< ⲖⲞⲨⲔⲞⲚ 6 >

1 ⲁ̅ ⲁⲥϣⲱⲡⲉ ⲇⲉ ⲙⲡⲥⲁⲃⲃⲁⲧⲟⲛ ⲉⲧⲣⲉϥⲉⲓ ⲉⲃⲟⲗ ϩⲓⲧⲛ ⲙⲙⲁ ⲉⲧϫⲏⲩ ⲁⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϭⲱⲛϭ ⲛⲛϩⲙⲥ ⲁⲩⲥⲉϩⲥⲱϩⲟⲩ ⲛⲛⲉⲩϭⲓϫ ⲁⲩⲟⲩⲱⲙ
এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল।
2 ⲃ̅ ⲡⲉϫⲉϩⲟⲓⲛⲉ ⲛⲛⲉⲫⲁⲣⲓⲥⲥⲁⲓⲟⲥ ϫⲉ ⲉⲧⲃⲉ ⲟⲩ ⲧⲉⲧⲛⲓⲣⲉ ⲙⲡⲉⲧⲉⲙⲉϣϣⲉ ϩⲙ ⲡⲥⲁⲃⲃⲁⲧⲟⲛ
ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”
3 ⲅ̅ ⲁⲓⲏⲥ ⲇⲉ ⲟⲩⲱϣⲃ ⲡⲉϫⲁϥ ⲛⲁⲩ ϫⲉ ⲙⲡⲉⲧⲛⲉϣ ⲡⲁⲓ ⲉⲁⲇⲁⲩⲉⲓⲇ ⲁⲁϥ ⲛⲧⲉⲣⲉϥϩⲕⲟ ⲛⲧⲟϥ ⲙⲛ ⲛⲉⲧⲛⲙⲙⲁϥ
তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
4 ⲇ̅ ϫⲉ ⲛⲛⲁϣ ⲛϩⲉ ⲁϥⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉⲡⲏⲓ ⲙⲡⲛⲟⲩⲧⲉ ⲁϥϫⲓ ⲛⲛⲛⲟⲉⲓⲕ ⲛⲧⲉⲡⲣⲟⲑⲉⲥⲓⲥ ⲁϥⲟⲩⲟⲙⲟⲩ ⲁⲩⲱ ⲁϥϯ ⲛⲛⲉⲧⲛⲙⲙⲁϥ ⲛⲁⲓ ⲉⲧⲉⲙⲉϣϣⲉ ⲉⲣⲟⲟⲩ ⲉⲩⲟⲙⲟⲩ ⲉⲓⲙⲏⲧⲓ ⲟⲩⲏⲏⲃ ⲙⲁⲩⲁⲁⲩ
তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
5 ⲉ̅ ⲡⲉϫⲁϥ ⲇⲉ ⲛⲁⲩ ϫⲉ ⲡϫⲟⲉⲓⲥ ⲙⲡⲕⲉⲥⲁⲃⲃⲁⲧⲟⲛ ⲡⲉ ⲡϣⲏⲣⲉ ⲙⲡⲣⲱⲙⲉ
যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
6 ⲋ̅ ⲁⲥϣⲱⲡⲉ ⲇⲉ ϩⲙ ⲡⲕⲉⲥⲁⲃⲃⲁⲧⲟⲛ ⲉⲧⲣⲉϥⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉⲧⲥⲩⲛⲁⲅⲱⲅⲏ ⲛϥϯ ⲥⲃⲱ ⲁⲩⲱ ⲛⲉⲩⲛⲟⲩⲣⲱⲙⲉ ⲙⲙⲁⲩ ⲡⲉ ⲉⲣⲉⲧⲉϥϭⲓϫ ⲛⲟⲩⲛⲁⲙ ϣⲟⲩⲱⲟⲩ
আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
