< ⲖⲞⲨⲔⲞⲚ 7 >
1 ⲁ̅ ⲈⲦⲀϤⲞⲨⲰ ⲆⲈ ⲈϤϪⲰⲔ ⲚⲚⲈϤⲤⲀϪⲒ ⲦⲎⲢⲞⲨ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲚⲘⲀϢϪ ⲘⲠⲒⲖⲀⲞⲤ ⲀϤⲒ ⲈϦⲞⲨⲚ ⲈⲔⲀⲪⲀⲢⲚⲀⲞⲨⲘ
১যীচুৱে ক’ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷
2 ⲃ̅ ⲞⲨⲈⲔⲀⲦⲞⲚⲦⲀⲢⲬⲞⲤ ⲆⲈ ⲈϤⲘⲞⲔϨ ⲚϪⲈⲠⲈϤⲂⲰⲔ ⲚⲀϤⲚⲀⲘⲞⲨ ⲠⲈ ⲪⲎ ⲈⲦⲀϤⲦⲀⲒⲎⲞⲨⲦ ⲚⲦⲞⲦϤ.
২সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷
3 ⲅ̅ ⲈⲦⲀϤⲤⲰⲦⲈⲘ ⲆⲈ ⲈⲐⲂⲈ ⲒⲎⲤⲞⲨⲤ ⲀϤⲞⲨⲰⲢⲠ ϨⲀⲢⲞϤ ⲚϨⲀⲚⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲚⲦⲈⲚⲒⲒⲞⲨⲆⲀⲒ ⲈϤϮϨⲞ ⲈⲢⲞϤ ϨⲞⲠⲰⲤ ⲚⲦⲈϤⲒ ⲚⲦⲈϤⲦⲞⲨϪⲈ ⲠⲈϤⲂⲰⲔ
৩কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷
4 ⲇ̅ ⲚⲐⲰⲞⲨ ⲆⲈ ⲈⲦⲀⲨⲒ ϨⲀ ⲒⲎⲤⲞⲨⲤ ⲀⲨϮϨⲞ ⲈⲢⲞϤ ⲤⲠⲞⲨⲆⲈⲰⲤ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ϤⲈⲘⲠϢⲀ ⲚϪⲈⲪⲎ ⲈⲦⲈⲔⲚⲀⲈⲢ ⲪⲀⲒ ⲚⲀϤ.
৪তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷
5 ⲉ̅ ϤⲘⲈⲒ ⲄⲀⲢ ⲘⲠⲈⲚⲈⲐⲚⲞⲤ ⲞⲨⲞϨ ϮⲤⲨⲚⲀⲄⲰⲄⲎ ⲚⲐⲞϤ ⲀϤⲔⲞⲦⲤ ⲚⲀⲚ.
৫কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”
6 ⲋ̅ ⲒⲎⲤⲞⲨⲤ ⲆⲈ ⲚⲀϤⲘⲞϢⲒ ⲚⲈⲘⲰⲞⲨ ⲠⲈ ϨⲎⲆⲎ ⲆⲈ ⲈϤⲞⲨⲎⲞⲨ ⲘⲠⲒⲎⲒ ⲀⲚ ⲀϤⲞⲨⲰⲢⲠ ϨⲀⲢⲞϤ ⲚϨⲀⲚϢⲪⲎⲢ ⲚϪⲈⲠⲒⲈⲔⲀⲦⲞⲚⲦⲀⲢⲬⲞⲤ ⲈϤϪⲰ ⲘⲘⲞⲤ ⲚⲀϤ ϪⲈ ⲠϬⲞⲒⲤ ⲘⲠⲈⲢϮϦⲒⲤⲒ ⲚⲀⲔ ϮⲘⲠϢⲀ ⲄⲀⲢ ⲀⲚ ϨⲒⲚⲀ ⲚⲦⲈⲔⲒ ⲈϦⲞⲨⲚ ϦⲀ ⲐⲞⲨⲀϨⲤⲞⲒ ⲘⲠⲀⲎⲒ
৬তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
7 ⲍ̅ ⲈⲐⲂⲈⲪⲀⲒ ⲞⲨⲆⲈ ⲀⲚⲞⲔ ⲘⲠⲒⲀⲒⲦ ⲚⲈⲘⲠϢⲀ ⲚⲒ ϢⲀⲢⲞⲔ ⲀⲖⲖⲀ ⲀϪⲞⲤ ϦⲈⲚⲠⲤⲀϪⲒ ⲞⲨⲞϨ ϤⲚⲀⲞⲨϪⲀⲒ ⲚϪⲈⲠⲀⲀⲖⲞⲨ.
