< ⲚⲒⳈⲈⲂⲢⲈⲞⲤ 12 >
1 ⲁ̅ ⲈⲐⲂⲈⲪⲀⲒ ⲄⲀⲢ ⲀⲚⲞⲚ ϨⲰⲚ ⲈⲞⲨⲞⲚ ⲞⲨϬⲎⲠⲒ ⲚⲦⲀⲒⲘⲀⲒⲎ ⲬⲎ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ ⲚⲦⲈϨⲀⲚⲘⲀⲢⲦⲨⲢⲞⲤ ⲈⲀⲚⲬⲰ ⲚⲤⲰⲚ ⲘⲘⲈⲦϬⲀⲤⲒϨⲎⲦ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲪⲚⲞⲂⲒ ⲈⲦⲞϨⲒ ⲈⲢⲀⲦϤ ⲈⲢⲞⲚ ⲈⲘⲀϢⲰ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨϨⲨⲠⲞⲘⲞⲚⲎ ⲘⲀⲢⲈⲚϬⲞϪⲒ ϦⲈⲚⲠⲒⲀⲄⲰⲚ ⲈⲦⲬⲎ ⲚⲀⲚ ⲈϦⲢⲎⲒ.
১এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
2 ⲃ̅ ⲈⲚϪⲞⲨϢⲦ ⲈⲠⲀⲢⲬⲎⲄⲞⲤ ⲚⲦⲈⲪⲚⲀϨϮ ⲚⲈⲘ ⲠⲒⲢⲈϤϪⲰⲔ ⲒⲎⲤⲞⲨⲤ ⲪⲀⲒ ⲈⲦⲈ ⲚⲦϢⲈⲂⲒⲰ ⲘⲠⲒⲢⲀϢⲒ ⲈⲦⲬⲎ ϦⲀϪⲰϤ ⲀϤⲀⲘⲞⲚⲒ ⲚⲦⲞⲦϤ ⲈⲞⲨⲤⲦⲀⲨⲢⲞⲤ ⲀϤⲈⲢⲔⲀⲦⲀⲪⲢⲞⲚⲒⲚ ⲘⲠϢⲒⲠⲒ ⲀϤϨⲈⲘⲤⲒ ⲤⲀⲞⲨⲒⲚⲀⲘ ⲘⲠⲒⲐⲢⲞⲚⲞⲤ ⲚⲦⲈⲪⲚⲞⲨϮ.
২আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
3 ⲅ̅ ⲘⲈⲔⲘⲈⲔ ⲐⲎⲚⲞⲨ ⲄⲀⲢ ⲈⲦⲀⲒⲘⲈⲦⲢⲈϤⲀⲘⲞⲚⲒ ⲚⲦⲞⲦϤ ⲚⲦⲈⲪⲀⲒ ⲘⲠⲀⲒⲢⲎϮ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦⲞⲨ ⲚⲚⲒⲢⲈϤⲈⲢⲚⲞⲂⲒ ⲈⲨⲀⲚⲦⲒⲖⲞⲄⲒⲀ ⲈⲢⲰⲞⲨ ⲘⲘⲒⲚ ⲘⲘⲰⲞⲨ ϨⲒⲚⲀ ⲚⲦⲈⲦⲈⲚϢⲦⲈⲘϬⲒϦⲒⲤⲒ ⲈⲢⲈⲦⲈⲚⲂⲎⲖ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈⲦⲈⲚⲮⲨⲬⲎ.
৩এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
4 ⲇ̅ ⲘⲠⲀⲦⲈⲦⲈⲚⲞϨⲒ ⲈⲢⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲈⲢⲈⲦⲈⲚϮ ⲞⲨⲂⲈ ⲪⲚⲞⲂⲒ ϢⲀ ⲈϦⲢⲎⲒ ⲈⲠⲤⲚⲞϤ.
৪আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই;
5 ⲉ̅ ⲞⲨⲞϨ ⲀⲢⲈⲦⲈⲚⲈⲢⲠⲰⲂϢ ⲘⲠⲒⲐⲰⲦ ⲚϨⲎⲦ ⲪⲀⲒ ⲈⲦⲀϤⲤⲀϪⲒ ⲚⲈⲘⲰⲦⲈⲚ ⲘⲪⲢⲎϮ ⲚϨⲀⲚϢⲎⲢⲒ ⲠⲀϢⲎⲢⲒ ⲘⲠⲈⲢⲈⲢⲔⲞⲨϪⲒ ⲚϨⲎⲦ ϦⲈⲚϮⲤⲂⲰ ⲚⲦⲈⲠϬⲞⲒⲤ ⲞⲨⲆⲈ ⲘⲠⲈⲢⲂⲰⲖ ⲈⲂⲞⲖ ⲈϤⲤⲞϨⲒ ⲘⲘⲞⲔ.