7 ⲍ̅ ⲛⲉⲩⲡⲁⲣⲁⲧⲏⲣⲓ ⲇⲉ ⲉⲣⲟϥ ⲡⲉ ⲛϭⲓ ⲛⲉⲅⲣⲁⲙⲙⲁⲧⲉⲩⲥ ⲙⲛ ⲛⲉⲫⲁⲣⲓⲥⲥⲁⲓⲟⲥ ϫⲉ ⲛⲉⲛⲉⲛϥⲛⲁⲣⲡⲁϩⲣⲉ ⲉⲣⲟϥ ⲙⲡⲥⲁⲃⲃⲁⲧⲟⲛ ϫⲉ ⲉⲩⲉϩⲉ ⲉⲑⲉ ⲛⲕⲁⲧⲏⲅⲟⲣⲓ ⲙⲙⲟϥ
বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
8 ⲏ̅ ⲛⲧⲟϥ ⲇⲉ ⲛⲉϥⲥⲟⲟⲩⲛ ⲛⲛⲉⲩⲙⲟⲕⲙⲉⲕ ⲡⲉϫⲁϥ ⲇⲉ ⲙⲡⲣⲱⲙⲉ ⲉⲧⲉⲣⲉⲧⲉϥϭⲓϫ ϣⲟⲩⲱⲟⲩ ϫⲉ ⲧⲱⲟⲩⲛ ⲁϩⲉⲣⲁⲧⲕ ⲛⲧⲙⲏⲧⲉ ⲁϥⲧⲱⲟⲩⲛ ⲇⲉ ⲁϥⲁϩⲉⲣⲁⲧϥ
যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
9 ⲑ̅ ⲡⲉϫⲉ ⲓⲏⲥ ⲛⲁⲩ ϫⲉ ϯⲛⲁϫⲛⲉ ⲧⲏⲟⲩⲧⲛ ϫⲉ ⲉⲛⲉⲉⲝⲉⲥⲧⲓ ⲉⲣⲡⲉⲧⲛⲁⲛⲟⲩϥ ϩⲙ ⲡⲥⲁⲃⲃⲁⲧⲟⲛ ϫⲉⲛⲉⲣⲡⲉⲑⲟⲟⲩ ⲉⲧⲟⲩϫⲉⲟⲩⲯⲩⲭⲏ ϫⲉⲛⲉⲧⲁⲕⲟⲥ
তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
10 ⲓ̅ ⲁϥⲕⲧⲉⲓⲁⲧϥ ⲇⲉ ⲛϩⲏⲧⲟⲩ ⲧⲏⲣⲟⲩ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⲥⲟⲩⲧⲛⲧⲉⲕϭⲓϫ ⲉⲃⲟⲗ ⲛⲧⲟϥ ⲇⲉ ⲁϥⲥⲟⲩⲧⲱⲛⲥ ⲁⲩⲱ ⲁⲧⲉϥϭⲓϫ ⲗⲟ
১০তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
11 ⲓ̅ⲁ̅ ⲛⲧⲟⲟⲩ ⲇⲉ ⲁⲩⲙⲟⲩϩ ⲙⲙⲛⲧⲁⲑⲏⲧ ⲁⲩⲙⲉⲕⲙⲟⲩⲕⲟⲩ ⲙⲛ ⲛⲉⲩⲉⲣⲏⲩ ϫⲉ ⲉⲛⲛⲁⲣ ⲟⲩ ⲛⲓⲏⲥ
১১তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
12 ⲓ̅ⲃ̅ ⲁⲥϣⲱⲡⲉ ⲇⲉ ⲛⲛⲉⲓϩⲟⲟⲩ ⲉⲧⲣⲉϥⲉⲓ ⲉⲃⲟⲗ ⲉⲡⲧⲟⲟⲩ ⲉϣⲗⲏⲗ ⲁⲩⲱ ⲛⲉϥⲟ ⲛⲟⲩϣⲏ ⲣⲣⲟⲉⲓⲥ ⲡⲉ ϩⲙ ⲡⲉϣⲗⲏⲗ ⲙⲡⲛⲟⲩⲧⲉ
১২সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
13 ⲓ̅ⲅ̅ ⲁⲩⲱ ⲛⲧⲉⲣⲉϩⲧⲟⲟⲩⲉ ϣⲱⲡⲉ ⲁϥⲙⲟⲩⲧⲉ ⲉⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲁϥⲥⲉⲧⲡ ⲙⲛⲧⲥⲛⲟⲟⲩⲥ ⲉⲃⲟⲗ ⲛϩⲏⲧⲟⲩ ⲛⲁⲓ ⲉⲛⲧⲁϥⲙⲟⲩⲧⲉ ⲉⲣⲟⲟⲩ ϫⲉ ⲛⲁⲡⲟⲥⲧⲟⲗⲟⲥ
