< Ϯ⳰ⲀⲠⲞⲔⲀⲖⲨⳘⲮⲒⲤ 3 >
1 ⲁ̅ ⲤϦⲀⲒ ⲘⲠⲒⲀⲄⲄⲈⲖⲞⲤ ⲚⲦⲈϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲚⲦⲈⲤⲀⲢⲆⲒⲤ ϪⲈ ⲚⲀⲒ ⲚⲈⲚⲎ ⲈⲦⲈϤϪⲰ ⲘⲘⲰⲞⲨ ⲚϪⲈⲪⲎ ⲈⲦⲈ ⲠⲒⲌ ⲘⲠⲚⲈⲨⲘⲀⲚⲦⲈⲪⲚⲞⲨϮ ⲬⲎ ⲚⲦⲞⲦϤ ⲚⲈⲘ ⲠⲒⲌ ⲚⲤⲒⲞⲨ ϪⲈ ϮⲤⲰⲞⲨⲚ ⲚⲚⲈⲔϨⲂⲎⲞⲨⲒ ϪⲈ ⲞⲨⲞⲚ ⲚⲦⲀⲔ ⲚⲞⲨⲢⲀⲚ ⲘⲘⲀⲨ ⲘⲠⲒⲞⲨϪⲀⲒ ϪⲈ ⲔⲞⲚϦ ⲞⲨⲞϨ ⲔⲘⲰⲞⲨⲦ.
১চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত।
2 ⲃ̅ ϢⲰⲠⲒ ⲞⲨⲚ ⲈⲔⲢⲎⲤ ⲈⲂⲞⲖ ⲞⲨⲞϨ ⲘⲀⲦⲀϪⲢⲈ ⲠⲤⲈⲠⲒ ⲘⲘⲞⲚ ⲬⲚⲀⲘⲞⲨ ϪⲈ ⲞⲨⲎⲒ ⲄⲀⲢ ⲘⲠⲒϪⲈⲘ ⲚⲈⲔϨⲂⲎⲞⲨⲒ ⲈⲨϪⲎⲔ ⲈⲂⲞⲖ ϦⲀⲦⲈⲚ ⲠⲀⲚⲞⲨϮ.
২জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ।
3 ⲅ̅ ⲀⲢⲒⲪⲘⲈⲨⲒ ⲞⲨⲚ ϪⲈ ⲠⲰⲤ ⲀⲔϬⲒ ⲞⲨⲞϨ ⲀⲔⲤⲰⲦⲈⲘ ⲞⲨⲞϨ ⲀⲢⲈϨ ⲞⲨⲞϨ ⲀⲢⲒⲘⲈⲦⲀⲚⲞⲒⲚ ⲈϢⲰⲠ ⲞⲨⲞⲚ ⲀⲔϢⲦⲈⲘⲈⲢⲘⲈⲦⲀⲚⲞⲒⲚ ⲞⲨⲞϨ ⲚⲦⲈⲔϢⲦⲈⲘⲢⲰⲒⲤ ϮⲚⲀⲒ ⲘⲪⲢⲎϮ ⲚⲞⲨⲢⲈϤϬⲒⲞⲨⲒ ⲞⲨⲞϨ ⲬⲚⲀⲈⲘⲒ ⲀⲚ ⲈϮⲞⲨⲚⲞⲨ ⲈϮⲚⲎⲞⲨ ⲈϪⲰⲔ ⲘⲘⲞⲤ.
৩এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
4 ⲇ̅ ⲀⲖⲖⲀ ⲞⲨⲞⲚ ϨⲀⲚⲔⲞⲨϪⲒ ⲚⲢⲀⲚ ⲚⲦⲎⲒ ϦⲈⲚⲤⲀⲢⲆⲒⲤ ⲚⲀⲒ ⲈⲦⲈ ⲘⲠⲞⲨⲐⲰⲖⲈⲂ ⲚⲚⲞⲨϨⲂⲰⲤ ⲚⲈⲘ ⲤϨⲒⲘⲒ ⲞⲨⲞϨ ⲈⲨⲈⲘⲞϢⲒ ⲚⲈⲘⲎⲒ ϦⲈⲚϨⲀⲚϨⲂⲰⲤ ⲚⲞⲨⲰⲂϢ ϪⲈ ⲤⲈⲘⲠϢⲀ ⲄⲀⲢ.