৫আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;
6 ⲋ̅ ⲪⲎ ⲄⲀⲢ ⲈⲦⲈ ⲠϬⲞⲒⲤ ⲘⲈⲒ ⲘⲘⲞϤ ϢⲀϤϮⲤⲂⲰ ⲚⲀϤ ϢⲀϤⲈⲢⲘⲀⲤⲦⲒⲄⲄⲞⲒⲚ ⲆⲈ ⲚϢⲎⲢⲒ ⲚⲒⲂⲈⲚ ⲈⲦⲈϤⲚⲀϢⲞⲠⲞⲨ ⲈⲢⲞϤ.
৬কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে।
7 ⲍ̅ ⲀⲢⲒϨⲨⲠⲞⲘⲈⲚⲒⲚ ⲚⲤⲂⲰ ⲀϤⲤⲀϪⲒ ⲚⲈⲘⲰⲦⲈⲚ ⲘⲪⲢⲎϮ ⲚϨⲀⲚϢⲎⲢⲒ ⲚϪⲈⲪⲚⲞⲨϮ ⲚⲒⲘ ⲄⲀⲢ ⲚϢⲎⲢⲒ ⲈⲦⲈ ⲘⲠⲀⲢⲈ ⲠⲈϤⲒⲰⲦ ϮⲤⲂⲰ ⲚⲀϤ.
৭আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে?
8 ⲏ̅ ⲒⲤϪⲈ ⲦⲈⲦⲈⲚⲬⲎ ⲤⲀⲂⲞⲖ ⲚϮⲤⲂⲰ ⲐⲎ ⲈⲦⲀⲨⲈⲢϢⲪⲎⲢ ⲈⲢⲞⲤ ⲦⲎⲢⲞⲨ ϨⲀⲢⲀ ⲚⲐⲰⲦⲈⲚ ϨⲀⲚϢⲎⲢⲒ ⲚⲚⲞⲨϪ ⲞⲨⲞϨ ⲚⲐⲰⲦⲈⲚ ϨⲀⲚϢⲎⲢⲒ ⲀⲚ.
৮কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়।
9 ⲑ̅ ⲒⲤϪⲈ ⲚⲈⲚⲒⲞϮ ⲘⲈⲚ ⲚⲦⲈⲦⲤⲀⲢⲜ ⲚⲀⲨⲚⲦⲀⲚ ⲘⲘⲀⲨ ⲚⲢⲈϤϮⲤⲂⲰ ⲞⲨⲞϨ ⲚⲀⲚϢⲪⲒⲦ ϦⲀⲦⲞⲨϨⲎ ⲒⲈ ⲚϨⲞⲨⲞ ⲀⲚ ϪⲈ ⲚⲦⲈⲚϬⲚⲈϪⲰⲚ ⲘⲪⲒⲰⲦ ⲚⲦⲈⲚⲒⲠⲚⲈⲨⲘⲀⲞⲨⲞϨ ⲚⲦⲈⲚⲰⲚϦ.
৯ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?
10 ⲓ̅ ⲚⲎ ⲘⲈⲚ ⲄⲀⲢ ⲠⲢⲞⲤ ⲞⲨⲔⲞⲨϪⲒ ⲚⲈϨⲞⲞⲨ ⲚⲀⲨϮⲤⲂⲰ ⲚⲀⲚ ⲔⲀⲦⲀ ⲠⲈⲦⲈϨⲚⲰⲞⲨ ⲪⲀⲒ ⲆⲈ ⲚⲐⲞϤ ⲠⲈⲦⲈⲢⲚⲞϤⲢⲒ ⲚⲀⲚ ⲚϨⲞⲨⲞ ϪⲈ ⲚⲦⲈⲚϬⲒ ⲈⲂⲞⲖ ϦⲈⲚⲦⲈϤⲘⲈⲦⲦⲞⲨⲂⲞ.