১৩পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
14 ⲓ̅ⲇ̅ ⲥⲓⲙⲱⲛ ⲡⲉⲛⲧⲁⲩϯⲣⲓⲛϥ ⲉⲡⲉⲧⲣⲟⲥ ⲛⲙⲁⲛⲇⲣⲉⲁⲥ ⲡⲉϥⲥⲟⲛ ⲓⲁⲕⲱⲃⲟⲥ ⲛⲙⲓⲱϩⲁⲛⲛⲏⲥ ⲡⲉϥⲥⲟⲛ ⲫⲓⲗⲓⲡⲡⲟⲥ ⲛⲙⲃⲁⲣⲑⲟⲗⲟⲙⲁⲓⲟⲥ
১৪সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
15 ⲓ̅ⲉ̅ ⲛⲙⲙⲁⲑⲑⲁⲓⲟⲥ ⲛⲙⲑⲱⲙⲁⲥ ⲛⲙⲓⲁⲕⲱⲃⲟⲥ ⲡϣⲏⲣⲉ ⲛⲛⲁⲗⲫⲁⲓⲟⲥ ⲛⲙⲥⲓⲙⲱⲛ ⲡⲉⲧⲉϣⲁⲩⲙⲟⲩⲧⲉ ⲉⲣⲟϥ ϫⲉ ⲡⲍⲏⲗⲱⲧⲏⲥ
১৫মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
16 ⲓ̅ⲋ̅ ⲛⲙⲓⲟⲩⲇⲁⲥ ⲡϣⲏⲣⲉ ⲛⲓⲁⲕⲱⲃⲟⲥ ⲛⲙⲓⲟⲩⲇⲁⲥ ⲡⲓⲥⲕⲁⲣⲓⲱⲧⲏⲥ ⲡⲁⲓ ⲉⲛⲧⲁϥϣⲱⲡⲉ ⲙⲡⲣⲟⲇⲟⲧⲏⲥ
১৬যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
17 ⲓ̅ⲍ̅ ⲁϥⲉⲓ ⲇⲉ ⲉⲡⲉⲥⲏⲧ ⲛⲙⲙⲁⲩ ⲁϥⲁϩⲉⲣⲁⲧϥ ϩⲓⲟⲩⲙⲁ ⲉϥⲟⲩⲟϣⲥ ⲁⲩⲱ ⲟⲩⲙⲏⲏϣⲉ ⲉⲛⲁϣⲱϥ ⲙⲛ ⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲛⲙⲟⲩⲙⲏⲏϣⲉ ⲉϥⲟϣ ⲛⲧⲉⲡⲗⲁⲟⲥ ⲉⲃⲟⲗ ϩⲛ ϯⲟⲩⲇⲁⲓⲁ ⲛⲙⲑⲓⲉⲣⲟⲥⲟⲗⲩⲙⲁ ⲛⲙ ⲧⲡⲁⲣϩⲁⲗⲓⲁ ⲛⲧⲩⲣⲟⲥ ⲛⲙⲥⲓⲇⲱⲛ
১৭তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
18 ⲓ̅ⲏ̅ ⲛⲁⲓ ⲉⲛⲧⲁⲩⲉⲓ ⲉⲥⲱⲧⲙ ⲉⲣⲟϥ ⲁⲩⲱ ⲉⲧⲁⲗϭⲟⲟⲩ ⲉⲃⲟⲗ ϩⲛ ⲛⲉⲩϣⲱⲛⲉ ⲁⲩⲱ ⲛⲉⲧⲙⲟⲕϩ ⲉⲃⲟⲗ ϩⲓⲧⲛ ⲛⲉⲡⲛⲁ ⲛⲁⲕⲁⲑⲁⲣⲧⲟⲛ ⲁⲩⲧⲁⲗϭⲟ
১৮তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
19 ⲓ̅ⲑ̅ ⲡⲙⲏⲏϣⲉ ⲇⲉ ⲧⲏⲣϥ ⲛⲉⲩϣⲓⲛⲉ ⲛⲥⲁϫⲱϩ ⲉⲣⲟϥ ⲡⲉ ϫⲉ ⲛⲉⲣⲉⲟⲩϭⲟⲙ ⲛⲏⲩ ⲉⲃⲟⲗ ⲛϩⲏⲧϥ ⲉⲥⲧⲁⲗϭⲟ ⲙⲙⲟⲟⲩ ⲧⲏⲣⲟⲩ
