< ⲒⲞⲨⲆⲀⲤ 1 >

1 ⲁ̅ ⲒⲞⲨⲆⲀⲤ ⲪⲂⲰⲔ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲠⲤⲞⲚ ⲆⲈ ⲚⲒⲀⲔⲰⲂⲞⲤ ⲚⲚⲎ ⲈⲦⲀⲨⲘⲈⲚⲢⲒⲦⲞⲨ ϦⲈⲚⲪⲚⲞⲨϮ ⲪⲒⲰⲦ ⲞⲨⲞϨ ⲀⲨⲀⲢⲈϨ ⲈⲢⲰⲞⲨ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲚⲎ ⲈⲦⲐⲀϨⲈⲘ
যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয়পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোক সকলৰ সমীপলৈ:
2 ⲃ̅ ⲪⲚⲀⲒ ⲚⲈⲘ ⲦϨⲒⲢⲎⲚⲎ ⲚⲈⲘ ϮⲀⲄⲀⲠⲎ ⲚⲦⲞⲨⲀϢⲀⲒ ⲚⲰⲦⲈⲚ
আপোনালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক।
3 ⲅ̅ ⲚⲀⲘⲈⲚⲢⲀϮ ⲤⲠⲞⲨⲆⲎ ⲚⲒⲂⲈⲚ ⲈϮⲢⲀ ⲘⲘⲰⲞⲨ ⲈⲒⲤϦⲀⲒ ⲚⲰⲦⲈⲚ ⲈⲐⲂⲈ ⲠⲈⲦⲈⲚⲞⲨϪⲀⲒ ⲈⲨⲤⲞⲠ ⲀⲤⲈⲢⲀⲚⲀⲄⲔⲎ ⲈⲢⲞⲒ ⲈⲤϦⲀⲒ ⲚⲰⲦⲈⲚ ⲈϮⲚⲞⲘϮ ϪⲈ ⲚⲦⲈⲦⲈⲚⲈⲢⲀⲄⲰⲚⲒⲌⲈⲤⲐⲈ ϦⲈⲚⲠⲒⲚⲀϨϮ ⲈⲦⲀⲨⲦⲎⲒϤ ⲚⲞⲨⲤⲞⲠ ⲚⲦⲈⲚ ⲐⲎⲚⲞⲨ ϦⲀ ⲚⲒⲀⲄⲒⲞⲤ
হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।
4 ⲇ̅ ⲀⲨⲤⲀϦⲘⲞⲨ ⲄⲀⲢ ⲚϪⲈϨⲀⲚⲢⲰⲘⲒ ⲈϦⲞⲨⲚ ⲈⲢⲞⲚ ⲚⲎ ⲈⲦⲀⲨⲈⲢϢⲞⲢⲠ ⲚⲤϦⲀⲒ ⲈⲐⲂⲎⲦⲞⲨ ⲈⲠⲀⲒϨⲀⲠ ⲈⲨⲞⲒ ⲚⲀⲤⲈⲂⲎⲤ ⲈⲨϢⲒⲂϮ ⲘⲠⲒϨⲘⲞⲦ ⲚⲦⲈⲠⲈⲚϬⲞⲒⲤ ⲈϦⲞⲨⲚ ⲈⲞⲨⲤⲰϤ ⲞⲨⲞϨ ⲪⲚⲎⲂ ⲘⲘⲀⲨⲀⲦϤ ⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲈⲨϪⲰⲖ ⲘⲘⲞϤ ⲈⲂⲞⲖ.
কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।
5 ⲉ̅ ϮⲞⲨⲰϢ ⲈⲐⲢⲈⲦⲈⲚⲈⲘⲒ ϨⲰⲤ ⲈⲢⲈⲦⲈⲚⲤⲰⲞⲨⲚ ⲚϨⲰⲂ ⲚⲒⲂⲈⲚ ϪⲈ ⲞⲨⲤⲞⲠ ⲀⲒⲎⲤⲞⲨⲤ ⲚⲞϨⲈⲘ ⲘⲠⲈϤⲖⲀⲞⲤ ⲈⲂⲞⲖ ϦⲈⲚⲠⲔⲀϨⲒ ⲚⲬⲎⲘⲒ ⲪⲘⲀϨⲤⲞⲠ ⲆⲈ ⲂⲚⲎ ⲈⲦⲈ ⲘⲠⲞⲨⲚⲀϨϮ ⲀϤⲦⲀⲔⲰⲞⲨ
কিন্তু এই বিষয়ে আপোনালোকে সকলো কথা জানিলেও, আপোনালোকক সোঁৱৰাব খোজো যে, প্ৰভুৱে মিচৰ দেশৰ পৰা তেওঁৰ লোক সকলক উদ্ধাৰ কৰি উলিয়াই অনাৰ সময়ত যি সকলে বিশ্বাস নকৰিলে, তেওঁ সেই লোক সকলক বিনষ্ট কৰিলে।
6 ⲋ̅ ϨⲀⲚⲔⲈⲀⲄⲄⲈⲖⲞⲤ ⲘⲠⲞⲨⲀⲢⲈϨ ⲈⲦⲞⲨⲀⲢⲬⲎ ⲀⲖⲖⲀ ⲀⲨⲬⲰ ⲘⲠⲞⲨⲘⲀⲚϢⲰⲠⲒ ⲚⲤⲰⲞⲨ ⲀϤⲀⲢⲈϨ ⲈⲢⲰⲞⲨ ⲈϦⲞⲨⲚ ϦⲀ ⲠⲬⲀⲔⲒ ϦⲈⲚϨⲀⲚⲤⲚⲀⲨϨ ⲚⲈⲚⲈϨ ⲈⲠⲒϨⲀⲠ ⲚⲦⲈⲠⲒⲚⲒϢϮ ⲚⲈϨⲞⲞⲨ (aïdios g126)
আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। (aïdios g126)
7 ⲍ̅ ⲘⲪⲢⲎϮ ⲚⲤⲞⲆⲞⲘⲀ ⲚⲈⲘ ⲄⲞⲘⲞⲢⲢⲀ ⲚⲈⲘ ⲚⲒⲔⲈⲠⲞⲖⲒⲤ ⲈⲦⲔⲰϮ ⲈⲢⲰⲞⲨ ⲈⲦⲀⲨⲈⲢⲠⲞⲢⲚⲈⲨⲒⲚ ⲘⲪⲢⲎϮ ⲚⲚⲀⲒ ⲞⲨⲞϨ ⲀⲨϢⲈ ⲚⲰⲞⲨ ⲤⲀⲪⲀϨⲞⲨ ⲚϨⲀⲚⲔⲈⲤⲀⲢⲜ ⲤⲈⲬⲎ ⲈⲨⲤⲘⲞⲦ ⲚⲦⲈⲠⲒⲬⲢⲰⲘ ⲚⲈⲚⲈϨ ⲈⲨⲚⲀϬⲒ ⲚⲞⲨϨⲀⲠ (aiōnios g166)
এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে। (aiōnios g166)
8 ⲏ̅ ⲠⲀⲒⲢⲎϮ ⲞⲚ ⲚⲀⲒⲔⲈⲬⲰⲞⲨⲚⲒ ⲤⲈⲤⲰϤ ⲚⲦⲞⲨⲤⲀⲢⲜ ϦⲈⲚⲠⲪⲰⲢ ⲚⲦⲈϨⲀⲚⲢⲀⲤⲞⲨⲒ ϮⲘⲈⲦϬⲞⲒⲤ ⲆⲈ ⲤⲈϢⲰϢϤ ⲘⲘⲞⲤ ⲚⲒⲰⲞⲨ ⲤⲈϪⲈⲞⲨⲀ ⲈⲢⲰⲞⲨ
তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।
9 ⲑ̅ ⲘⲒⲬⲀⲎⲖ ⲆⲈ ⲠⲒⲀⲢⲬⲎⲀⲄⲄⲈⲖⲞⲤ ⲈϤϪⲰ ⲘⲘⲞⲤ ⲞⲨⲂⲈ ⲠⲒⲆⲒⲀⲂⲞⲖⲞⲤ ⲚⲀϤⲤⲀϪⲒ ⲈⲐⲂⲈ ⲠⲤⲰⲘⲀ ⲘⲘⲰⲨⲤⲎⲤ ⲘⲠⲈϤⲈⲢⲦⲞⲖⲘⲀⲚ ⲈⲈⲚ ⲞⲨϨⲀⲠ ⲚϪⲈⲞⲨⲀ ⲈϨⲢⲎⲒ ⲈϪⲰϤ ⲀⲖⲖⲀ ⲠⲈϪⲀϤ ϪⲈ ⲈⲢⲈ ⲠϬⲞⲒⲤ ⲈⲢⲈⲠⲒⲦⲒⲘⲀⲚ ⲚⲀⲔ
কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”