১০তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।
11 ⲓ̅ⲁ̅ ⲤⲂⲰ ⲆⲈ ⲚⲒⲂⲈⲚ ⲠⲢⲞⲤ ϮⲞⲨⲚⲞⲨ ⲘⲈⲚ ⲘⲠⲀⲔϪⲈⲘⲞⲨ ⲈⲚⲀⲞⲨⲢⲀϢⲒ ⲚⲈⲀⲖⲖⲀ ⲚⲦⲈⲞⲨⲘⲔⲀϨ ⲚϨⲎⲦ ⲈⲠϦⲀⲈ ⲆⲈ ⲞⲨⲞⲨⲦⲀϨ ⲚϨⲒⲢⲎⲚⲒⲔⲞⲚ ⲚⲦⲈϮⲘⲈⲐⲘⲎⲒ ϢⲀⲤⲦⲎⲒϤ ⲚⲚⲎ ⲈⲦⲀⲨⲈⲢⲄⲨⲘⲚⲀⲌⲒⲚ ⲘⲘⲰⲞⲨ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦⲤ.
১১সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
12 ⲓ̅ⲃ̅ ⲈⲐⲂⲈⲪⲀⲒ ⲚⲒϪⲒϪ ⲈⲦⲬⲎ ⲚⲈⲘ ⲚⲒⲪⲀⲦ ⲈⲦⲂⲎⲖ ⲈⲂⲞⲖ ⲘⲀⲦⲀϨⲰⲞⲨ ⲈⲢⲀⲦⲞⲨ
১২এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
13 ⲓ̅ⲅ̅ ⲀⲢⲒⲞⲨⲒ ⲚϨⲀⲚϪⲒⲚϬⲞϪⲒ ⲈⲨⲤⲞⲨⲦⲰⲚ ⲚⲚⲈⲦⲈⲚϬ ⲀⲖⲀⲨϪ ϨⲒⲚⲀ ⲚⲦⲈϢⲦⲈⲘ ϮⲘⲈⲦϬⲀⲖⲈ ⲢⲒⲔⲒ ⲘⲀⲖⲖⲞⲚ ⲆⲈ ⲚⲦⲈⲤⲖⲞϪⲤ.
১৩আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।
14 ⲓ̅ⲇ̅ ϬⲞϪⲒ ⲚⲤⲀϮϨⲒⲢⲎⲚⲎ ⲚⲈⲘ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲠⲒⲦⲞⲨⲂⲞ ⲪⲎ ⲈⲦⲈ ⲀⲦϬⲚⲞⲨϤ ⲘⲘⲞⲚ ϨⲖⲒ ⲚⲀⲚⲀⲨ ⲘⲠϬⲞⲒⲤ.
১৪সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
15 ⲓ̅ⲉ̅ ⲈⲢⲈⲦⲈⲚⲤⲞⲘⲤ ⲈⲂⲞⲖ ⲘⲎⲠⲰⲤ ⲞⲨⲞⲚ ⲞⲨⲀⲒ ⲈϤϢⲀⲦ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒϨⲘⲞⲦ ⲘⲎⲠⲰⲤ ⲞⲨⲞⲚ ⲞⲨⲚⲞⲨⲚⲒ ⲚϢⲀϢⲒ ⲈⲤⲢⲎⲦ ⲈⲠϢⲰⲒ ⲈⲤϮⲘⲔⲀϨ ⲞⲨⲞϨ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦⲤ ⲚⲦⲈⲞⲨⲘⲎϢ ϬⲰϦⲈⲘ.
১৫পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
16 ⲓ̅ⲋ̅ ⲘⲎⲠⲰⲤ ⲀⲚ ⲞⲨⲞⲚ ⲞⲨⲠⲞⲢⲚⲞⲤ ⲒⲈ ⲞⲨⲤⲀϤϨⲎⲦ ⲘⲪⲢⲎϮ ⲚⲎⲤⲀⲨ ⲪⲎ ⲈⲦⲀϤϮ ⲚⲦⲈϤⲘⲈⲦϢⲀⲘⲒⲤⲒ ⲈⲂⲞⲖ ϦⲈⲚⲞⲨϦⲢⲈ ⲚⲞⲨⲰⲦ.
১৬বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
17 ⲓ̅ⲍ̅ ⲦⲈⲦⲈⲚⲤⲰⲞⲨⲚ ϪⲈ ⲘⲈⲚⲈⲚⲤⲰⲤ ⲈϤⲞⲨⲰϢ ⲈⲈⲢⲔⲖⲎⲢⲞⲚⲞⲘⲒⲚ ⲘⲠⲒⲤⲘⲞⲨ ⲀⲨϨⲒⲦϤ ⲈⲂⲞⲖ ⲘⲠⲈϤϪⲈⲘ ⲘⲀ ⲄⲀⲢ ⲚⲈⲢⲘⲈⲦⲀⲚⲞⲒⲚ ⲔⲈⲦⲞⲒ ⲚⲈⲀϤⲔⲰϮ ⲚⲤⲰⲤ ϦⲈⲚϨⲀⲚⲈⲢⲘⲰⲞⲨⲒ.