১৯তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।
20 ⲕ̅ ⲛⲧⲟϥ ⲇⲉ ⲁϥϥⲓⲁⲧϥ ⲉϩⲣⲁⲓ ⲉⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ⲡⲉϫⲁϥ ϫⲉ ⲛⲁⲓⲁⲧⲟⲩ ⲛⲛϩⲏⲕⲉ ϫⲉ ⲧⲱⲟⲩ ⲧⲉ ⲧⲙⲛⲧⲣⲣⲟ ⲛⲙⲡⲏⲩⲉ
২০পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
21 ⲕ̅ⲁ̅ ⲛⲁⲓⲁⲧⲧⲏⲩⲧⲛ ⲛⲉⲧϩⲕⲁⲉⲓⲧ ⲧⲉⲛⲟⲩ ϫⲉ ⲧⲉⲧⲛⲁⲥⲉⲓ ⲛⲁⲓⲁⲧⲟⲩ ⲛⲛⲉⲧⲣⲓⲙⲉ ⲧⲉⲛⲟⲩ ϫⲉ ⲥⲉⲛⲁⲥⲱⲃⲉ
২১ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।
22 ⲕ̅ⲃ̅ ⲛⲁⲓⲁⲧⲧⲏⲟⲩⲧⲛ ⲉⲣϣⲁⲛⲣⲱⲙⲉ ⲛⲓⲙ ⲙⲉⲥⲧⲱⲧⲛ ⲛⲥⲉⲡⲣϫⲧⲏⲟⲩⲧⲛ ⲉⲃⲟⲗ ⲛⲥⲉⲛⲟϭⲛⲉϭ ⲙⲙⲱⲧⲛ ⲛⲥⲉⲧⲥⲧⲉ ⲡⲉⲧⲛⲣⲁⲛ ⲉⲃⲟⲗ ϩⲱⲥⲡⲟⲛⲏⲣⲟⲥ ⲉⲧⲃⲉ ⲡϣⲏⲣⲉ ⲙⲡⲣⲱⲙⲉ
২২ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
23 ⲕ̅ⲅ̅ ⲣⲁϣⲉ ϩⲙ ⲡⲉϩⲟⲟⲩ ⲉⲧⲙⲙⲁⲩ ⲛⲧⲉⲧⲛⲧⲉⲗⲏⲗ ⲉⲓⲥ ϩⲏⲏⲧⲉ ⲡⲉⲧⲛⲃⲉⲕⲉ ϥⲛⲁϣⲱⲡⲉ ⲉⲛⲁϣⲱϥ ϩⲛ ⲧⲡⲉ ⲛⲉⲣⲉⲛⲉⲩⲓⲟⲧⲉ ⲅⲁⲣ ⲉⲓⲣⲉ ⲡⲉ ϩⲓⲛⲁⲉⲓ ⲛⲛⲉⲡⲣⲟⲫⲏⲧⲏⲥ
২৩সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।
24 ⲕ̅ⲇ̅ ⲡⲗⲏⲛ ⲟⲩⲟⲓ ⲛⲏⲧⲛ ⲣⲣⲙⲙⲁⲟ ϫⲉ ⲁⲧⲉⲧⲛϫⲓ ⲙⲡⲉⲧⲛⲙⲧⲟⲛ
২৪কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
25 ⲕ̅ⲉ̅ ⲟⲩⲟⲓ ⲛⲏⲧⲛ ⲛⲉⲧⲥⲏⲟⲩ ⲧⲉⲛⲟⲩ ϫⲉ ⲧⲉⲧⲛⲁϩⲕⲟ ⲟⲩⲟⲓ ⲛⲏⲧⲛ ⲛⲉⲧⲥⲱⲃⲉ ⲧⲉⲛⲟⲩ ϫⲉ ⲧⲉⲧⲛⲁⲣϩⲏⲃⲉ ⲛⲧⲉⲧⲛⲣⲓⲙⲉ
২৫হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।
