< 诗篇 10 >
1 耶和华啊,你为什么站在远处? 在患难的时候为什么隐藏?
১হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
2 恶人在骄横中把困苦人追得火急; 愿他们陷在自己所设的计谋里。
২অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
3 因为恶人以心愿自夸; 贪财的背弃耶和华,并且轻慢他。
৩দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
4 恶人面带骄傲,说:耶和华必不追究; 他一切所想的都以为没有 神。
৪দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
5 凡他所做的,时常稳固; 你的审判超过他的眼界。 至于他一切的敌人, 他都向他们喷气。
৫সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
৬তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
7 他满口是咒骂、诡诈、欺压, 舌底是毒害、奸恶。
৭তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
8 他在村庄埋伏等候; 他在隐密处杀害无辜的人。 他的眼睛窥探无倚无靠的人;
৮গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
9 他埋伏在暗地,如狮子蹲在洞中。 他埋伏,要掳去困苦人; 他拉网,就把困苦人掳去。
৯তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
10 他屈身蹲伏, 无倚无靠的人就倒在他爪牙之下。
১০তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
১১তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
12 耶和华啊,求你起来! 神啊,求你举手,不要忘记困苦人!
১২হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
১৩দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
14 其实你已经观看; 因为奸恶毒害,你都看见了, 为要以手施行报应。 无倚无靠的人把自己交托你; 你向来是帮助孤儿的。
১৪কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
15 愿你打断恶人的膀臂; 至于坏人,愿你追究他的恶,直到净尽。
১৫দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
16 耶和华永永远远为王; 外邦人从他的地已经灭绝了。
১৬যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
17 耶和华啊,谦卑人的心愿, 你早已知道。 你必预备他们的心, 也必侧耳听他们的祈求,
১৭হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
18 为要给孤儿和受欺压的人伸冤, 使强横的人不再威吓他们。
১৮এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।