১৭কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
18 ⲓ̅ⲏ̅ ⲘⲠⲈⲦⲈⲚⲒ ⲄⲀⲢ ϨⲀ ⲞⲨⲬⲢⲰⲘ ⲚϪⲞⲘϪⲈⲘ ⲞⲨⲞϨ ⲈϤⲘⲞϨ ⲚⲈⲘ ⲞⲨⲄⲚⲞⲪⲞⲤ ⲚⲈⲘ ⲞⲨⲬⲀⲔⲒ ⲈϤⲪⲞⲚϨ ⲚⲈⲘ ⲞⲨⲤⲀⲢⲀⲐⲎⲞⲨ.
১৮কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;
19 ⲓ̅ⲑ̅ ⲚⲈⲘ ⲠⲤⲈⲚⲤⲈⲚ ⲚⲦⲈⲞⲨⲤⲀⲖⲠⲒⲄⲄⲞⲤ ⲚⲈⲘ ⲦⲤⲘⲎ ⲚⲦⲈϨⲀⲚⲤⲀϪⲒ ⲐⲎ ⲈⲦⲀ ⲚⲎ ⲈⲦⲤⲰⲦⲈⲘ ⲈⲢⲞⲤ ⲈⲢⲠⲀⲢⲀⲦⲒⲤⲐⲈ ⲈϢⲦⲈⲘⲞⲨⲀϨⲈⲘ ⲤⲀϪⲒ ⲚⲈⲘⲰⲞⲨ.
১৯সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;
20 ⲕ̅ ⲚⲀⲨϢϤⲀⲒ ⲄⲀⲢ ⲀⲚ ⲠⲈ ϦⲀ ⲠⲈⲦⲈⲚⲀⲨϪⲰ ⲘⲘⲞϤ ⲔⲀⲚ ⲞⲨⲐⲎⲢⲒⲞⲚ ⲀϤϢⲀⲚϬⲒ ⲚⲈⲘ ⲠⲒⲦⲰⲞⲨ ⲈⲨⲈϨⲒⲰⲚⲒ ⲈϪⲰϤ
২০কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে,
21 ⲕ̅ⲁ̅ ⲞⲨⲞϨ ⲠⲀⲒⲢⲎϮ ⲚⲀϤⲞⲒ ⲚϨⲞϮ ⲚϪⲈⲠⲈⲐⲞⲨⲞⲚϨ ⲈⲂⲞⲖ ⲘⲰⲨⲤⲎⲤ ⲄⲀⲢ ⲀϤϪⲞⲤ ϪⲈ ϮⲞⲒ ⲚϨⲞϮ ⲞⲨⲞϨ ϮⲤⲐⲈⲢⲈⲦⲈⲢ.
২১আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;
22 ⲕ̅ⲃ̅ ⲀⲖⲖⲀ ⲀⲢⲈⲦⲈⲚⲒ ϨⲀ ⲠⲒⲦⲰⲞⲨ ⲚⲦⲈⲤⲒⲰⲚ ⲚⲈⲘ ϮⲂⲀⲔⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ⲈⲦⲞⲚϦ ⲒⲈⲢⲞⲤⲀⲖⲎⲘ ⲚⲦⲈⲦⲪⲈ ⲚⲈⲘ ϨⲀⲚⲐⲂⲀ ⲚⲀⲄⲄⲈⲖⲞⲤ ⲈⲨⲈⲢϢⲀⲒ.
২২কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
23 ⲕ̅ⲅ̅ ⲚⲈⲘ ⲞⲨⲈⲔⲔⲖⲎⲤⲒⲀ ⲚⲦⲈϨⲀⲚϢⲀⲘⲒⲤⲒ ⲈⲤⲤϦⲎⲞⲨⲦ ϦⲈⲚⲚⲒⲪⲎⲞⲨⲒ ⲚⲈⲘ ⲠⲒⲢⲈϤϮϨⲀⲠ ⲪⲚⲞⲨϮ ⲚⲦⲈⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲚⲈⲘ ⲠⲒⲠⲚⲈⲨⲘⲀⲚⲦⲈⲚⲒⲐⲘⲎⲒ ⲈⲦϪⲎⲔ ⲈⲂⲞⲖ.