26 ⲕ̅ⲋ̅ ⲟⲩⲟⲓ ⲛⲏⲧⲛ ⲉⲣϣⲁⲛⲣⲣⲱⲙⲉ ⲧⲏⲣⲟⲩ ⲧⲁⲓⲉⲧⲏⲟⲩⲧⲛ ⲛⲉⲩⲉⲓⲣⲉ ⲅⲁⲣ ⲛⲧⲉⲓϩⲉ ⲡⲉ ⲛⲛⲉⲡⲣⲟⲫⲏⲧⲏⲥ ⲛⲛⲟⲩϫ
২৬যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
27 ⲕ̅ⲍ̅ ⲁⲗⲗⲁ ϯϫⲱ ⲙⲙⲟⲥ ⲛⲏⲧⲛ ⲛⲉⲧⲥⲱⲧⲙ ⲉⲣⲟⲓ ϫⲉ ⲙⲉⲣⲉⲛⲉⲧⲛϫⲓϫⲉⲟⲩ ⲁⲣⲓⲡⲉⲧⲛⲁⲛⲟⲩϥ ⲛⲛⲉⲧⲙⲟⲥⲧⲉ ⲙⲙⲱⲧⲛ
২৭কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা।
28 ⲕ̅ⲏ̅ ⲥⲙⲟⲩ ⲉⲛⲉⲧⲥⲁϩⲟⲩ ⲙⲙⲱⲧⲛ ϣⲗⲏⲗ ⲉϫⲛ ⲛⲉⲧⲡⲏⲧ ⲛⲥⲱⲧⲛ
২৮যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
29 ⲕ̅ⲑ̅ ⲡⲉⲧⲛⲁⲣⲁϩⲧⲕ ⲉⲧⲉⲕⲟⲩⲟϭⲉ ⲕⲧⲟ ⲉⲣⲟϥ ⲛⲧⲕⲉⲟⲩⲉⲓ ⲁⲩⲱ ⲕⲁⲧⲉⲕϣⲧⲏⲛ ⲉⲃⲟⲗ ⲛⲥⲁⲡⲉⲧϥⲓ ⲙⲡⲉⲕϩⲟⲓⲧⲉ
২৯কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা।
30 ⲗ̅ ϯⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲁⲓⲧⲓ ⲙⲙⲟⲕ ⲁⲩⲱ ⲛⲅⲧⲙⲧⲉⲥⲡⲉⲧϥⲓ ⲛⲛⲉⲧⲉⲛⲟⲩⲕ ⲛⲉ
৩০যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
31 ⲗ̅ⲁ̅ ⲁⲩⲱ ⲛⲑⲉ ⲉⲧⲉⲧⲛⲟⲩⲉ ϣⲧⲣⲉⲣⲣⲱⲙⲉ ⲁⲁⲥ ⲛⲏⲧⲛ ⲁⲣⲓⲥ ϩⲱⲧⲧⲏⲩⲧⲛ ⲛⲁⲩ
৩১লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।
32 ⲗ̅ⲃ̅ ⲁⲩⲱ ⲉϣϫⲉ ⲧⲉⲧⲛⲙⲉ ⲛⲛⲉⲧⲙⲉ ⲙⲙⲱⲧⲛ ⲁϣ ⲡⲉ ⲡⲉⲧⲛϩⲙⲟⲧ ⲕⲁⲓⲅⲁⲣ ⲣⲣⲉϥⲣⲛⲟⲃⲉ ⲥⲉⲙⲉ ⲛⲛⲉⲧⲙⲉ ⲙⲙⲟⲟⲩ
৩২তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে।
33 ⲗ̅ⲅ̅ ⲁⲩⲱ ⲉⲧⲉⲧⲛϣⲁⲣ ⲡⲉⲧⲛⲁⲛⲟⲩϥ ⲛⲛⲉϯⲣⲉ ⲛⲏⲧⲛ ⲁϣ ⲡⲉ ⲡⲉⲧⲛϩⲙⲟⲧ ⲣⲣⲉϥⲣⲛⲟⲃⲉ ϩⲱⲟⲩ ⲉⲓⲣⲉ ⲙⲡⲁⲓ
