< ⲒⲰⲀⲚⲚⲎⲤ Ⲃ ̅ 1 >

1 ⲁ̅ ⲠⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲚϮⲤⲰⲦⲠ ⲔⲨⲢⲒⲀ ⲚⲈⲘ ⲚⲈⲤϢⲎⲢⲒ ⲚⲎ ⲀⲚⲞⲔ ⲈϮⲘⲈⲒ ⲘⲘⲰⲞⲨ ϦⲈⲚⲞⲨⲘⲈⲐⲘⲎⲒ ⲞⲨⲞϨ ⲀⲚⲞⲔ ⲘⲘⲀⲨⲀⲦ ⲀⲚ ⲀⲖⲖⲀ ⲚⲈⲘ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲦⲀⲨⲤⲞⲨⲈⲚ ϮⲘⲈⲐⲘⲎⲒ
ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
2 ⲃ̅ ⲈⲐⲂⲈ ϮⲘⲈⲐⲘⲎⲒ ⲈⲦϢⲞⲠ ⲚϦⲎⲦⲈⲚ ⲞⲨⲞϨ ⲈⲤⲈϢⲰⲠⲒ ⲚⲈⲘⲀⲚ ϢⲀ ⲈⲚⲈϨ (aiōn g165)
কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷ (aiōn g165)
3 ⲅ̅ ⲠϨⲘⲞⲦ ⲪⲚⲀⲒ ⲦϨⲒⲢⲎⲚⲎ ⲈⲨⲈϢⲰⲠⲒ ⲚⲈⲘⲀⲚ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲪⲚⲞⲨϮ ⲪⲒⲰⲦ ⲚⲈⲘ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲈⲚϬⲞⲒⲤ ⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲠϢⲎⲢⲒ ⲘⲪⲒⲰⲦ ϦⲈⲚⲞⲨⲘⲈⲐⲘⲎⲒ ⲚⲈⲘ ⲞⲨⲀⲄⲀⲠⲎ
পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
4 ⲇ̅ ⲀⲒⲢⲀϢⲒ ⲈⲘⲀϢⲰ ⲈⲦⲀⲒϪⲒⲘⲒ ⲈⲂⲞⲖ ϦⲈⲚⲚⲈϢⲎⲢⲒ ⲈⲨⲘⲞϢⲒ ϦⲈⲚⲞⲨⲘⲈⲐⲘⲎⲒ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀⲚϬⲒ ⲈⲚⲦⲞⲖⲎ ⲚⲦⲈⲚ ⲪⲒⲰⲦ
আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷
5 ⲉ̅ ⲞⲨⲞϨ ϮⲚⲞⲨ ϮϮϨⲞ ⲈⲢⲞ ⲔⲨⲢⲒⲀ ⲘⲪⲢⲎϮ ϪⲈ ⲞⲨⲈⲚⲦⲞⲖⲎ ⲘⲂⲈⲢⲒ ⲀⲚ ⲈϮⲤϦⲀⲒ ⲘⲘⲞⲤ ⲚⲈⲀⲖⲖⲀ ⲐⲎ ⲈⲚⲀⲤⲚⲦⲞⲦⲈⲚ ⲒⲤϪⲈⲚ ϨⲎ ϨⲒⲚⲀ ⲚⲦⲈⲚⲈⲢⲀⲄⲀⲠⲀⲚ ⲚⲚⲈⲚⲈⲢⲎⲞⲨ
হে ভদ্ৰ মহিলা, এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত।
6 ⲋ̅ ⲞⲨⲞϨ ⲐⲀⲒ ⲦⲈ ϮⲀⲄⲀⲠⲎ ϨⲒⲚⲀ ⲚⲦⲈⲚⲘⲞϢⲒ ⲔⲀⲦⲀ ⲚⲈϤⲈⲚⲦⲞⲖⲎ ⲞⲨⲞϨ ⲐⲀⲒ ⲦⲈ ϮⲈⲚⲦⲞⲖⲎ ϨⲒⲚⲀ ⲔⲀⲦⲀ ⲪⲢⲎϮ ⲈⲦⲀⲢⲈⲦⲈⲚⲤⲰⲦⲈⲘ ⲒⲤϪⲈⲚ ϨⲎ ⲚⲦⲈⲚⲘⲞϢⲒ ⲚϦⲢⲎⲒ ⲚϦⲎⲦϤ
আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
