< 詩篇 18 >
1 【凱旋感恩歌】 上主的僕人達味作,向上主唱了這篇詩歌: 上主,我的力量,我愛慕你。
১হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
2 上主,你是我的磐石、我的保障,我的避難所;你是我的天主,我一心依靠的磐石;你是我的護盾,我救恩的角,我的堡壘。
২যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
3 我一呼求應受頌揚的上主,我便會從仇敵的手中得救。
৩যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
৪মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।
5 陰府的繩韁纏繞著我,喪命的羅網拘絆著我。 (Sheol )
৫চিয়োলৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল। (Sheol )
6 我在急難難當中呼求了上主,向我的天主求助;他由殿中聽我禱告,我的聲音進入祂的耳鼓。
৬সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
7 因為上主憤怒填胸,大地立即戰慄震驚,山基陵根搖撼移動。
৭তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
8 由祂的鼻孔湧出濃煙,由祂的口中噴出烈焰,由祂身上射出火炭。
৮তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল; তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।
9 祂使諸天低垂,親自降臨,在祂的腳下面密布濃雲。
৯তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল; তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।
১০তেওঁ কৰূবত উঠি উড়ি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
১১তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।
১২তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
১৩যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।
14 祂射出羽箭,將人驅散;祂發出閃電,使人逃竄。
১৪তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
15 上主的呵斥一呼,鼻孔的怒氣一出,滄海的海底出現,大地的地基露綻。
১৫হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
16 祂由高處伸手將我拉住,祂由洪水之中將我提出;
১৬তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, মহাজল সমূহৰ পৰা মোক তুলি আনিলে।
১৭মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
18 他們在我困厄之日襲擊我,然而上主卻作了我的城堡;
১৮বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
19 祂引領我步入廣闊的平原,祂因喜愛我而給了我救援。
১৯তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
20 上主照我的正義酬答了我,按我隻手的清白賞報了我;
২০যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
21 因我遵行了上主的道路,沒有作惡背棄我的天主。
২১কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
22 祂的一切法令常在我的眼前,祂的任何誡命我總沒有棄損;
২২তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
২৩তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
24 因此,上主我在祂眼前的正道,並我隻手的清白給了我賞報。
২৪এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
25 仁慈的人,你待他仁慈;正直的人,你待他正直;
২৫হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
26 純潔的人,你待他純潔;乖戾的人,你待他乖戾。
২৬তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
27 卑微的人,你必要救起;傲慢的人,你必要輕視。
২৭কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
28 上主,是你使我的燈籠放光,我主,是你把我的黑暗照亮。
২৮কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
29 仗著你的助祐,我衝上了戰場;靠著我的天主,我跳過了城牆。
২৯তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ।
30 天主的道路是完善的;上主的言語是精鍊的;凡是投奔祂的人,祂必作他的後盾。
৩০ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
31 除了上主以外,還有誰是天主?我們天主以外,還有誰是磐石?
৩১যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?
৩২ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
33 使我的雙腳敏捷與鹿蹄相同,使我能穩立於高山的危峰;
৩৩মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
34 是祂教導我的手上陣進攻,使我伸出臂膊開張了銅弓。
৩৪তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
35 你把救生的盾賜給了我,你的右手不斷扶持了我,使我日漸強大因你愛我。
৩৫তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
36 你為我的腳步拓展了道路,我的雙腳總沒有顛簸躊躇。
৩৬তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
37 我追擊我的仇敵,並且把他們捕捉,決不返回,直到將他們除盡滅絕。
৩৭মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
38 我將他們打得一敗塗地,叫他們在我的腳下倒斃。
৩৮মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
39 你使我腰纏英武奮勇作戰,叫敵對我的人都向我就範;
৩৯তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
40 使我的敵人在我前轉背逃竄,使我把一切仇恨我的人驅散。
৪০তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
41 他們吶喊,卻沒有人救援,呼號上主,也得不到矜憐。
৪১তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
42 我粉碎他們像風吹的灰塵,我踐踏他們似道上的糞土。
৪২মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
43 你救我脫離了判亂的人民,又封立了我為列國的元勳,我不認識的民族,也都來給我服務。
৪৩লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
44 外邦的子民向我諂媚奉承,一聽到是我,即刻向我服膺。
৪৪মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
৪৫বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
46 上主萬歲! 願我的磐石備受讚頌!救我的天主備受尊崇!
৪৬যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
47 天主,是你為我伸冤復仇,求你使萬民都向我屈服;
৪৭তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
48 是你拯救我脫離我的仇敵,從凌駕我者的拳下,把我提起,救我免於向我施暴人的手裏。
৪৮মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
49 上主,為此,我要在異民中稱謝你,我要對你的聖名讚不已:
৪৯হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
50 因為是你使你的君王大獲勝利,對你的受傅者:達味和他的後裔,廣施仁愛慈惠,至於無窮之世。
৫০যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; নিজৰ অভিষিক্তজনৰ প্রতি, দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।