৪কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য।
5 ⲉ̅ ⲪⲎ ⲈⲐⲚⲀϬⲢⲞ ⲘⲠⲀⲒⲢⲎϮ ⲈⲨⲈϮ ϨⲒⲰⲦϤ ⲚϨⲀⲚϬⲒϨⲂⲰⲤ ⲚⲞⲨⲰⲂϢ ⲞⲨⲞϨ ⲚⲚⲞⲨⲤⲈⲖϪ ⲠⲞⲨⲢⲀⲚ ⲈⲂⲞⲖ ϨⲒ ⲠⲒϪⲰⲘ ⲚⲦⲈⲠⲰⲚϦ ⲈⲒⲈⲞⲨⲰⲚϨ ⲘⲠⲞⲨⲢⲀⲚ ⲈⲂⲞⲖ ⲘⲠⲈⲘⲐⲞ ⲘⲠⲀⲒⲰⲦ ⲚⲈⲘ ⲠⲈⲘⲐⲞ ⲚⲚⲈϤⲀⲄⲄⲈⲖⲞⲤ.
৫যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
6 ⲋ̅ ⲪⲎ ⲈⲦ ⲞⲨⲞⲚ ⲘⲀϢϪ ⲘⲘⲞϤ ⲈⲤⲰⲦⲈⲘ ⲘⲀⲢⲈϤⲤⲰⲦⲈⲘ ϪⲈ ⲞⲨ ⲠⲈ ⲈⲦⲈ ⲠⲒⲠⲚⲈⲨⲘⲀϪⲰ ⲘⲘⲞϤ ⲚⲚⲒⲈⲔⲔⲖⲎⲤⲒⲀ.
৬যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।
7 ⲍ̅ ⲤϦⲀⲒ ⲘⲠⲒⲀⲄⲄⲈⲖⲞⲤ ⲚⲦⲈϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲚⲦⲈⲪⲒⲖⲀⲆⲈⲖⲪⲒⲀ ϪⲈ ⲚⲀⲒ ⲚⲈⲚⲎ ⲈⲦⲈϤϪⲰ ⲘⲘⲰⲞⲨ ⲚϪⲈⲠⲈⲐⲞⲨⲀⲂ ⲠⲒⲐⲘⲎⲒ ⲪⲎ ⲈⲦⲈ ⲚⲒϢⲞϢⲦ ⲚⲦⲈⲠⲎⲒ ⲚⲆⲀⲨⲒⲆ ⲚⲦⲞⲦϤ ⲪⲎ ⲈⲐⲚⲀⲞⲨⲰⲚ ⲘⲘⲞⲚ ϨⲖⲒ ⲚⲀϢⲐⲀⲘ ⲞⲨⲞϨ ⲀϤϢⲀⲚϢⲐⲀⲘ ⲘⲘⲞⲚ ϨⲖⲒ ⲚⲀⲞⲨⲰⲚ
৭ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব।
8 ⲏ̅ ϮⲤⲰⲞⲨⲚ ⲚⲚⲈⲔϨⲂⲎⲞⲨⲒ ⲚⲈⲘ ⲠⲈⲔⲚⲀϨϮ ϨⲎⲠⲠⲈ ⲒⲤ ⲀⲒϮ ⲘⲠⲈⲔⲘⲐⲞ ⲚⲞⲨⲢⲞ ⲈϤⲈⲞⲨⲎⲚ ⲘⲘⲞⲚ ϢϪⲞⲘ ⲚⲦⲈϨⲖⲒ ϢⲐⲀⲘ ⲘⲘⲞϤ ϪⲈ ⲞⲨⲞⲚ ⲚⲦⲀⲔ ⲚⲞⲨⲔⲞⲨϪⲒ ⲚϪⲞⲘ ⲘⲘⲀⲨ ⲞⲨⲞϨ ⲀⲔⲀⲢⲈϨ ⲈⲠⲀⲤⲀϪⲒ ⲞⲨⲞϨ ⲘⲠⲈⲔϪⲈⲖ ⲠⲀⲢⲀⲚ ⲈⲂⲞⲖ.
