ⲧⲏⲣⲟⲩ ⲁⲓϩⲁⲣⲉϩ ⲉⲣⲟⲟⲩ ϫⲓⲛⲉⲧⲁⲙⲛⲧⲕⲟⲩⲓ. ⲟⲩ ⲟⲛ ⲡⲉϯϣⲁⲁⲧ ⲙⲙⲟϥ.
২০সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?
21 ⲕ̅ⲁ̅ ⲡⲉϫⲁϥ ⲛⲁϥ ⲛϭⲓⲓ̅ⲥ̅. ϫⲉ ⲉϣϫⲉⲕⲟⲩⲱϣ ⲉⲣⲧⲉⲗⲓⲟⲥ. ⲃⲱⲕ ⲛⲅϯ ⲉⲃⲟⲗ ⲛⲛⲉⲕϩⲩⲡⲁⲣⲭⲟⲛⲧⲁ ⲧⲏⲣⲟⲩ ⲛⲅⲧⲁⲁⲩ ⲛⲛϩⲏⲕⲉ ⲛⲅⲕⲱ ⲛⲁⲕ ⲛⲟⲩⲁϩⲟ ϩⲣⲁⲓ ϩⲛⲙⲡⲏⲩⲉ ⲛⲅⲉⲓ ⲛⲅⲟⲩⲁϩⲕ ⲛⲥⲱⲓ.
২১যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।
22 ⲕ̅ⲃ̅ ⲁϥⲥⲱⲧⲙ ⲇⲉ ⲛϭⲓⲡϩⲣϣⲓⲣⲉ ⲉⲡϣⲁϫⲉ ⲁϥⲃⲱⲕ ⲉϥⲗⲩⲡⲉⲓ. ⲉⲛⲉⲩⲛⲧⲁϥ ⲅⲁⲣ ⲙⲙⲁⲩ ⲛϩⲁϩ ⲛⲛⲕⲁ.
২২এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
23 ⲕ̅ⲅ̅ ⲓ̅ⲥ̅ ⲇⲉ ⲡⲉϫⲁϥ ⲛⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ. ϫⲉ ϩⲁⲙⲏⲛ ϯϫⲱ ⲙⲙⲟⲥ ⲛⲏⲧⲛ ϫⲉ ⲥⲙⲟⲕϩ ⲉⲧⲣⲉⲛⲣⲙⲙⲁⲟ ⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉⲧⲙⲛⲧⲣⲣⲟ ⲛⲙⲡⲏⲩⲉ.
২৩তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
24 ⲕ̅ⲇ̅ ⲡⲁⲗⲓⲛ ⲟⲛ ϯϫⲱ ⲙⲙⲟⲥ ⲛⲏⲧⲛ. ϫⲉ ⲥⲙⲟⲧⲛ ⲉⲧⲣⲉⲟⲩϭⲁⲙⲟⲩⲗ ⲉⲓ ⲉϩⲟⲩⲛ ϩⲓⲧⲛⲧⲟⲩⲁⲧϥⲉ ⲛⲟⲩϩⲁⲙⲛⲧⲱⲡ ⲉϩⲟⲩⲉⲉⲧⲣⲉⲟⲩⲣⲙⲙⲁⲟ ⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉⲧⲙⲛⲧⲣⲣⲟ ⲛⲙⲡⲏⲩⲉ.
২৪পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।”
25 ⲕ̅ⲉ̅ ⲁⲩⲥⲱⲧⲙ ⲇⲉ ⲛϭⲓⲙⲙⲁⲑⲏⲧⲏⲥ ⲁⲩⲣϣⲡⲏⲣⲉ ⲉⲙⲁⲧⲉ ⲉⲩϫⲱ ⲙⲙⲟⲥ. ϫⲉ ⲉⲓⲉ ⲛⲓⲙ ⲡⲉⲧⲉⲟⲩⲛϭⲟⲙ ⲙⲙⲟϥ ⲉⲱⲛϩ.
২৫এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?”