৭সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব।
8 ⲏ̅ ⲔⲈ ⲄⲀⲢ ⲀⲚⲞⲔ ⲞⲨⲢⲰⲘⲒ ϨⲰ ⲈⲨⲈⲢⲦⲀⲤⲤⲒⲚ ⲘⲘⲞϤ ϦⲀ ⲞⲨⲈⲢϢⲒϢⲒ ⲈⲞⲨⲞⲚ ϨⲀⲚⲘⲀⲦⲞⲒ ϦⲀⲢⲀⲦ ⲞⲨⲞϨ ϮϪⲰ ⲘⲘⲞⲤ ⲘⲪⲀⲒ ϪⲈ ⲘⲀϢⲈ ⲚⲀⲔ ϢⲀϤϢⲈ ⲚⲀϤ ⲔⲈⲞⲨⲀⲒ ⲆⲈ ⲀⲘⲞⲨ ⲞⲨⲞϨ ϢⲀϤⲒ ⲞⲨⲞϨ ⲠⲀⲂⲰⲔ ϪⲈ ⲀⲢⲒ ⲪⲀⲒ ⲞⲨⲞϨ ϢⲀϤⲀⲒϤ.
৮কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
9 ⲑ̅ ⲈⲦⲀϤⲤⲰⲦⲈⲘ ⲆⲈ ⲈⲚⲀⲒ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲀϤⲈⲢϢⲪⲎ ⲢⲒ ⲘⲘⲞϤ ⲞⲨⲞϨ ⲈⲦⲀϤⲪⲞⲚϨϤ ⲠⲈϪⲀϤ ϪⲈ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲞⲨⲆⲈ ϦⲈⲚⲠⲒⲤⲖ ⲦⲎⲢϤ ⲘⲠⲒϪⲈⲘ ⲞⲨⲚⲀϨϮ ⲚⲦⲀⲒⲘⲀⲒⲎ.
৯যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
10 ⲓ̅ ⲞⲨⲞϨ ⲈⲦⲀⲨⲔⲞⲦⲞⲨ ⲈⲠⲒⲎⲒ ⲚϪⲈⲚⲎ ⲈⲦⲀⲨⲞⲨⲞⲢⲠⲞⲨ ⲀⲨϪⲒⲘⲒ ⲘⲠⲒⲂⲰⲔ ⲈⲀϤⲞⲨϪⲀⲒ.
১০পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
11 ⲓ̅ⲁ̅ ⲞⲨⲞϨ ⲀⲤϢⲰⲠⲒ ⲈⲠⲈϤⲢⲀⲤϮ ⲀϤϢⲈ ⲚⲀϤ ⲈⲞⲨⲂⲀⲔⲒ ⲈⲨⲘⲞⲨϮ ⲈⲢⲞⲤ ϪⲈ ⲚⲀⲒⲚ ⲞⲨⲞϨ ⲚⲀⲨⲘⲞϢⲒ ⲚⲈⲘⲀϤ ⲚϪⲈⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ ⲚⲈⲘ ⲞⲨⲚⲒϢϮ ⲘⲘⲎϢ.
১১ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।
12 ⲓ̅ⲃ̅ ϨⲰⲤⲆⲈ ⲈⲦⲀϤϦⲰⲚⲦ ⲈϮⲠⲨⲖⲎ ⲚⲦⲈϮⲂⲀⲔⲒ ϨⲎⲠⲠⲈ ⲚⲀⲨⲰⲖⲒ ⲚⲞⲨⲀⲒ ⲈⲂⲞⲖ ⲈⲀϤⲘⲞⲨ ⲈⲞⲨϢⲎⲢⲒ ⲘⲘⲀⲨⲀⲦϤ ⲠⲈ ⲚⲦⲈⲦⲈϤⲘⲀⲨ ⲞⲨⲞϨ ⲐⲀⲒ ⲚⲈⲞⲨⲬⲎⲢⲀ ⲦⲈ ⲞⲨⲞϨ ⲚⲈⲞⲨⲞⲚ ⲞⲨⲘⲎϢ ⲈϤⲞϢ ⲚⲦⲈϮⲂⲀⲔⲒ ⲚⲈⲘⲀⲤ ⲠⲈ.
১২যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।
13 ⲓ̅ⲅ̅ ⲞⲨⲞϨ ⲈⲦⲀϤⲚⲀⲨ ⲈⲢⲞⲤ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲀϤϢⲈⲚϨⲎ ⲦϦⲀⲢⲞⲤ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ⲚⲀⲤ ϪⲈ ⲘⲠⲈⲢⲢⲒⲘⲒ.