৮তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।
9 ⲑ̅ ϨⲎⲠⲠⲈ ϮⲚⲀϮ ⲚⲀⲔ ⲈⲂⲞⲖ ϦⲈⲚϮⲤⲨⲚⲀⲄⲰⲄⲎ ⲚⲦⲈⲠⲤⲀⲦⲀⲚⲀⲤ ⲚⲎ ⲈⲦϪⲰ ⲘⲘⲞⲤ ϪⲈ ϨⲀⲚⲒⲞⲨⲆⲀⲒ ⲚⲈⲞⲨⲞϨ ϨⲀⲚⲞⲨⲞⲚ ⲀⲚ ⲚⲈⲀⲖⲖⲀ ⲤⲈϪⲈⲘⲈⲐⲚⲞⲨϪ ϨⲎⲠⲠⲈ ⲈⲒⲈⲐⲢⲞⲨⲒ ⲞⲨⲞϨ ⲈⲒⲈⲐⲢⲞⲨⲞⲨⲰϢⲦ ⲘⲘⲞⲔ ⲞⲨⲞϨ ⲈⲨⲈϨⲒⲦⲞⲨ ⲈⲠⲈⲤⲎⲦ ⲘⲠⲈⲘⲐⲞ ⲚⲚⲈⲔϬⲀⲖⲀⲨϪ ⲞⲨⲞϨ ⲈⲨⲈⲈⲘⲒ ⲦⲎⲢⲞⲨ ϪⲈ ⲀⲚⲞⲔ ⲠⲈ ⲈⲦⲀⲒⲘⲈⲚⲢⲒⲦⲔ.
৯চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।
10 ⲓ̅ ϪⲈ ⲀⲔⲀⲢⲈϨ ⲈⲠⲀⲤⲀϪⲒ ⲚⲈⲘ ⲦⲀϨⲨⲠⲞⲘⲞⲚⲎ ⲈⲐⲂⲈⲪⲀⲒ ⲀⲚⲞⲔ ϨⲰ ⲀⲒⲀⲢⲈϨ ⲈⲢⲞⲔ ⲈⲂⲞⲖ ϨⲀ ⲠⲒⲠⲒⲢⲀⲤⲘⲞⲤ ⲪⲎ ⲈⲐⲚⲀⲒ ⲈϦⲢⲎⲒ ⲈϪⲈⲚ ⲠⲒⲐⲞ ⲦⲎⲢϤ ⲈⲈⲢⲠⲒⲢⲀⲌⲒⲚ ⲚⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲦϨⲒϪⲈⲚ ⲠⲔⲀϨⲒ.
১০তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
11 ⲓ̅ⲁ̅ ϮⲚⲎⲞⲨ ⲚⲬⲰⲖⲈⲘ ⲀⲘⲞⲚⲒ ⲘⲪⲎ ⲈⲦⲈⲚⲦⲞⲦⲔ ϨⲒⲚⲀ ⲚⲦⲈϢⲦⲈⲘ ϨⲖⲒ ϬⲒ ⲘⲠⲈⲔⲬⲖⲞⲘ.
১১মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা।
12 ⲓ̅ⲃ̅ ⲪⲎ ⲈⲐⲚⲀϬⲢⲞ ⲈⲒⲈⲀⲒϤ ⲚⲤⲦⲨⲖⲖⲞⲤ ϦⲈⲚⲠⲎⲒ ⲚⲦⲈⲠⲀⲚⲞⲨϮ ⲞⲨⲞϨ ⲚⲚⲈϤⲒ ⲈⲂⲞⲖ ϪⲈ ⲞⲨⲞϨ ⲈⲒⲈⲤϦⲈ ⲪⲢⲀⲚ ⲘⲠⲀⲚⲞⲨϮ ϨⲒⲰⲦϤ ⲚⲈⲘ ⲪⲢⲀⲚ ⲚϮⲂⲀⲔⲒ ⲘⲂⲈⲢⲒ ⲚⲦⲈⲠⲀⲒⲰⲦ ⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲐⲎ ⲈⲐⲚⲎⲞⲨ ⲈⲠⲈⲤⲎⲦ ⲈⲂⲞⲖ ϦⲈⲚⲦⲪⲈ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲀⲚⲞⲨϮ ⲚⲈⲘ ⲠⲀⲢⲀⲚ ⲘⲂⲈⲢⲒ.
