< 弥迦书 1 >

1 当犹大王约坦、亚哈斯、希西家在位的时候,摩利沙人弥迦得耶和华的默示,论撒马利亚和耶路撒冷。
যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
2 万民哪,你们都要听! 地和其上所有的,也都要侧耳而听! 主耶和华从他的圣殿 要见证你们的不是。
হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
3 看哪,耶和华出了他的居所, 降临步行地的高处。
চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে; তেওঁ নামি আহিব আৰু পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।
4 众山在他以下必消化, 诸谷必崩裂, 如蜡化在火中, 如水冲下山坡。
জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
5 这都因雅各的罪过, 以色列家的罪恶。 雅各的罪过在哪里呢? 岂不是在撒马利亚吗? 犹大的邱坛在哪里呢? 岂不是在耶路撒冷吗?
যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?
6 所以我必使撒马利亚变为田野的乱堆, 又作为种葡萄之处; 也必将她的石头倒在谷中, 露出根基来。
মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।
7 她一切雕刻的偶像必被打碎; 她所得的财物必被火烧; 所有的偶像我必毁灭; 因为是从妓女雇价所聚来的, 后必归为妓女的雇价。
তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”
8 先知说:因此我必大声哀号, 赤脚露体而行; 又要呼号如野狗, 哀鸣如鸵鸟。
এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।
9 因为撒马利亚的伤痕无法医治, 延及犹大和耶路撒冷我民的城门。
তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।
10 不要在迦特报告这事, 总不要哭泣; 我在伯·亚弗拉滚于灰尘之中。
১০গাত নগৰত এই বিষয়ে নকবা, আৰু একেবাৰে নাকান্দিবা, বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।
11 沙斐的居民哪,你们要赤身蒙羞过去。 撒南的居民不敢出来。 伯·以薛人的哀哭使你们无处可站。
১১বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।
12 玛律的居民心甚忧急,切望得好处, 因为灾祸从耶和华那里临到耶路撒冷的城门。
১২কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।
13 拉吉的居民哪,要用快马套车; 锡安民的罪由你而起; 以色列人的罪过在你那里显出。
১৩লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
14 犹大啊,你要将礼物送给摩利设·迦特。 亚革悉的众族必用诡诈待以色列诸王。
১৪সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব; ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।
15 玛利沙的居民哪, 我必使那夺取你的来到你这里; 以色列的尊贵人必到亚杜兰。
১৫মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব।
16 犹大啊,要为你所喜爱的儿女剪除你的头发, 使头光秃,要大大地光秃,如同秃鹰, 因为他们都被掳去离开你。
১৬চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।

< 弥迦书 1 >