10 ⲓ̅ ⲚⲀⲒ ⲆⲈ ⲚⲎ ⲘⲈⲚ ⲈⲦⲈ ⲚⲤⲈⲈⲘⲒ ⲈⲢⲰⲞⲨ ⲀⲚ ⲤⲈϪⲈⲞⲨⲀ ⲚϦⲎⲦⲞⲨ ⲚⲎ ⲆⲈ ⲈⲦⲞⲨⲤⲰⲞⲨⲚ ⲘⲘⲰⲞⲨ ⲪⲨⲤⲒⲔⲰⲤ ⲘⲪⲢⲎϮ ⲚⲚⲒⲦⲈⲂⲚⲰⲞⲨⲒ ⲚⲀⲦⲤⲀϪⲒ ⲚϦⲢⲎⲒ ϦⲈⲚⲚⲀⲒ ⲤⲈⲦⲀⲔⲎⲞⲨⲦ
১০কিন্তু তেওঁলোকে যিহক নাজানে, তাক নিন্দা কৰে; জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে, তাতেই নষ্ট হয়।
11 ⲓ̅ⲁ̅ ⲞⲨⲞⲒ ⲚⲰⲞⲨ ϪⲈ ⲀⲨⲘⲞϢⲒ ϨⲒ ⲪⲘⲰⲒⲦ ⲞⲨⲞϨ ⲀⲨⲪⲰⲚ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲦⲤⲞⲢⲘⲈⲤ ⲘⲪⲂⲈⲬ ⲈⲘⲂⲀⲖⲀⲀⲘ ⲞⲨⲞϨ ⲀⲨⲦⲀⲔⲞ ϦⲈⲚϮⲀⲚⲦⲒⲖⲞⲄⲒⲀ ⲚⲦⲈⲔⲞⲢⲈ
১১তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।
12 ⲓ̅ⲃ̅ ⲚⲀⲒ ⲚⲈⲚⲎ ⲈⲦⲞⲒ ⲚⲀϬⲚⲒ ϦⲈⲚⲚⲈⲦⲈⲚⲀⲄⲀⲠⲎ ⲈⲨⲞⲨⲚⲞϤ ⲚⲈⲘⲰⲦⲈⲚ ⲈⲨⲞⲒ ⲘⲘⲀⲚⲈⲤⲰⲞⲨ ⲈⲢⲰⲞⲨ ⲘⲘⲀⲨⲀⲦⲞⲨ ϦⲈⲚⲞⲨⲘⲈⲦⲀⲦϨⲞϮ ϨⲀⲚϬⲎⲠⲒ ⲚⲀⲐⲘⲰⲞⲨ ⲚⲈⲞⲨⲞⲚ ⲈⲢⲈ ⲠⲐⲎ ⲞⲨ ϬⲒ ⲘⲘⲰⲞⲨ ⲞⲨⲞϨ ⲈϤⲒⲚⲒ ⲘⲘⲰⲞⲨ ϨⲀⲚϢϢⲎⲚ ⲚⲦⲈⲠⲐⲒⲚⲞⲠⲞⲢⲞⲚ ⲚⲈⲚⲀⲦⲞⲨⲦⲀϨ ⲈⲀⲨⲘⲞⲨ ⲚⲤⲞⲠⲂ ⲈⲀⲨϤⲞϪⲞⲨ ⲚⲈⲘ ⲦⲞⲨⲚⲞⲨⲚⲒ
১২তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে; তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ;
13 ⲓ̅ⲅ̅ ϨⲀⲚϨⲰⲒⲘⲒ ⲚⲀⲄⲢⲒⲞⲚ ⲚⲦⲈⲪⲒⲞⲘ ⲚⲈⲈⲨϨⲒⲤⲪⲎⲒϮ ⲚⲞⲨϢⲒⲠⲒ ϨⲀⲚⲤⲒⲞⲨ ⲈⲨⲤⲞⲢⲈⲘ ⲚⲈⲈⲨⲀⲢⲈϨ ⲚⲰⲞⲨ ⲈⲠⲬⲀⲔⲒ ⲚⲦⲈⲦⲬⲈⲘⲤ ⲚⲈⲚⲈϨ (aiōn g165)
১৩তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। (aiōn g165)
14 ⲓ̅ⲇ̅ ⲀϤⲈⲢⲠⲢⲞⲪⲎⲦⲈⲨⲒⲚ ⲆⲈ ⲞⲚ ϦⲀ ⲚⲀⲒ ⲚϪⲈⲠⲒⲘⲀϨⲌ ⲒⲤϪⲈⲚ ⲀⲆⲀⲘ ⲈⲚⲰⲬ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲒⲤ ⲠϬⲞⲒⲤ ⲀϤⲒ ϦⲈⲚϨⲀⲚⲐⲂⲀ ⲚⲀⲄⲄⲈⲖⲞⲤ ⲈⲨⲞⲨⲀⲂ ⲚⲦⲀϤ
১৪আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেৱোঁ তেওঁলোকৰ উদ্দেশ্যে ভাবোক্তি প্ৰচাৰ কৰি কৈছিল, “চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে,
