< 箴言 13 >

1 智慧子聽父親的教訓; 褻慢人不聽責備。
জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; কিন্তু নিন্দকে অনুযোগ নুশুনে।
2 人因口所結的果子,必享美福; 奸詐人必遭強暴。
মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে।
3 謹守口的,得保生命; 大張嘴的,必致敗亡。
যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
4 懶惰人羨慕,卻無所得; 殷勤人必得豐裕。
এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
5 義人恨惡謊言; 惡人有臭名,且致慚愧。
সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
6 行為正直的,有公義保守; 犯罪的,被邪惡傾覆。
যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।
7 假作富足的,卻一無所有; 裝作窮乏的,卻廣有財物。
এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান।
8 人的資財是他生命的贖價; 窮乏人卻聽不見威嚇的話。
এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।
9 義人的光明亮; 惡人的燈要熄滅。
যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব।
10 驕傲只啟爭競; 聽勸言的,卻有智慧。
১০অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
11 不勞而得之財必然消耗; 勤勞積蓄的,必見加增。
১১অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
12 所盼望的遲延未得,令人心憂; 所願意的臨到,卻是生命樹。
১২যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
13 藐視訓言的,自取滅亡; 敬畏誡命的,必得善報。
১৩যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
14 智慧人的法則是生命的泉源, 可以使人離開死亡的網羅。
১৪জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
15 美好的聰明使人蒙恩; 奸詐人的道路崎嶇難行。
১৫ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
16 凡通達人都憑知識行事; 愚昧人張揚自己的愚昧。
১৬জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে।
17 奸惡的使者必陷在禍患裏; 忠信的使臣乃醫人的良藥。
১৭দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
18 棄絕管教的,必致貧受辱; 領受責備的,必得尊榮。
১৮যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
19 所欲的成就,心覺甘甜; 遠離惡事,為愚昧人所憎惡。
১৯বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে।
20 與智慧人同行的,必得智慧; 和愚昧人作伴的,必受虧損。
২০জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
21 禍患追趕罪人; 義人必得善報。
২১দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়।
22 善人給子孫遺留產業; 罪人為義人積存資財。
২২ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
23 窮人耕種多得糧食, 但因不義,有消滅的。
২৩দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়।
24 不忍用杖打兒子的,是恨惡他; 疼愛兒子的,隨時管教。
২৪যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে।
25 義人吃得飽足; 惡人肚腹缺糧。
২৫যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।

< 箴言 13 >