৩৩তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।
34 ⲗ̅ⲇ̅ ⲉⲧⲉⲧⲛϣⲁⲛϯ ⲉⲙⲏⲥⲉ ⲛⲛⲉⲧⲉⲧⲛϩⲉⲗⲡⲓⲍⲉ ⲉϫⲓ ⲛⲧⲟⲟⲧⲟⲩ ⲁϣ ⲡⲉ ⲡⲉⲧⲛϩⲙⲟⲧ ⲣⲣⲉϥⲣⲛⲟⲃⲉ ϩⲱⲟⲩ ϯⲛⲣⲣⲉϥⲣⲛⲟⲃⲉ ϫⲉ ⲉⲩⲉϫⲓ ⲙⲡⲉⲩⲕⲱⲃ
৩৪ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে।
35 ⲗ̅ⲉ̅ ⲡⲗⲏⲛ ⲙⲉⲣⲉⲛⲉⲧⲛϫⲓϫⲉⲟⲩ ⲛⲧⲉⲧⲛⲣⲡⲉⲧⲛⲁⲛⲟⲩϥ ⲛⲧⲉⲧⲛϯⲉⲙⲏⲥⲉ ⲉⲛⲧⲉⲧⲛⲕⲱ ⲛϩⲧⲏⲧⲛ ⲁⲛ ⲉϫⲓⲗⲁⲁⲩ ⲁⲩⲱ ⲡⲉⲧⲛⲃⲉⲕⲉ ⲛⲁϣⲱⲡⲉ ⲉⲛⲁϣⲱϥ ⲛⲧⲉⲧⲛϣⲱⲡⲉ ⲛϣⲏⲣⲉ ⲙⲡⲉⲧϫⲟⲥⲉ ϫⲉ ⲛⲧⲟϥ ⲟⲩⲭⲣⲏⲥⲧⲟⲥ ⲡⲉ ⲉϫⲛ ⲛⲉⲧⲉⲙⲉⲩϣⲡϩⲙⲟⲧ ⲛⲙⲙⲡⲟⲛⲏⲣⲟⲥ
৩৫কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।
36 ⲗ̅ⲋ̅ ϣⲱⲡⲉ ⲛϣⲁⲛϩⲧⲏϥ ϫⲉ ⲟⲩϣⲁⲛϩⲧⲏϥ ⲡⲉ ⲡⲉⲧⲛⲉⲓⲱⲧ
৩৬তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।
37 ⲗ̅ⲍ̅ ⲙⲡⲣⲕⲣⲓⲛⲉ ϫⲉ ⲛⲛⲉⲩⲕⲣⲓⲛⲉ ⲙⲙⲱⲧⲛ ⲙⲡⲣⲧϭⲁⲓⲟ ϫⲉ ⲛⲛⲉⲩⲧϭⲁⲓⲉⲧⲏⲩⲧⲛ ⲕⲱ ⲉⲃⲟⲗ ⲧⲁⲣⲟⲩⲕⲱ ⲛⲏⲧⲛ ⲉⲃⲟⲗ
৩৭তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
38 ⲗ̅ⲏ̅ ϯⲧⲁⲣⲟⲩϯ ⲛⲏⲧⲛ ⲛⲟⲩϣⲓ ⲉⲛⲁⲛⲟⲩϥ ⲉϥⲧⲉϭⲧⲱϭ ⲉϥⲛⲉϩⲛⲟⲩϩ ⲉϥⲡⲏⲛ ⲉⲃⲟⲗ ⲥⲉⲛⲁⲧⲁⲁϥ ⲉⲕⲟⲩⲛⲧ ⲧⲏⲟⲩⲧⲛ ϩⲙ ⲡϣⲓ ⲅⲁⲣ ⲉⲧⲉⲧⲛⲁϣⲓ ⲙⲙⲟϥ ⲉⲩⲛⲁϣⲓ ⲛⲏⲧⲛ ⲙⲙⲟϥ
৩৮দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
39 ⲗ̅ⲑ̅ ⲁϥϫⲱ ⲇⲉ ⲛⲁⲩ ⲟⲛ ⲛⲕⲉⲡⲁⲣⲁⲃⲟⲗⲏ ϫⲉ ⲙⲏ ⲟⲩⲛϭⲟⲙ ⲛⲟⲩⲃⲗⲗⲉ ⲉϫⲓⲙⲟⲉⲓⲧ ϩⲏⲧϥ ⲛⲟⲩⲃⲗⲗⲉ ⲙⲏ ⲛⲥⲉⲛⲁϩⲉ ⲁⲛ ⲉⲩϩⲓⲉⲓⲧ ⲙⲡⲉⲥⲛⲁⲩ
৩৯পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে?