15 ⲓ̅ⲉ̅ ⲈϤⲒⲢⲒ ⲚⲞⲨϨⲀⲠ ϦⲀ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲞⲨⲞϨ ⲈⲤⲞϨⲒ ⲚⲚⲒⲀⲤⲈⲂⲎⲤ ⲦⲎⲢⲞⲨ ⲈⲐⲂⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲚⲦⲈⲚⲞⲨϨⲂⲎⲞⲨⲒ ⲘⲘⲈⲦⲀⲤⲈⲂⲎⲤ ⲈⲦⲀⲨⲈⲢⲀⲤⲈⲂⲎ ⲤⲚⲈⲘ ⲈⲐⲂⲈ ϨⲰⲂ ⲚⲒⲂⲈⲚ ⲈⲐⲚⲀϢⲦ ⲚⲎ ⲈⲦⲀⲨⲤⲀϪⲒ ⲘⲘⲰⲞⲨ ϦⲀⲢⲞϤ ⲈϨⲀⲚⲢⲈϤⲈⲢⲚⲞⲂⲒ ⲚⲈⲚⲀⲤⲈⲂⲎⲤ
১৫সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”
16 ⲓ̅ⲋ̅ ⲚⲀⲒ ⲚⲈⲚⲒⲢⲈϤⲬⲢⲈⲘⲢⲈⲘ ⲚⲢⲈϤϤⲒⲀⲢⲒⲔⲒ ⲈⲨⲘⲞϢⲒ ⲔⲀⲦⲀ ⲚⲞⲨⲈⲠⲒⲐⲨⲘⲒⲀ ⲞⲨⲞϨ ⲢⲰⲞⲨ ⲤⲀϪⲒ ϦⲈⲚⲞⲨϨⲞⲨⲞ ⲈⲨⲞⲒ ⲚϢⲪⲎⲢⲒ ⲈϨⲀⲚϨⲞ ⲈⲐⲂⲈ ϨⲎⲞⲨ.
১৬তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।
17 ⲓ̅ⲍ̅ ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲚⲀⲘⲈⲚⲢⲀϮ ⲀⲢⲒⲪⲘⲈⲨⲒ ⲚⲚⲒⲤⲀϪⲒ ⲈⲦⲀⲨϪⲞⲦⲞⲨ ⲒⲤϪⲈⲚ ϢⲞⲢⲠ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲚⲒⲀⲠⲞⲤⲦⲞⲖⲞⲤ ⲚⲦⲈⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲤ
১৭কিন্তু, হে প্ৰিয় সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পাঁচনি সকলে পূৰ্বতে কোৱা কথা আপোনালোকে সোঁৱৰণ কৰক;
18 ⲓ̅ⲏ̅ ϪⲈ ⲚⲀⲨϪⲰ ⲘⲘⲞⲤ ⲚⲰⲦⲈⲚ ⲠⲈ ϪⲈ ⲈⲠϦⲀⲈ ⲚⲦⲈⲚⲒⲤⲎⲞⲨ ⲈⲨⲈⲒ ⲚϪⲈϨⲀⲚⲢⲈϤⲈⲢϨⲀⲖ ⲈⲨⲘⲞϢⲒ ⲔⲀⲦⲀ ⲚⲒⲈⲠⲒⲐⲨⲘⲒⲀ ⲚⲦⲈⲚⲞⲨⲘⲈⲦⲀⲤⲈⲂⲎ Ⲥ
১৮তেওঁলোকে আপোনালোকক ক’লে, “শেষ-কালত নিজ নিজ ভক্তিহীন অভিলাষৰদৰে চলা বিদ্ৰূপকাৰী সকল উপস্থিত হ’ব”।
19 ⲓ̅ⲑ̅ ⲚⲀⲒ ⲚⲈⲚⲎ ⲈⲦⲪⲞⲢϪ ⲈⲂⲞⲖ ⲘⲮⲨⲬⲒⲔⲞⲤ ⲚⲎ ⲈⲦⲈ ⲘⲘⲞⲚ ⲠⲚⲈⲨⲘⲀⲚϦⲎⲦⲞⲨ
১৯তেওঁলোক দলভেদ কৰোঁতা আৰু ইন্দ্ৰিয়াসক্ত। তেওঁলোক আত্মা-বিহীন।
20 ⲕ̅ ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲚⲀⲘⲈⲚⲢⲀϮ ⲔⲈⲦ ⲐⲎⲚⲞⲨ ϦⲈⲚⲠⲈⲦⲈⲚⲚⲀϨϮ ⲈⲐⲞⲨⲀⲂ ⲈⲢⲈⲦⲈⲚⲦⲰⲂϨ ϦⲈⲚⲠⲒⲠⲚⲈⲨⲘⲀⲈⲐⲞⲨⲀⲂ
