< 詩篇 56 >

1 達味金詩,交與樂官。 天主,求你憐憫我,因為人要謀害我,時時處處有人欺壓我。
হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।
2 我的仇敵終日謀害我,攻擊我的人實在眾多。
মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।
3 至高者!恐惶侵襲我的時日,我只有全心仰賴你。
যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।
4 我全心倚賴天主,並歌頌祂的許諾;我決不怕血肉的人,對我要做什麼。
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
5 他們終日破壞我的生活,千方百計地想加害於我;
সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।
6 他們群集埋伏,窺伺我的行徑,他們等待時機,謀圖我的性命。
সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
7 天主,求你審判他們的罪行;求你在盛怒中將異民敉平。
অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।
8 我多次流離失所,你都知悉,我的眼淚聚在你皮囊裏;豈不是也寫在你的書卷內?
তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?
9 我幾時呼號你,我的仇敵便退卻,從此我也全知道,天主常扶助我。
সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ।
10 我全心倚賴天主,歌頌祂的許諾;
১০মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।
11 決不怕脆弱的人,對我要做什麼。
১১মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
12 天主,我必遵守向你所許的願,我必要向你償還頌謝的祭獻。
১২হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।
13 因為你救我脫離死亡,使我的腳免於跌仆,使我能在活人的光明中,在天主的面前行走。
১৩কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

< 詩篇 56 >