১৩তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।”
14 ⲓ̅ⲇ̅ ⲞⲨⲞϨ ⲀϤⲒ ⲀϤϬⲒ ⲚⲈⲘ ϮⲤⲖⲎ ⲚⲎ ⲆⲈ ⲈⲦϤⲀⲒ ⲀⲨⲞϨⲒ ⲈⲢⲀⲦⲞⲨ ⲞⲨⲞϨ ⲠⲈϪⲀϤ ϪⲈ ⲠⲒϦⲈⲖϢⲒⲢⲒ ⲚⲐⲞⲔ ⲠⲈϮϪⲰ ⲘⲘⲞⲤ ⲚⲀⲔ ⲦⲰⲚⲔ.
১৪পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।”
15 ⲓ̅ⲉ̅ ⲞⲨⲞϨ ⲀϤϨⲈⲘⲤⲒ ⲚϪⲈⲠⲒⲢⲈϤⲘⲰⲞⲨⲦ ⲞⲨⲞϨ ⲀϤⲈⲢϨⲎⲦⲤ ⲚⲤⲀϪⲒ ⲞⲨⲞϨ ⲀϤⲦⲎⲒϤ ⲚⲦⲈϤⲘⲀⲨ.
১৫তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে।
16 ⲓ̅ⲋ̅ ⲞⲨϨⲞϮ ⲆⲈ ⲀⲤϬⲒ ⲚⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲞⲨⲞϨ ⲚⲀⲨϮⲰⲞⲨ ⲘⲪⲚⲞⲨϮ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨⲚⲒϢϮ ⲘⲠⲢⲞⲪⲎⲦⲎⲤ ⲀϤⲦⲰⲚϤ ⲚϦⲎⲦⲈⲚ ⲞⲨⲞϨ ϪⲈ ⲀⲪⲚⲞⲨϮ ϪⲈⲘⲠϢⲒⲚⲒ ⲘⲠⲈϤⲖⲀⲞⲤ.
১৬ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
17 ⲓ̅ⲍ̅ ⲞⲨⲞϨ ⲀϤⲒ ⲈⲂⲞⲖ ⲚϪⲈⲠⲒⲤⲀϪⲒ ⲈⲐⲂⲎⲦϤ ϦⲈⲚϮⲒⲞⲨⲆⲈⲀ ⲦⲎⲢⲤ ⲚⲈⲘ ϮⲠⲈⲢⲒⲬⲰⲢⲞⲤ ⲦⲎⲢⲤ.
১৭পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
18 ⲓ̅ⲏ̅ ⲞⲨⲞϨ ⲀⲨⲦⲀⲘⲈ ⲒⲰⲀⲚⲚⲎⲤ ⲚϪⲈⲚⲈϤⲘⲀⲐⲎ ⲦⲎⲤ ⲈⲐⲂⲈ ⲚⲀⲒ ⲦⲎⲢⲞⲨ ⲞⲨⲞϨ ⲈⲦⲀϤⲘⲞⲨϮ ⲈⲂ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈϤⲘⲀⲐⲎⲦⲎⲤ
১৮পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে।
19 ⲓ̅ⲑ̅ ⲀϤⲞⲨⲞⲢⲠⲞⲨ ϨⲀ ⲠϬⲞⲒⲤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲐⲞⲔ ⲠⲈⲐⲚⲎⲞⲨ ϢⲀⲚ ⲚⲦⲈⲚϪⲞⲨϢⲦ ⲈⲂⲞⲖ ϦⲀϪⲰϤ ⲚⲔⲈⲞⲨⲀⲒ.
১৯তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
20 ⲕ̅ ⲈⲦⲀⲨⲒ ⲆⲈ ϨⲀⲢⲞϤ ⲚϪⲈⲚⲒⲢⲰⲘⲒ ⲠⲈϪⲰⲞⲨ ϪⲈ ⲒⲰⲀⲚⲚⲎⲤ ⲠⲒⲢⲈϤϮⲰⲘⲤ ⲀϤⲞⲨⲞⲢⲠⲦⲈⲚ ϨⲀⲢⲞⲔ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲚⲐⲞⲔ ⲠⲈ ⲪⲎ ⲈⲐⲚⲎⲞⲨ ϢⲀⲚ ⲚⲦⲈⲚϪⲞⲨϢⲦ ⲈⲂⲞⲖ ϦⲀϪⲰϤ ⲚⲔⲈⲞⲨⲀⲒ.