২০কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;
21 ⲕ̅ⲁ̅ ⲘⲀⲢⲈⲚⲀⲢⲈϨ ⲈⲢⲞⲚ ϦⲈⲚⲞⲨⲀⲄⲀⲠⲎ ⲚⲦⲈⲪⲚⲞⲨϮ ⲈⲚϪⲞⲨϢⲦ ⲈⲂⲞⲖ ϦⲀⲦϨⲎ ⲘⲠⲒⲚⲀⲒ ⲚⲦⲈⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲈⲨⲰⲚϦ ⲚⲈⲚⲈϨ (aiōnios g166)
২১ঈশ্বৰৰ প্ৰেমক ধৰি ৰাখক আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকক। (aiōnios g166)
22 ⲕ̅ⲃ̅ ϨⲀⲚⲞⲨⲞⲚ ⲘⲈⲚ ⲈⲢⲈⲦⲈⲚⲤⲞϨⲒ ⲘⲘⲰⲞⲨ ⲈⲨⲈⲢⲆⲒⲀⲔⲢⲒⲚⲒⲚ ⲘⲘⲰⲞⲨ
২২আৰু কোনো লোকক, অৰ্থাৎ সংশয় কৰা সকলক দয়া কৰক;
23 ⲕ̅ⲅ̅ ϨⲀⲚⲞⲨⲞⲚ ⲆⲈ ⲈⲢⲈⲦⲈⲚⲚⲞϨⲈⲘ ⲘⲘⲰⲞⲨ ⲈⲢⲈⲦⲈⲚϨⲰⲖⲈⲘ ⲘⲘⲰⲞⲨ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨⲬⲢⲰⲘ ϨⲀⲚⲞⲨⲞⲚ ⲆⲈ ⲈⲢⲈⲦⲈⲚⲚⲀⲒ ⲚⲰⲞⲨ ϦⲈⲚⲞⲨϨⲞϮ ⲈⲢⲈⲦⲈⲚⲘⲞⲤϮ ⲚϮⲔⲈϢⲐⲎⲚ ⲈⲦⲞⲒ ⲚⲀϬⲚⲒ ⲈⲂⲞⲖ ϦⲈⲚϮⲤⲀⲢⲜ
২৩কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।
24 ⲕ̅ⲇ̅ ⲪⲎ ⲆⲈ ⲈⲦⲈ ⲞⲨⲞⲚ ϢϪⲞⲘ ⲘⲘⲞϤ ⲈⲀⲢⲈϨ ⲈⲢⲰⲦⲈⲚ ⲚⲀⲦⲤⲖⲀϮ ⲞⲨⲞϨ ⲈⲦⲀϨⲞⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲘⲠⲈⲘⲐⲞ ⲘⲠⲈϤⲰⲞⲨ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲚⲀⲦⲀϬ ⲚⲒ ϦⲈⲚⲞⲨⲐⲈⲖⲎⲖ.
২৪এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
25 ⲕ̅ⲉ̅ ⲪⲚⲞⲨϮ ⲘⲘⲀⲨⲀⲦϤ ⲠⲈⲚⲤⲰⲦⲎⲢ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲠⲈⲚϬⲞⲒⲤ ⲠⲒⲰⲞⲨ ⲪⲰϤ ⲠⲈ ⲚⲈⲘ ϮⲘⲈⲦⲚⲒϢϮ ⲚⲈⲘ ⲠⲒⲀⲘⲀϨⲒ ⲚⲈⲘ ⲠⲒⲈⲢϢⲒϢⲒ ϦⲀϪⲈⲚ ⲚⲒⲈⲚⲈϨ ⲦⲎⲢⲞⲨ ⲚⲈⲘ ϮⲚⲞⲨ ⲚⲈⲘ ϢⲀ ⲈⲚⲈϨ ⲚⲦⲈⲚⲒⲈⲚⲈϨ ⲀⲘⲎⲚ. (aiōn g165)
২৫তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্ৰাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন। (aiōn g165)

< ⲒⲞⲨⲆⲀⲤ 1 >