১২যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম।
13 ⲓ̅ⲅ̅ ⲪⲎ ⲈⲦⲈ ⲞⲨⲞⲚ ⲘⲀϢϪ ⲘⲘⲞϤ ⲈⲤⲰⲦⲈⲘ ⲘⲀⲢⲈϤⲤⲰⲦⲈⲘ ϪⲈ ⲞⲨ ⲠⲈ ⲈⲦⲈ ⲠⲒⲠⲚⲈⲨⲘⲀϪⲰ ⲘⲘⲞϤ ⲚⲚⲒⲈⲔⲔⲖⲎⲤⲒⲀ.
১৩যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।
14 ⲓ̅ⲇ̅ ⲤϦⲀⲒ ⲘⲠⲒⲀⲄⲄⲈⲖⲞⲤ ⲚⲦⲈϮⲈⲔⲔⲖⲎⲤⲒⲀ ⲚⲦⲈⲖⲀⲞⲆⲒⲔⲒⲀ ϪⲈ ⲚⲀⲒ ⲚⲈⲚⲎ ⲈⲦⲈϤϪⲰ ⲘⲘⲰⲞⲨ ⲚϪⲈⲠⲒⲀⲘⲎⲚ ⲠⲒⲘⲀⲢⲦⲨⲢⲞⲤ ⲠⲒⲠⲒⲤⲦⲞⲤ ⲞⲨⲞϨ ⲠⲒⲀⲖⲎⲐⲒⲚⲞⲤ ⲦⲀⲢⲬⲎ ⲘⲠⲒⲤⲰⲚⲦ ⲚⲦⲈⲪϮ
১৪আৰু লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসী আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়,
15 ⲓ̅ⲉ̅ ϮⲤⲰⲞⲨⲚ ⲚⲚⲈⲔϨⲂⲎⲞⲨⲒ ϪⲈ ⲞⲨⲆⲈ ⲔϨⲞⲢϢ ⲀⲚ ⲞⲨⲆⲈ ⲔϦⲎⲘ ⲀⲚ ⲀⲘⲞⲒ ⲚⲀⲔⲞⲒ ⲘⲘⲞⲨϨⲰϪ ⲠⲈ ⲒⲈ ⲚⲀⲔⲂⲈⲢⲂⲈⲢ
১৫মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল।
16 ⲓ̅ⲋ̅ ϪⲈ ⲠⲀⲒⲢⲎϮ ⲔⲞⲒ ⲘⲘⲞⲨⲤⲈⲖϨⲞ ⲞⲨⲆⲈ ⲔⲞⲒ ⲘⲘⲞⲨϦⲈⲘⲒ ⲀⲚ ⲞⲨⲆⲈ ⲔⲞⲒ ⲘⲘⲞⲨϨⲰϪ ⲀⲚ ⲘⲘⲞⲚ ϮⲚⲀϢⲀⲦⲔ ⲚϨⲢⲎⲒ ϦⲈⲚϨⲐⲎⲒ.
