< 約書亞記 21 >
1 肋未人各家長來見司祭厄肋阿匝爾和農竹旳兒子若蘇厄,以及以色列子民的族長,
১তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
2 在客納罕地的史羅對他們說:「上主曾藉梅瑟吩咐過,要給我們一些城市居住,一些郊區為牧放我們的牲畜。」
২আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
3 以色列子民於是按照上主的吩咐,由自己的產業中,將以下的城市和郊區分給了肋未。肋未人,屬大司祭亞郎的子孫,
৩তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
4 刻哈特家族由猶大支派、西默盎支派和本雅民支派的地區中抽得十五座城。
৪চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
5 刻哈特其他子孫,按家族由厄弗辣因支派,丹支派和默納協半支派,抽得了十座城。
৫আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
6 革爾爾雄的子孫,按照家族,由依撒加爾支派、阿協爾支派、納斐塔里支派和由巴商的默納協半支派,抽得了十三座城。
৬আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
7 默辣黎的子孫,按照家族,由勒烏本支派、加得支派和則步隆支派,抽得了十二座城。
৭আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
8 以色列子孫按照上主藉梅瑟所吩咐的,將這些城和城郊,以抽籤方式分給了肋未人。
৮এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
৯পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
১০এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11 他們分得了猶大山區克黎雅特阿爾巴和四周城郊──阿爾原是阿克的祖先,克黎雅特阿爾巴,即是赫貝龍──
১১ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12 但已割給耶孚乃的兒子加肋布作產業的田和村莊卻不在內。
১২কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
13 司祭亞郎的子孫分得給誤殺人者作避難城的赫貝龍和城郊,里貝納和城郊,
১৩তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না,
১৪চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
১৫চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
16 阿商和城郊猶他和城郊,貝特舍默士和城郊由這兩支派各分得了九座城。
১৬চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
১৭আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
১৮চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
19 亞郎的子孫司祭們共分得了十三座城和所屬城郊。
১৯নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20 肋未人刻哈特家族,即刻哈特其餘的子孫,由厄弗辣因子孫抽,得了一些城市。
২০আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21 他們分得厄弗辣因山區,給誤殺人者作避難城的舍根和城郊,革則爾和城郊,
২১ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22 克貝匝殷和城郊,貝特曷隆和城郊:共計四座城;
২২কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23 由丹支派分得了厄耳特刻和城郊,基貝通和城郊,
২৩আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
২৪চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25 由默納協半支派分得了塔納客和城郊,依貝爾罕和城郊,共計兩座城。
২৫আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26 刻哈特家族其餘的子孫,共分得了十座城和所屬城郊。
২৬কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27 肋未家族的革爾雄子孫由默納協半支派,分得了在巴商給誤殺人者作避難城的哥藍和城郊,阿市塔洛城和城郊:共計兩座城;
২৭অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28 由依撒加爾支派,分得了克史雍和城郊,多貝辣特和城郊,
২৮গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
২৯চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30 由阿協爾支派分得了米沙爾和城郊,阿貝冬和城郊,
৩০আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31 赫爾卡特和城郊,勒曷有布和城郊:共計四趡城;
৩১চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32 納斐塔里支派,分得了在加里肋亞給誤殺人者作避難城的刻德市和城郊,哈摩特多爾和城郊,卡爾堂和城郊:共計三座城。
৩২আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33 革爾雄人按照家族,共分得了十三座城和所屬城郊。
৩৩নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34 其餘的肋未人,即默辣黎子孫的家族,由則步隆支派分得了約刻乃罕和城郊,卡爾達和城郊,
৩৪পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
৩৫চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36 在約旦河東,由勒烏本支派分得了位於曠野高原內,給誤殺人者作避難城的貝責爾和城郊,雅哈茲和城郊,
৩৬ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37 刻德摩特和城郊,默法阿特和城郊:共計四座城;
৩৭চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38 由加得支派,分得了在基肋阿得給誤殺人者作避難城的辣摩特和城郊,哈瑪紇殷和城郊,
৩৮আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
৩৯মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
40 其餘的肋未人家族,即默辣黎的子孫,按照家族,共抽得了十二座城。
৪০লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
41 肋未人由以色列子民的產業中,共分得了四十八座城和所屬城。
৪১ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
৪২সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
43 上主這樣將誓許給他們祖先的整個地區,賜給了以色列人;他們佔領之後,便住在那裏。
৪৩এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
44 上主又使他們四境安寧,全像衪向他們的祖先所誓許的;一切仇敵,沒有能對抗他們的,因為上主將他們所有的仇敵,都交在他們手中了。
৪৪তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
45 上主向以色列家應許賜福的話,沒有一句落空,全部應驗了。
৪৫যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।