২৩স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
24 ⲕ̅ⲇ̅ ⲚⲈⲘ ⲒⲎⲤⲞⲨⲤ ⲠⲒⲘⲈⲤⲒⲦⲎⲤ ⲚⲦⲈϮⲆⲒⲀⲐⲎⲔⲎ ⲘⲂⲈⲢⲒ ⲚⲈⲘ ⲞⲨⲤⲚⲞϤ ⲚⲦⲈⲞⲨⲚⲞⲨϪϦ ⲈϤⲤⲀϪⲒ ⲈϨⲞⲦⲈ ⲪⲀ ⲀⲂⲈⲖ.
২৪নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
25 ⲕ̅ⲉ̅ ⲀⲚⲀⲨ ⲘⲠⲈⲢⲈⲢⲠⲀⲢⲀⲦⲒⲤⲐⲈ ⲘⲠⲈⲦⲤⲀϪⲒ ⲒⲤϪⲈ ⲄⲀⲢ ⲚⲎ ⲘⲠⲞⲨϢⲪⲰⲦ ϨⲒϪⲈⲚ ⲠⲒⲔⲀϨⲒ ⲈⲦⲀⲨⲈⲢⲠⲀⲢⲀⲦⲒⲤⲐⲈ ⲘⲠⲈⲦⲤⲀϪⲒ ⲚϨⲞⲨⲞ ⲘⲀⲖⲖⲞⲚ ⲀⲚⲞⲚ ϦⲀ ⲚⲎ ⲈⲐⲚⲀⲔⲈⲦ ϨⲢⲀⲨ ⲤⲀⲂⲞⲖ ⲘⲪⲎ ⲈⲦⲀϤⲒ ⲈⲂⲞⲖ ϦⲈⲚⲚⲒⲪⲎⲞⲨⲒ.
২৫সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
26 ⲕ̅ⲋ̅ ⲪⲎ ⲈⲦⲀ ⲦⲈϤⲤⲘⲎ ⲔⲒⲘ ⲘⲠⲒⲔⲀϨⲒ ⲘⲠⲒⲤⲎ ⲞⲨ ϮⲚⲞⲨ ⲆⲈ ⲀϤⲰϢ ⲈϤϪⲰ ⲘⲘⲞⲤ ϪⲈ ⲈⲦⲒ ⲔⲈⲤⲞⲠ ⲀⲚⲞⲔ ϮⲚⲀⲘⲞⲚⲘⲈⲚ ⲞⲨ ⲘⲞⲚⲞⲚ ⲈⲠⲔⲀϨⲒ ⲀⲖⲖⲀ ⲚⲈⲘ ϮⲔⲈⲪⲈ
২৬তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম।
27 ⲕ̅ⲍ̅ ⲠⲒⲈⲦⲒ ⲆⲈ ⲚⲔⲈⲤⲞⲠ ⲈϤⲦⲀⲘⲞ ⲘⲘⲞⲚ ⲈⲨⲞⲨⲰⲦⲈⲂ ⲈⲂⲞⲖ ⲚⲦⲈⲚⲎ ⲈⲦⲞⲨⲔⲒⲘ ⲈⲢⲰⲞⲨ ϨⲰⲤ ⲈⲨⲐⲘⲀⲒⲎⲞⲨⲦ ϨⲒⲚⲀ ⲚⲦⲞⲨϢⲰⲠⲒ ⲈⲨⲤⲘⲞⲚⲦ ⲚϪⲈⲚⲎ ⲈⲦⲈⲚⲤⲈⲔⲒⲘ ⲀⲚ.
২৭ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।
28 ⲕ̅ⲏ̅ ⲈⲐⲂⲈⲪⲀⲒ ⲈⲚⲚⲀϬⲒ ⲚⲞⲨⲘⲈⲦⲞⲨⲢⲞ ⲚⲀⲦⲔⲒⲘ ⲘⲀⲢⲈⲚϢⲰⲠⲒ ⲈⲞⲨⲞⲚ ϨⲘⲞⲦ ⲚⲦⲞⲦⲈⲚ ⲪⲀⲒ ⲈⲦⲈⲚⲚⲀϢⲈⲘϢⲒ ⲘⲪⲚⲞⲨϮ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲈⲚⲢⲀⲚⲀϤ ϦⲈⲚⲞⲨϨⲞϮ ⲚⲈⲘ ⲞⲨⲤⲐⲈⲢⲦⲈⲢ.
২৮এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
29 ⲕ̅ⲑ̅ ⲔⲈ ⲄⲀⲢ ⲠⲈⲚⲚⲞⲨϮ ⲞⲨⲬⲢⲰⲘ ⲈϤⲞⲨⲰⲘ ⲠⲈ.
২৯কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।