40 ⲙ̅ ⲙⲙⲛⲥⲃⲟⲩⲓ ⲉϥϫⲟⲥⲉ ⲉⲡⲉϥⲥⲁϩ ⲙⲁⲣⲉⲟⲩⲟⲛ ⲛⲓⲙ ϣⲱⲡⲉ ⲉϥⲥⲃⲧⲱⲧ ⲛⲑⲉ ⲙⲡⲉϥⲥⲁϩ
৪০দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।
41 ⲙ̅ⲁ̅ ⲁϩⲣⲟⲕ ⲇⲉ ⲕϭⲱϣⲧ ⲉⲡϫⲏ ⲉⲧϩⲙ ⲡⲃⲁⲗ ⲙⲡⲉⲕⲥⲟⲛ ⲡⲥⲟⲓ ⲇⲉ ⲉⲧϩⲙⲡⲉⲕⲃⲁⲗ ⲉⲛⲅⲛⲁⲩ ⲉⲣⲟϥ ⲁⲛ
৪১নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
42 ⲙ̅ⲃ̅ ⲏ ⲛⲁϣ ⲛϩⲉ ⲕⲛⲁϫⲟⲟⲥ ⲙⲡⲉⲕⲥⲟⲛ ϫⲉ ⲡⲁⲥⲟⲛ ϭⲱ ⲧⲁⲛⲉϫⲡϫⲏ ⲉⲃⲟⲗ ϩⲙ ⲡⲉⲕⲃⲁⲗ ⲉⲛⲅⲛⲁⲩ ⲁⲛ ⲉⲡⲥⲟⲓ ⲉⲧϩⲙ ⲡⲉⲕⲃⲁⲗ ⲫⲩⲡⲟⲕⲣⲓⲧⲏⲥ ⲛⲉϫⲡⲥⲟⲓ ⲛϣⲟⲣⲡ ⲉⲃⲟⲗ ϩⲙ ⲡⲉⲕⲃⲁⲗ ⲧⲁⲣⲉⲕⲛⲁⲩ ⲉⲃⲟⲗ ⲉⲛⲉϫⲡϫⲏ ⲉⲃⲟⲗ ϩⲙ ⲡⲃⲁⲗ ⲙⲡⲉⲕⲥⲟⲛ
৪২তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।”
43 ⲙ̅ⲅ̅ ⲙⲙⲛϣⲏⲛ ⲅⲁⲣ ⲉⲛⲁⲛⲟⲩϥ ⲛⲁⲧⲁⲩⲉⲕⲁⲣⲡⲟⲥ ⲉⲃⲟⲗ ⲉϥϩⲟⲟⲩ ⲟⲩⲇⲉ ⲙⲙⲛϣⲏⲛ ⲉϥϩⲟⲟⲩ ⲛⲁⲧⲁⲩⲉⲕⲁⲣⲡⲟⲥ ⲉⲃⲟⲗ ⲉⲛⲁⲛⲟⲩϥ
৪৩“এনে কোনো ভাল গছ নাই, য’ত বেয়া ফল ধৰে; এনে কোনো বেয়া গছ নাই, য’ত ভাল ফল ধৰে।
44 ⲙ̅ⲇ̅ ⲉϣⲁⲩⲥⲟⲩⲛ ⲡϣⲏⲛ ⲅⲁⲣ ⲡϣⲏⲛ ⲉⲃⲟⲗ ϩⲙ ⲡⲉϥⲕⲁⲣⲡⲟⲥ ⲙⲉⲩⲕⲉⲧϥⲕⲛⲧⲉ ⲉⲃⲟⲗ ϩⲛ ϣⲟⲛⲧⲉ ⲟⲩⲇⲉ ⲙⲉⲩϫⲉⲗⲉ ⲉⲗⲟⲟⲗⲉ ⲉⲃⲟⲗ ϩⲛ ⲃⲁⲧⲟⲥ
৪৪কাৰণ প্রত্যেক গছকে তাৰ ফলৰ দ্বাৰাই চিনা যায়। কিয়নো মানুহে কাঁইটীয়া জোপোহাৰ পৰা ডিমৰু ফল সংগ্রহ নকৰে। পুলি কাঁইটৰ পৰাও আঙুৰ নাপাৰে।
