< 民數記 7 >

1 梅瑟豎立起會幕那天,就傅油祝聖了帳幕和其中的一切器具、祭壇和附屬的用具。他傅油祝聖以後,
পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।
2 以色列的領袖,各家族首領,即協助登記的各支派的領袖,前來奉獻,
সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল।
3 將他們的供物獻於上主面前:篷車六輛,公牛十二頭:每兩位領袖一輛車,每位領袖一頭牛。他們把這些送到會幕前時,
তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাঁড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাঁড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে।
4 上主訓示梅瑟說:「
তেতিয়া যিহোৱাই মোচিক কলে,
5 你把這些收下,為會幕的事務使用,按照肋未人的職務,分給他們。」
“সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা।”
6 梅瑟就收下車輛和牛,交給了肋未人。
পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাঁড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে।
7 按革爾雄子孫的職務,分給了他們兩輛車及四頭牛;
গেৰ্চোনৰ সন্তান সকলক তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাঁড়-গৰু দিলে।
8 按默辣黎子孫的職務,分給了他們四輛車及八頭牛,他們都在司祭亞郎的兒子依塔瑪爾指揮下服務。
তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।
9 但沒有分給刻哈特子孫,因為他們應用肩抬所照管的聖物。
কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
10 在傅油祝聖祭壇時,眾領袖也為祝聖祭壇奉獻了供物。當眾領袖把他們的供物送到祭壇面前時,
১০মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে।
11 上主對梅瑟說:「每天應有一位領袖,奉獻自己的供物,為祝聖祭壇。」
১১তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষই এদিন যজ্ঞবেদীৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।”
12 第一日奉獻自己供物的,是猶大支派阿米納達布的兒子納赫雄。
১২তেতিয়া প্ৰথম দিনা যিহূদা ফৈদৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে।
13 他的供物是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
১৩তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
14 一個重十「協刻耳」盛滿香料的金盂;
১৪তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল।
15 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
১৫নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ দিছিল।
16 公山羊一隻,為作贖罪祭;
১৬তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল।
17 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是阿米納達布的兒子納赫雄的供物。
১৭আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ।
18 第二日奉獻供物的,是依撒加爾的領袖,族阿爾的兒子乃塔乃耳。
১৮দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চূৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে।
19 他奉獻的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
১৯তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
20 一個重十「協刻耳」盛滿香料的金盂;
২০তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল।
21 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
২১নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
22 公山羊一隻,為作贖罪祭:
২২তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল।
23 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是族阿爾的兒子乃塔乃耳的供物。
২৩মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ।
24 第三日是則步隆子孫的領袖,赫隆的兒子厄里雅布。
২৪তৃতীয় দিনা, জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে।
25 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
২৫তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
26 一個重十「協刻耳」盛滿香料的金盂;
২৬তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
27 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
২৭তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
28 公山羊一隻,為作贖罪祭;
২৮পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল;
29 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是赫隆的兒子厄里雅布的供物。
২৯আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ।
30 第四日是勒烏本子孫的領袖,舍德烏爾的兒子厄里族爾。
৩০চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে।
31 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৩১তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
32 一個重十「協刻耳」盛滿香料的金盂;
৩২তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
33 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৩৩তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
34 公山羊一隻,為作贖罪祭;
৩৪আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল।
35 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是舍德烏爾的兒子厄里族爾的供物。
৩৫ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।
36 第五日是西默盎子孫的領袖,族黎沙待的兒子舍路米耳。
৩৬পঞ্চম দিনা চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলে উপহাৰ আনিলে।
37 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৩৭তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
38 一個重十「協刻耳」盛滿香料的金盂;
৩৮আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল;
39 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৩৯তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
40 公山羊一隻,為作贖罪祭;
৪০আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী।
41 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是族黎沙待的兒子協路米耳的供物。
৪১তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলৰ উপহাৰ।
42 第六日是加得子孫的領袖勒烏耳的兒子厄里雅撒夫。
৪২ষষ্ঠ দিনা, গাদৰ সন্তান সকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে।
43 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৪৩তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
44 一個重十「協刻耳」盛滿香料的金盂;
৪৪তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল।
