< 创世记 5 >
1 亚当的后代记在下面。(当 神造人的日子,是照着自己的样式造的,
১এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
2 并且造男造女。在他们被造的日子, 神赐福给他们,称他们为“人”。)
২তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে।
3 亚当活到一百三十岁,生了一个儿子,形象样式和自己相似,就给他起名叫塞特。
৩এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।
৪চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
৫সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।
৬চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।
7 塞特生以挪士之后,又活了八百零七年,并且生儿养女。
৭ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
৮মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।
৯ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।
10 以挪士生该南之后,又活了八百一十五年,并且生儿养女。
১০কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
১১সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।
১২কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।
13 该南生玛勒列之后,又活了八百四十年,并且生儿养女。
১৩মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।
১৪সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।
১৫মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।
16 玛勒列生雅列之后,又活了八百三十年,并且生儿养女。
১৬যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
১৭সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।
১৮যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।
19 雅列生以诺之后,又活了八百年,并且生儿养女。
১৯হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
২০সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।
২১হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।
22 以诺生玛土撒拉之后,与 神同行三百年,并且生儿养女。
২২মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
২৩হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।
24 以诺与 神同行, 神将他取去,他就不在世了。
২৪তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
২৫মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।
26 玛土撒拉生拉麦之后,又活了七百八十二年,并且生儿养女。
২৬লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।
২৭সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।
২৮লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;
29 给他起名叫挪亚,说:“这个儿子必为我们的操作和手中的劳苦安慰我们;这操作劳苦是因为耶和华咒诅地。”
২৯তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
30 拉麦生挪亚之后,又活了五百九十五年,并且生儿养女。
৩০নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।
৩১সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।
৩২নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।