২০তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
21 ⲕ̅ⲁ̅ ϦⲈⲚ ϮⲞⲨⲚⲞⲨ ⲈⲦⲈⲘⲘⲀⲨ ⲀϤⲈⲢⲪⲀϦⲢⲒ ⲈϨⲀⲚⲘⲎϢ ⲈⲂⲞⲖ ϦⲈⲚϨⲀⲚϢⲰⲚⲒ ⲚⲈⲘ ϨⲀⲚⲘⲀⲤⲦⲒⲄⲄⲞⲤ ⲚⲈⲘ ϨⲀⲚⲠⲚⲈⲨⲘⲀⲈⲨϨⲰⲞⲨ ⲞⲨⲞϨ ⲞⲨⲘⲎϢ ⲘⲂⲈⲖⲖⲈ ⲀϤⲈⲢϨⲘⲞⲦ ⲚⲰⲞⲨ ⲘⲠⲒⲚⲀⲨ ⲘⲂⲞⲖ.
২১সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।
22 ⲕ̅ⲃ̅ ⲞⲨⲞϨ ⲀϤⲈⲢⲞⲨⲰ ⲠⲈϪⲀϤ ⲚⲰⲞⲨ ϪⲈ ⲘⲀϢⲈ ⲚⲰⲦⲈⲚ ⲘⲀⲦⲀⲘⲈ ⲒⲰⲀⲚⲚⲎⲤ ⲈⲚⲎ ⲈⲦⲈⲦⲈⲚⲚⲀⲨ ⲈⲢⲰⲞⲨ ⲞⲨⲞϨ ⲈⲦⲀⲢⲈⲦⲈⲚⲤⲞⲐⲘⲞⲨ ⲚⲒⲂⲈⲖⲖⲈⲨ ⲤⲈⲚⲀⲨ ⲘⲂⲞⲖ ⲚⲒϬⲀⲖⲈⲨ ⲤⲈⲘⲞϢⲒ ⲚⲒⲔⲀⲔⲤⲈϨⲦ ⲤⲈⲦⲞⲨⲂⲎⲞⲨⲦ ⲚⲒⲔⲞⲨⲢ ⲤⲈⲤⲰⲦⲈⲘ ⲚⲒⲢⲈϤⲘⲰⲞⲨⲦ ⲤⲈⲦⲰⲞⲨⲚⲞⲨ ⲚⲒϨⲎⲔⲒ ⲤⲈϨⲒϢⲈⲚⲚⲞⲨϤⲒ ⲚⲰⲞⲨ.
২২তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
23 ⲕ̅ⲅ̅ ⲞⲨⲞϨ ⲰⲞⲨⲚⲒⲀⲦϤ ⲘⲪⲎ ⲈⲦⲈⲚϤⲚⲀⲈⲢⲤⲔⲀⲚⲆⲀⲖⲒⲌⲈⲤⲐⲈ ⲀⲚ ⲚϦⲎⲦ.
২৩আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
24 ⲕ̅ⲇ̅ ⲈⲦⲀⲨϢⲈ ⲚⲰⲞⲨ ⲆⲈ ⲚϪⲈⲚⲒⲢⲈⲘⲚϨⲰⲂ ⲚⲦⲈⲒⲰⲀⲚⲚⲎⲤ ⲀϤⲈⲢϨⲎⲦⲤ ⲚϪⲞⲤ ⲚⲚⲒⲘⲎϢ ⲈⲐⲂⲈ ⲒⲰⲀⲚⲚⲎⲤ ϪⲈ ⲈⲦⲀⲢⲈⲦⲈⲚⲒ ⲈⲂⲞⲖ ⲈⲠϢⲀϤⲈ ⲈⲚⲀⲨ ⲈⲞⲨ ⲈⲞⲨⲔⲀϢ ⲈⲨⲔⲒⲘ ⲈⲢⲞϤ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨⲐⲎⲞⲨ.
২৪পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?
25 ⲕ̅ⲉ̅ ⲀⲖⲖⲀ ⲈⲦⲀⲢⲈⲦⲈⲚⲒ ⲈⲂⲞⲖ ⲈⲚⲀⲨ ⲈⲞⲨ ⲈⲞⲨⲢⲰⲘⲒ ⲈⲞⲨⲞⲚ ϨⲀⲚϨⲈⲂⲤⲰ ⲈⲨϪⲎⲚ ⲦⲞⲒ ϨⲒⲰⲦϤ ϨⲎⲠⲠⲈ ⲒⲤ ⲚⲀ ⲚⲒϨⲂⲰⲤ ⲚⲦⲈⲠⲰⲞⲨ ⲚⲈⲘ ⲠⲞⲨⲚⲞϤ ⲤⲈⲬⲎ ϦⲈⲚⲠⲎⲒ ⲚⲚⲒⲞⲨⲢⲰⲞⲨ.