১৬এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
17 ⲓ̅ⲍ̅ ϪⲈ ⲔϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨⲢⲀⲘⲀⲞ ⲞⲨⲞϨ ϮⲈⲢⲬⲢⲒⲀ ⲚϨⲖⲒ ⲞⲨⲞϨ ⲔⲈⲘⲒ ⲀⲚ ϪⲈ ⲚⲐⲞⲔ ⲞⲨϪⲰⲂ ⲚⲦⲀⲖⲈⲠⲰⲢⲞⲤ ⲞⲨⲞϨ ⲚⲐⲞⲔ ⲞⲨϢⲀⲦⲘⲈⲐⲚⲀⲒ ⲚϨⲎⲔⲒ ⲞⲨⲞϨ ⲘⲂⲈⲖⲖⲈ ⲈⲔⲂⲎϢ
১৭কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
18 ⲓ̅ⲏ̅ ϮⲈⲢⲤⲨⲘⲂⲞⲨⲖⲈⲨⲒⲚ ⲚⲀⲔ ⲞⲨⲚ ⲈϢⲈⲠ ⲞⲨⲚⲞⲨⲂ ⲚⲦⲞⲦ ⲈϤⲪⲞⲤⲒ ⲚϨⲢⲎⲒ ϦⲈⲚⲞⲨⲬⲢⲰⲘ ϨⲒⲚⲀ ⲚⲦⲈⲔⲈⲢⲢⲀⲘⲀⲞ ⲞⲨⲞϨ ϨⲀⲚϨⲂⲰⲤ ⲈⲨⲪⲞⲢⲒ ⲘⲎⲒⲦⲞⲨ ϨⲒⲰⲦⲔ ϨⲒⲚⲀ ⲚⲦⲈϤϢⲦⲈⲘⲞⲨⲰⲚϨ ⲈⲂⲞⲖ ⲚϪⲈⲠϢⲒⲠⲒ ⲚⲦⲈⲠⲈⲔⲂⲰϢ ⲞⲨⲞϨ ⲞⲨⲔⲞⲨⲖⲀⲞⲨⲢⲒⲞⲚ ⲘⲎⲒϤ ⲈⲚⲈⲔⲂⲀⲖ ϨⲒⲚⲀ ⲚⲦⲈⲔⲚⲀⲨ ⲘⲂⲞⲖ.
১৮এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
19 ⲓ̅ⲑ̅ ⲀⲚⲞⲔ ⲄⲀⲢ ⲚⲎ ⲈϢⲀⲒⲘⲈⲚⲢⲒⲦⲞⲨ ϢⲀⲒⲤⲀϨⲰⲞⲨ ϢⲀⲒϮⲤⲂⲰ ⲚⲰⲞⲨ ⲬⲞϨ ⲞⲨⲚ ⲈⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲞⲨⲞϨ ⲀⲢⲒⲘⲈⲦⲀⲚⲞⲒⲚ.
১৯যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
20 ⲕ̅ ϨⲎⲠⲠⲈ ⲄⲀⲢ ϮⲞϨⲒ ⲈⲢⲀⲦ ϨⲒⲢⲈⲚ ⲠⲒⲢⲞ ⲞⲨⲞϨ ϮⲔⲰⲖϨ ⲪⲎ ⲈⲐⲚⲀⲤⲰⲦⲈⲘ ⲞⲨⲞϨ ⲚⲦⲈϤⲞⲨⲰⲚ ⲘⲠⲒⲢⲞ ⲚⲎⲒ ϮⲚⲀϢⲈ ⲈϦⲞⲨⲚ ⲚⲈⲘⲀϤ ⲞⲨⲞϨ ⲚⲦⲀⲞⲨⲰⲘ ⲚⲈⲘⲀϤ ⲞⲨⲞϨ ⲚⲐⲞϤ ⲚⲈⲘⲎⲒ.
২০চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
21 ⲕ̅ⲁ̅ ⲪⲎ ⲄⲀⲢ ⲈⲐⲚⲀϬⲢⲞ ϮⲚⲀⲦⲎⲒⲤ ⲚⲀϤ ⲈⲐⲢⲈϤϨⲈⲘⲤⲒ ⲚⲈⲘⲎⲒ ϨⲒ ⲠⲀⲐⲢⲞⲚⲞⲤ ⲘⲠⲒⲢⲎϮ ⲈⲦⲀⲒϬⲢⲞ ⲞⲨⲞϨ ⲀⲒϨⲈⲘⲤⲒ ⲚⲈⲘ ⲠⲀⲒⲰⲦ ϨⲒ ⲠⲈϤⲐⲢⲞⲚⲞⲤ.
২১মই নিজে যেনেকৈ জয় কৰিমোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
22 ⲕ̅ⲃ̅ ⲪⲎ ⲈⲦⲈ ⲞⲨⲞⲚ ⲘⲀϢϪ ⲘⲘⲞϤ ⲈⲤⲰⲦⲈⲘ ⲘⲀⲢⲈϤⲤⲰⲦⲈⲘ ϪⲈ ⲞⲨ ⲠⲈ ⲈⲦⲈ ⲠⲒⲠⲚⲈⲨⲘⲀϪⲰ ⲘⲘⲞϤ ⲚⲚⲒⲈⲔⲔⲖⲎⲤⲒⲀ.
২২যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।