26 ⲕ̅ⲋ̅ ⲓ̅ⲥ̅ ⲇⲉ ⲁϥϭⲱϣⲧ ⲉϩⲟⲩⲛ ⲉϩⲣⲁⲩ ⲉϥϫⲱ ⲙⲙⲟⲥ. ϫⲉ ⲟⲩⲁⲧϭⲟⲙ ⲛⲁϩⲣⲛⲛⲉⲣⲱⲙⲉ ⲡⲉ ⲡⲁⲓ. ⲛⲁϩⲣⲙⲡⲛⲟⲩⲧⲉ ⲇⲉ ⲙⲛⲗⲁⲁⲩ ⲟ ⲛⲁⲧϭⲟⲙ.
২৬যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
27 ⲕ̅ⲍ̅ ⲧⲟⲧⲉ ⲁϥⲟⲩⲱϣⲃ ⲛϭⲓⲡⲉⲧⲣⲟⲥ ⲉϥϫⲱ ⲙⲙⲟⲥ ⲛⲁϥ. ϫⲉ ⲉⲓⲥϩⲏⲏⲧⲉ ⲁⲛⲟⲛ ⲁⲛⲕⲁ ⲛⲕⲁ ⲛⲓⲙ ⲛⲥⲱⲛ ⲁⲛⲟⲩⲁϩⲛ ⲛⲥⲱⲕ ⲟⲩ ⲁⲣⲁ ⲡⲉⲧⲛⲁϣⲱⲡⲉ ⲙⲙⲟⲛ.
২৭তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?”
28 ⲕ̅ⲏ̅ ⲓ̅ⲥ̅ ⲇⲉ ⲡⲉϫⲁϥ ⲛⲁϥ. ϫⲉ ϩⲁⲙⲏⲛ ϯϫⲱ ⲙⲙⲟⲥ ⲛⲏⲧⲛ. ϫⲉ ⲛⲧⲱⲧⲛ ⲛⲉⲛⲧⲁⲩⲟⲩⲁϩⲟⲩ ⲛⲥⲱⲓ ϩⲣⲁⲓ ϩⲙⲡⲉϫⲡⲟ ⲛⲕⲉⲥⲟⲡ. ⲉϥϣⲁⲛϩⲙⲟⲟⲥ ⲛϭⲓⲡϣⲏⲣⲉ ⲙⲡⲣⲱⲙⲉ ⲉϩⲣⲁⲓ ⲉϫⲙⲡⲉⲑⲣⲟⲛⲟⲥ ⲙⲡⲉϥⲉⲟⲟⲩ. ⲧⲉⲧⲛⲁϩⲙⲟⲟⲥ ϩⲱⲧⲧⲏⲩⲧⲛ ϩⲓⲡⲉⲧⲛⲙⲛⲧⲥⲛⲟⲟⲩⲥ ⲛⲑⲣⲟⲛⲟⲥ ⲛⲧⲉⲧⲛⲕⲣⲓⲛⲉ ⲛⲧⲙⲛⲧⲥⲛⲟⲟⲩⲥⲉ ⲙⲫⲩⲗⲏ ⲙⲡⲓ̅ⲏ̅ⲗ̅.
২৮যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
29 ⲕ̅ⲑ̅ ⲁⲩⲱ ⲟⲩⲟⲛ ⲛⲓⲙ ⲛⲧⲁϥⲕⲁⲏⲓ ⲛⲥⲱϥ. ⲏ ⲥⲟⲛ. ⲏ ⲥⲱⲛⲉ. ⲏ ⲉⲓⲱⲧ. ⲏ ⲙⲁⲁⲩ. ⲏ ⲥϩⲓⲙⲉ. ⲏ ϣⲏⲣⲉ. ⲏ ⲥⲱϣⲉ ⲉⲧⲃⲉⲡⲁⲣⲁⲛ. ϥⲛⲁϫⲓⲧⲟⲩ ⲛϩⲁϩ ⲛⲕⲱⲃ ⲁⲩⲱ ⲛϥⲕⲗⲏⲣⲟⲛⲟⲙⲉⲓ ⲙⲡⲱⲛϩ ϣⲁⲉⲛⲉϩ. (aiōnios )
২৯যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। (aiōnios )
30 ⲗ̅ ⲟⲩⲛϩⲁϩ ⲇⲉ ⲛϣⲟⲣⲡ ⲛⲁⲣϩⲁⲉ. ⲁⲩⲱ ⲛⲧⲉⲛϩⲁⲉ ⲣϣⲟⲣⲡ.
৩০যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ’ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।”