45 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৪৫তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
46 公山羊一隻,為作贖罪祭;
৪৬আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
47 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,作和平祭:以上是勒烏耳兒子厄里雅撒夫的供物。
৪৭তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ।
48 第七日是厄弗辣因子孫的領袖阿米胡得的兒子厄里沙瑪。
৪৮সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে।
49 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৪৯তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
50 一個重十「協刻耳」盛滿香料的金盂;
৫০তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
51 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৫১তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
52 公山羊一隻,為作贖罪祭;
৫২তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল;
53 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是阿米胡得的兒子厄里沙瑪的供物。
৫৩আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলীচামাৰ উপহাৰ।
54 第八日是默納協子孫的領袖,培達族爾的兒子加默里耳。
৫৪অষ্টম দিনা, মনচিৰ সন্তান সকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে।
55 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৫৫তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
56 一個重十「協刻耳」盛滿香料的金盂;
৫৬তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
57 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৫৭তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
58 公山羊一隻,為作贖罪祭;
৫৮আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
59 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是培達族爾的兒子加默里耳的供物。
৫৯তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ।
60 第九日是本雅明子孫的領袖,基德敖尼的兒子阿彼丹。
৬০নৱম দিনা, বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে।
61 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৬১তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
62 一個重十「協刻耳」盛滿香料的金盂;
৬২তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
63 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৬৩হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ
64 公山羊一隻,為作贖罪祭;
৬৪আৰু এটা এবছৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
65 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是基德敖尼的兒子阿彼丹的供物。
৬৫তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ।
66 第十日是丹子孫的領袖,阿米沙待的兒子阿希厄則爾。
৬৬দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে।
67 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৬৭তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
68 一個重十「協刻耳」盛滿香料的金盂:
৬৮তেওঁ ধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
69 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৬৯তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
70 公山羊一隻,為作贖罪祭;
৭০আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
71 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是阿米沙待的兒子阿希厄則爾的供物。
৭১তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ।
72 第十一日是阿協爾子孫的領袖,敖革蘭的兒子帕革厄耳。
৭২একাদশ দিনা, আচেৰৰ সন্তান সকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে।
73 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৭৩তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
74 一個重十「協刻耳」盛滿香料的金盂;
৭৪তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল।
75 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৭৫তেওঁ হোম অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
76 公山羊一隻,為作贖罪祭;
৭৬আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
77 又公牛二頭,公綿羊五隻,公山羊五隻,一歲的公羔羊五隻,為作和平祭:以上是敖革蘭的兒子帕革厄耳的供物。
৭৭তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।
78 第十二日是納斐塔里子孫的領袖,厄南的兒子阿希辣。
৭৮দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে।
79 他的供物,是一個重一百三十「協刻耳」的銀盤,一個依聖所的衡量,重七十「協刻耳」的銀盆,兩件內都盛滿油調的細麵,為作素祭;
৭৯তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
80 一個重十「協刻耳」盛滿香料的金盂,
৮০তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
81 公牛犢一頭,公綿羊一隻,一歲的公羔羊一隻,為作全燔祭;
৮১তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
82 公山羊一隻,為作贖罪祭;
৮২আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
83 又公牛二頭,公綿羊五隻,公山羊五隻一歲的公羔羊五隻,為作和平祭:以上是厄南的兒子阿希辣的供物。
৮৩তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ।
84 以上是傅油祝聖祭壇時,以色列領袖們為祝聖祭壇所奉獻的供物,計有銀盤十二個,銀盆十二個,金盂十二個;
৮৪মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল।
85 銀盤每個重一百三十「協刻耳」,銀盆每個重七十,器皿的銀子依聖所的衡量,共重二千四百「協刻耳」;
৮৫তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল;
86 盛滿香料的金盂十二個,依聖所衡量,每個盂重十「協刻耳」,這些盂的金子,共重一百二十「協刻耳」;
৮৬প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল।
87 為作全燔祭的一切牲畜,計有公牛犢十二頭,公綿羊十二隻,一歲的公羔羊十二隻,還有同獻的素祭;此外尚有公山羊十二隻,為作贖罪祭;
৮৭তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাঁড়-গৰু, বাৰটা মতা মেৰ-ছাগ, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল।
88 為作和平祭的一切牲畜,計有公牛犢二十四頭,公綿羊六十隻,公山羊六十隻,一歲的公羔羊六十隻:以上是在傅油祝聖祭壇後,為祝聖祭壇所獻的供物。
৮৮তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাঁড়-গৰু, ষাঠিটা মতা মেৰ-ছাগ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।
89 當梅瑟進入會幕為同上主說話時,他聽見從約櫃的贖罪蓋上,兩革魯賓間,有與他說話的聲音:是上主在與他說話。
৮৯পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।

< 民數記 7 >