২৫তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
26 ⲕ̅ⲋ̅ ⲀⲖⲖⲀ ⲈⲦⲀⲢⲈⲦⲈⲚⲒ ⲈⲂⲞⲖ ⲈⲚⲀⲨ ⲈⲞⲨ ⲈⲞⲨⲠⲢⲞⲪⲎⲦⲎⲤ ⲀϨⲀ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ⲞⲨϨⲞⲨⲞ ⲈⲞⲨⲠⲢⲞⲪⲎⲦⲎⲤ
২৬তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
27 ⲕ̅ⲍ̅ ⲪⲀⲒ ⲠⲈ ⲪⲎ ⲈⲦⲤϦⲎⲞⲨⲦ ⲈⲐⲂⲎⲦϤ ϪⲈ ϨⲎⲠⲠⲈ ϮⲚⲀⲞⲨⲞⲢⲠ ⲘⲠⲀⲄⲄⲈⲖⲞⲤ ϦⲀⲦϨⲎ ⲘⲠⲈⲔϨⲞ ⲪⲎ ⲈⲐⲚⲀⲤⲞⲂϮ ⲘⲠⲈⲔⲘⲰⲒⲦ ⲘⲠⲈⲔⲘⲐⲞ.
২৭এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’
28 ⲕ̅ⲏ̅ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ϪⲈ ϦⲈⲚⲠϪⲒⲚⲘⲒⲤⲒ ⲚⲦⲈⲚⲒϨⲒⲞⲘⲒ ⲘⲘⲞⲚ ϨⲖⲒ ⲚⲀⲀϤ ⲈⲒⲰⲀⲚⲚⲎ ⲤⲠⲒⲔⲞⲨϪⲒ ⲆⲈ ⲈⲢⲞϤ ϦⲈⲚϮⲘⲈⲦⲞⲨⲢⲞ ⲚⲦⲈⲚⲒⲪⲎⲞⲨⲒ ⲞⲨⲚⲒϢϮ ⲈⲢⲞϤ ⲠⲈ.
২৮মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
29 ⲕ̅ⲑ̅ ⲞⲨⲞϨ ⲠⲒⲖⲀⲞⲤ ⲦⲎⲢϤ ⲚⲈⲘ ⲚⲒⲦⲈⲖⲰⲚⲎ ⲤⲀⲨⲐⲘⲀⲒⲈ ⲪⲚⲞⲨϮ ⲈⲦⲀⲨϬⲒⲰⲘⲤ ϦⲈⲚⲠⲒⲰⲘⲤ ⲚⲒⲰⲀⲚⲚⲎⲤ
২৯সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে;
30 ⲗ̅ ⲚⲒⲪⲀⲢⲒⲤⲈⲞⲤ ⲆⲈ ⲚⲈⲘ ⲚⲒⲚⲞⲘⲒⲔⲞⲤ ⲀⲨⲈⲢⲀⲐⲈⲦⲒⲚ ⲘⲠⲒⲤⲞϬⲚⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ⲚϦⲢⲎⲒ ⲚϦⲎⲦⲞⲨ ⲘⲠⲞⲨϬⲒⲰⲘⲤ ⲚⲦⲞⲦϤ.
৩০কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
31 ⲗ̅ⲁ̅ ⲀⲒⲚⲀⲦⲈⲚⲐⲰⲚⲦ ⲈⲚⲒⲢⲰⲘⲒ ⲚⲦⲈⲠⲀⲒϪⲰⲞⲨ ⲈⲞⲨ ⲞⲨⲞϨ ⲞⲨ ⲠⲈ ⲈⲦⲞⲨⲞⲚⲒ ⲘⲘⲞϤ
৩১“এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
32 ⲗ̅ⲃ̅ ⲤⲈⲞⲚⲒ ⲚϨⲀⲚⲀⲖⲰⲞⲨⲒ ⲚⲎ ⲈⲦϨⲈⲘⲤⲒ ϦⲈⲚⲞⲨⲀⲄⲞⲢⲀ ⲞⲨⲞϨ ⲈⲨⲘⲞⲨϮ ⲞⲨⲂⲈ ⲚⲞⲨⲈⲢⲎ ⲞⲨ ⲈⲨϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲀⲚϪⲰ ⲈⲢⲰⲦⲈⲚ ⲞⲨⲞϨ ⲘⲠⲈⲦⲈⲚϬⲞⲤϪⲈⲤ ⲀⲚⲈⲢϨⲎⲂⲒ ⲞⲨⲞϨ ⲘⲠⲈⲦⲈⲚⲢⲒⲘⲒ.