45 ⲙ̅ⲉ̅ ⲉϣⲁⲣⲉⲡⲣⲱⲙⲉ ⲛⲁⲅⲁⲑⲟⲥ ⲧⲁⲩⲉⲁⲅⲁⲑⲟⲛ ⲉⲃⲟⲗ ϩⲙ ⲡⲁϩⲟ ⲙⲡⲉϥϩⲏⲧ ⲉⲧⲛⲁⲛⲟⲩϥ ⲁⲩⲱ ⲉϣⲁⲣⲉⲡⲣⲱⲙⲉ ⲙⲡⲟⲛⲏⲣⲟⲥ ⲧⲁⲩⲉⲡⲟⲛⲏⲣⲟⲛ ⲉⲃⲟⲗ ϩⲙ ⲡⲉϥⲁϩⲟ ⲙⲡⲟⲛⲏⲣⲟⲛ ⲉⲃⲟⲗ ⲅⲁⲣ ϩⲙ ⲡⲉϩⲟⲩⲟ ⲙⲡϩⲏⲧ ⲉϣⲁⲣⲉⲧⲧⲁⲡⲣⲟ ϣⲁϫⲉ
৪৫ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
46 ⲙ̅ⲋ̅ ⲁϩⲣⲱⲧⲛ ⲧⲉⲧⲛⲙⲟⲩⲧⲉ ⲉⲣⲟⲓ ϫⲉ ⲡϫⲟⲉⲓⲥ ⲡϫⲟⲉⲓⲥ ⲉⲛⲧⲉⲧⲛⲉⲓⲣⲉ ⲁⲛ ⲙⲡⲉϯϫⲱ ⲙⲙⲟϥ
৪৬তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
47 ⲙ̅ⲍ̅ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲛⲏⲩ ϣⲁⲣⲟⲓ ⲉⲧⲥⲱⲧⲙ ⲉⲛⲁϣⲁϫⲉ ⲉϯⲣⲉ ⲙⲙⲟⲟⲩ ϯⲛⲁⲧⲁⲙⲱⲧⲛ ϫⲉ ⲉϥⲧⲛⲧⲱⲛ ⲉⲛⲓⲙ
৪৭যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ-
48 ⲙ̅ⲏ̅ ⲉϥⲧⲛⲧⲱⲛ ⲉⲩⲣⲱⲙⲉ ⲉϥⲕⲱⲧ ⲛⲟⲩⲏⲓ ⲡⲁⲓ ⲉⲛⲧⲁϥϭⲱϫⲉ ⲁⲩⲱ ⲁϥϣⲓⲕⲉ ⲁϥⲥⲙⲓⲛⲉ ⲛⲧⲥⲛⲧⲉ ⲉϫⲛ ⲧⲡⲉⲧⲣⲁ ⲛⲧⲉⲣⲉⲧⲉⲙⲏⲣⲉ ⲇⲉ ϣⲱⲡⲉ ⲁⲡⲓⲉⲣⲟ ϩⲓⲟⲩⲉ ⲉϩⲟⲩⲛ ⲉϩⲙⲡⲏⲓ ⲉⲧⲙⲙⲁⲩ ⲙⲡϥⲉϣϭⲙϭⲟⲙ ⲉⲣⲟϥ ϫⲉ ⲛⲉϥⲕⲏⲧ ⲕⲁⲗⲱⲥ
৪৮তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
49 ⲙ̅ⲑ̅ ⲡⲉⲧⲥⲱⲧⲙ ⲇⲉ ⲉⲣⲟⲟⲩ ⲉⲛϥⲉⲓⲣⲉ ⲙⲙⲟⲟⲩ ⲁⲛ ⲉϥⲧⲛⲧⲱⲛ ⲉⲩⲣⲱⲙⲉ ⲉⲁϥⲕⲱⲧ ⲙⲡⲉϥⲏⲓ ⲉϫⲙⲡⲕⲁϩ ⲛⲟⲩⲉϣⲛⲥⲛⲧⲉ ⲛⲧⲉⲩⲛⲟⲩ ⲇⲉ ⲉⲛⲧⲁⲡⲓⲉⲣⲟ ϩⲓⲟⲩⲉ ⲉϩⲟⲩⲛ ⲉϩⲣⲁϥ ⲁϥϩⲉ ⲡϩⲉ ⲙⲡⲏⲓ ⲉⲧⲙⲙⲁⲩ ⲁϥϣⲱⲡⲉ ⲛⲟⲩⲛⲟϭ
৪৯কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”

< ⲖⲞⲨⲔⲞⲚ 6 >