7 ⲍ̅ ϪⲈ ⲞⲨⲘⲎϢ ⲘⲠⲖⲀⲚⲞⲤ ⲀⲨⲒ ⲈⲠⲒⲔⲞⲤⲘⲞⲤ ⲚⲎ ⲈⲦⲈ ⲚⲤⲈⲈⲢⲞⲘⲞⲖⲞⲄⲒⲚ ⲀⲚ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲬⲢⲒⲤⲦⲞⲤ ϪⲈ ⲀϤⲒ ϦⲈⲚⲦⲤⲀⲢⲜ ⲪⲀⲒ ⲠⲈ ⲠⲒⲠⲖⲀⲚⲞⲤ ⲚⲈⲘ ⲠⲒⲀⲚⲦⲒⲬⲢⲒⲤⲦⲞⲤ
কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
8 ⲏ̅ ⲤⲞⲘⲤ ⲈⲂⲞⲖ ⲈⲢⲰⲦⲈⲚ ϨⲒⲚⲀ ⲚⲦⲈⲦⲈⲚϢⲦⲈⲘⲦⲀⲔⲈ ⲪⲎ ⲈⲦⲀⲢⲈⲦⲈⲚⲈⲢϨⲰⲂ ⲈⲢⲞϤ ⲀⲖⲖⲀ ⲚⲦⲈⲦⲈⲚϬⲒ ⲚⲞⲨⲂⲈⲬⲈ ⲈϤϪⲎⲔ ⲈⲂⲞⲖ
আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
9 ⲑ̅ ⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲐⲘⲞϢⲒ ⲈⲦϨⲎ ⲞⲨⲞϨ ⲚⲦⲈϤϢⲦⲈⲘⲞϨⲒ ϦⲈⲚϮⲤⲂⲰ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ⲀⲨⲀⲐⲚⲚⲞⲨϮ ⲠⲈ ⲪⲎ ⲆⲈ ⲈⲐⲚⲀⲞϨⲒ ϦⲈⲚϮⲤⲂⲰ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ⲪⲀⲒ ⲪⲒⲰⲦ ⲚⲦⲞⲦϤ ⲚⲈⲘ ⲠϢⲎⲢⲒ
যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
10 ⲓ̅ ⲪⲎ ⲈⲐⲚⲎⲞⲨ ϨⲀⲢⲰⲦⲈⲚ ⲞⲨⲞϨ ⲈϤⲒⲚⲒ ⲚⲦⲀⲒⲤⲂⲰ ⲀⲚ ⲘⲠⲈⲢⲞⲖϤ ⲈϦⲞⲨⲚ ⲈⲎⲒ ⲞⲨⲆⲈ ⲘⲠⲈⲢϪⲞⲤ ⲚⲀϤ ϪⲈ ⲬⲈⲢⲈ
১০যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
11 ⲓ̅ⲁ̅ ⲪⲎ ⲄⲀⲢ ⲈⲐⲚⲀϪⲞⲤ ⲚⲀϤ ϪⲈ ⲬⲈⲢⲈ ϤⲞⲒ ⲚϢⲪⲎⲢ ⲈⲚⲈϤϨⲂⲎⲞⲨⲒ ⲈⲦϨⲰⲞⲨ
১১যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
12 ⲓ̅ⲃ̅ ⲈⲞⲨⲞⲚϮ ⲞⲨⲘⲎϢ ⲈⲤϦⲎⲦⲞⲨ ⲚⲰⲦⲈⲚ ⲘⲠⲒⲞⲨⲰϢ ⲆⲈ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲞⲨϪⲰⲘ ⲚⲈⲘ ⲞⲨⲘⲈⲖⲀ ϮⲈⲢϨⲈⲖⲠⲒⲤ ⲄⲀⲢ ⲈⲚⲀⲨ ⲈⲢⲰⲦⲈⲚ ⲞⲨⲞϨ ⲈⲤⲀϪⲒ ⲚⲈⲘⲰⲦⲈⲚ ⲚⲢⲞ ⲞⲨⲂⲈ ⲢⲞ ϨⲒⲚⲀ ⲚⲦⲈⲠⲈⲦⲈⲚⲢⲀϢⲒ ϢⲰⲠⲒ ⲈϤϪⲎⲔ ⲈⲂⲞⲖ
১২আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ।
13 ⲓ̅ⲅ̅ ⲤⲈϢⲒⲚⲒ ⲈⲢⲞ ⲚϪⲈⲚⲒϢⲎⲢⲒ ⲚⲦⲈⲦⲈⲤⲰⲚⲒ ⲐⲎ ⲈⲦⲤⲞⲦⲠ.
১৩আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।

< ⲒⲰⲀⲚⲚⲎⲤ Ⲃ ̅ 1 >