৩২যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
33 ⲗ̅ⲅ̅ ⲀϤⲒ ⲄⲀⲢ ⲚϪⲈⲒⲰⲀⲚⲚⲎⲤ ⲠⲒⲢⲈϤϮⲰⲘⲤ ⲈϤⲞⲨⲈⲘ ⲰⲒⲔ ⲀⲚ ⲞⲨⲞϨ ⲚϤⲤⲈ ⲎⲢⲠ ⲀⲚ ⲞⲨⲞϨ ⲦⲈⲦⲈⲚϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲞⲨⲞⲚ ⲞⲨⲆⲈⲘⲰⲚ ⲚⲈⲘⲀϤ.
৩৩কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
34 ⲗ̅ⲇ̅ ⲀϤⲒ ⲆⲈ ⲚϪⲈⲠϢⲎⲢⲒ ⲘⲪⲢⲰⲘⲒ ⲈϤⲞⲨⲰⲘ ⲞⲨⲞϨ ⲈϤⲤⲰ ⲞⲨⲞϨ ⲦⲈⲦⲈⲚϪⲰ ⲘⲘⲞⲤ ϨⲎⲠⲠⲈ ⲒⲤ ⲞⲨⲢⲰⲘⲒ ⲚⲢⲈϤⲞⲨⲰⲘ ⲞⲨⲞϨ ⲚⲤⲀⲨⲎⲢⲠ ⲈϤⲞⲒ ⲚϢⲪⲎⲢ ⲈⲚⲒⲦⲈⲖⲰⲚⲎⲤ ⲚⲈⲘ ⲚⲒⲢⲈϤⲈⲢⲚⲞⲂⲒ.
৩৪মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
35 ⲗ̅ⲉ̅ ⲞⲨⲞϨ ⲀⲤⲐⲘⲀⲒⲞ ⲚϪⲈϮⲤⲞⲪⲒⲀ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲤϢⲎⲢⲒ ⲦⲎⲢⲞⲨ.
৩৫কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
36 ⲗ̅ⲋ̅ ⲚⲀⲨϮϨⲞ ⲈⲢⲞϤ ⲠⲈ ⲚϪⲈⲞⲨⲀⲒ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲪⲀⲢⲒⲤⲈⲞⲤ ϨⲒⲚⲀ ⲚⲦⲈϤⲞⲨⲰⲘ ⲚⲈⲘⲀϤ ⲞⲨⲞϨ ⲈⲦⲀϤϢⲈ ⲈϦⲞⲨⲚ ⲈⲠⲎⲒ ⲘⲠⲒⲪⲀⲢⲒⲤⲈⲞⲤ ⲀϤⲢⲰⲦⲈⲂ.
৩৬এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
37 ⲗ̅ⲍ̅ ⲞⲨⲞϨ ϨⲎⲠⲠⲈ ⲒⲤ ⲞⲨⲤϨⲒⲘⲒ ⲚⲀⲤⲞⲒ ⲚⲢⲈϤⲈⲢⲚⲞⲂⲒ ϦⲈⲚϮⲂⲀⲔⲒ ⲞⲨⲞϨ ⲈⲦⲀⲤⲈⲘⲒ ϪⲈ ϤⲢⲞⲦⲈⲂ ϦⲈⲚⲠⲎⲒ ⲘⲠⲒⲪⲀⲢⲒⲤⲈⲞⲤ ⲀⲤϬⲒ ⲚⲞⲨⲀⲖⲀⲂⲀⲤⲦⲢⲞⲚ ⲚⲤⲞϪⲈⲚ
৩৭সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
38 ⲗ̅ⲏ̅ ⲞⲨⲞϨ ⲈⲦⲀⲤⲞϨⲒ ⲈⲢⲀⲦⲤ ⲤⲀⲪⲀϨⲞⲨ ϦⲀⲢⲀⲦⲞⲨ ⲚⲚⲈϤϬⲀⲖⲀⲨϪ ⲈⲤⲢⲒⲘⲒ ⲀⲤⲈⲢϨⲎⲦⲤ ⲚϨⲰⲢⲠ ⲚⲚⲈϤϬⲀⲖⲀⲨϪ ϦⲈⲚⲚⲈⲤⲈⲢⲘⲰⲞⲨⲒ ⲞⲨⲞϨ ⲀⲤϤⲞⲦⲞⲨ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒϤⲰⲒ ⲚⲦⲈⲦⲈⲤⲀⲪⲈ ⲞⲨⲞϨ ⲚⲀⲤϮⲪⲒ ⲈⲚⲈϤϬⲀⲖⲀⲨϪ ⲈⲤⲐⲰϨⲤ ⲘⲘⲰⲞⲨ ⲘⲠⲒⲤⲞϪⲈⲚ.
৩৮তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
39 ⲗ̅ⲑ̅ ⲈⲦⲀϤⲚⲀⲨ ⲆⲈ ⲚϪⲈⲠⲒⲪⲀⲢⲒⲤⲈⲞⲤ ⲈⲦⲀϤⲐⲀϨⲘⲈϤ ⲠⲈϪⲀϤ ⲚϦⲢⲎⲒ ⲚϦⲎⲦϤ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲈⲚⲈ ⲞⲨⲠⲢⲞⲪⲎⲦⲎⲤ ⲠⲈ ⲪⲀⲒ ⲚⲀϤⲚⲀⲈⲘⲒ ϪⲈ ⲞⲨ ⲦⲈ ⲞⲨⲞϨ ϪⲈ ⲞⲨ ⲀϢ ⲚⲢⲎϮ ⲦⲈ ⲦⲀⲒⲤϨⲒⲘⲒ ⲈⲦⲀⲤϬⲒ ⲚⲈⲘⲀϤ ϪⲈ ⲞⲨⲢⲈϤⲈⲢⲚⲞⲂⲒ ⲦⲈ.
৩৯তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
40 ⲙ̅ ⲞⲨⲞϨ ⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲒⲎⲤⲞⲨⲤ ⲠⲈϪⲀϤ ⲚⲀϤ ϪⲈ ⲤⲒⲘⲰⲚ ⲞⲨⲞⲚ ⲚⲦⲎⲒ ⲚⲞⲨⲤⲀϪⲒ ⲈϪⲞϤ ⲚⲀⲔ ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲪⲢⲈϤϮⲤⲂⲰ ⲀϪⲞϤ.
৪০তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ ক’লে, “হে গুৰু, কওক।”
41 ⲙ̅ⲁ̅ ⲠⲈϪⲀϤ ⲆⲈ ϪⲈ ⲚⲈⲞⲨⲞⲚ ⲬⲢⲈⲰⲤⲦⲎⲤ ⲂⲈⲞⲨⲞⲚⲦⲈ ⲞⲨⲆⲀⲚⲒⲤⲦⲎⲤ ⲈⲢⲰⲞⲨ ⲠⲒⲞⲨⲀⲒ ⲚⲈⲞⲨⲞⲚ ⲪⲚⲤⲀⲐⲈⲢⲒ ⲈⲢⲞϤ ⲠⲒⲔⲈⲞⲨⲀⲒ ⲆⲈ ⲚⲈⲞⲨⲞⲚ ⲚⲈⲢⲞϤ.
৪১যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী, এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;
42 ⲙ̅ⲃ̅ ⲘⲘⲞⲚ ⲚⲦⲰⲞⲨ ⲆⲈ ⲘⲘⲀⲨ ⲈⲐⲢⲞⲨⲦⲞⲂⲞⲨ ⲀϤⲬⲀⲨ ⲚⲰⲞⲨ ⲈⲂⲞⲖ ⲘⲠⲂ ⲚϨⲘⲞⲦ ⲚⲒⲘ ⲞⲨⲚ ⲚϦⲎⲦⲞⲨ ⲈⲐⲚⲀⲘⲈⲚⲢⲒⲦϤ ⲚϨⲞⲨⲞ.
৪২পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
43 ⲙ̅ⲅ̅ ⲀϤⲈⲢⲞⲨⲰ ⲚϪⲈⲤⲒⲘⲰⲚ ⲠⲈϪⲀϤ ϪⲈ ϮⲘⲈⲨⲒ ϪⲈ ⲪⲎ ⲈⲦⲀϤⲬⲀ ⲠⲒϨⲞⲨⲞ ⲚⲀϤ ⲈⲂⲞⲖ ⲚϨⲘⲞⲦ ⲚⲐⲞϤ ⲆⲈ ⲠⲈϪⲀϤ ϪⲈ ⲀⲔϮϨⲀⲠ ϦⲈⲚⲞⲨⲤⲰⲞⲨⲦⲈⲚ.
৪৩তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
44 ⲙ̅ⲇ̅ ⲞⲨⲞϨ ⲈⲦⲀϤⲪⲞⲚϨϤ ⲈϮⲤϨⲒⲘⲒ ⲠⲈϪⲀϤ ⲚⲤⲒⲘⲰⲚ ϪⲈ ⲬⲚⲀⲨ ⲈⲦⲀⲒⲤϨⲒⲘⲒ ⲀⲒⲒ ⲈϦⲞⲨⲚ ⲈⲠⲈⲔⲎⲒ ⲘⲠⲈⲔϮ ⲚⲞⲨⲘⲰⲞⲨ ⲈⲚⲀϬⲀⲖⲀⲨϪ ⲐⲀⲒ ⲆⲈ ⲚⲐⲞⲤ ⲀⲤϨⲰⲢⲠ ⲚⲚⲀϬⲀⲖⲀⲨϪ ϦⲈⲚⲚⲈⲤⲈⲢⲘⲰⲞⲨⲒ ⲞⲨⲞϨ ⲀⲤϤⲞⲦⲞⲨ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲤϤⲰⲒ.
৪৪তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
45 ⲙ̅ⲉ̅ ⲘⲠⲈⲔϮ ⲚⲞⲨⲪⲒ ⲈⲢⲰⲒ ⲐⲀⲒ ⲆⲈ ⲚⲐⲞⲤ ⲒⲤϪⲈⲚ ⲈⲦⲀⲒⲒ ⲈϦⲞⲨⲚ ⲘⲠⲈⲤⲬⲀⲦⲞⲦⲤ ⲈⲂⲞⲖ ⲈⲤϮⲪⲒ ⲈⲚⲀϬⲀⲖⲀⲨϪ.
৪৫তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।
46 ⲙ̅ⲋ̅ ⲘⲠⲈⲔⲐⲰϨⲤ ⲚⲦⲀⲀⲪⲈ ⲚⲞⲨⲚⲈϨ ⲐⲀⲒ ⲆⲈ ⲚⲐⲞⲤ ⲀⲤⲐⲰϨⲤ ⲚⲚⲀϬⲀⲖⲀⲨϪ ⲚⲞⲨⲤⲞϪⲈⲚ.
৪৬তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
47 ⲙ̅ⲍ̅ ⲈⲐⲂⲈⲪⲀⲒ ϮϪⲰ ⲘⲘⲞⲤ ⲚⲀⲔ ϪⲈ ⲚⲈⲤⲚⲞⲂⲒ ⲈⲦⲞϢ ⲤⲈⲬⲎ ⲚⲀⲤ ⲈⲂⲞⲖ ϪⲈ ⲀⲤⲈⲢⲀⲄⲀⲠⲀⲚ ⲈⲘⲀϢⲰ ⲪⲎ ⲄⲀⲢ ⲈϢⲀⲨⲬⲀ ⲞⲨⲔⲞⲨϪⲒ ⲚⲀϤ ⲈⲂⲞⲖ ϢⲀϤⲈⲢⲀⲄⲀⲠⲀⲚ ⲚⲞⲨⲔⲞⲨϪⲒ.
৪৭এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”
48 ⲙ̅ⲏ̅ ⲠⲈϪⲀϤ ⲆⲈ ⲚⲀⲤ ϪⲈ ⲚⲈⲚⲞⲂⲒ ⲤⲈⲬⲎ ⲚⲈⲈⲂⲞⲖ.
৪৮পাছত তেওঁ সেই তিৰোতাক ক’লে, “তোমাৰ পাপ ক্ষমা হ’ল।”
49 ⲙ̅ⲑ̅ ⲞⲨⲞϨ ⲀⲨⲈⲢϨⲎⲦⲤ ⲚϪⲞⲤ ⲚϦⲢⲎⲒ ⲚϦⲎⲦⲞⲨ ⲚϪⲈⲚⲎ ⲈⲐⲢⲞⲦⲈⲂ ϪⲈ ⲚⲒⲘ ⲠⲈ ⲪⲀⲒ ⲈⲦⲈⲢ ⲠⲔⲈⲬⲀⲚⲞⲂⲒ ⲈⲂⲞⲖ.
৪৯তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?”
50 ⲛ̅ ⲠⲈϪⲀϤ ⲆⲈ ⲚϮⲤϨⲒⲘⲒ ϪⲈ ⲘⲀϢⲈ ⲚⲈϦⲈⲚⲞⲨϨⲒⲢⲎⲚⲎ ⲠⲈⲚⲀϨϮ ⲠⲈⲦⲀϤⲚⲀϨⲘⲒ.
৫০কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”