< 約伯記 36 >
2 你且等一會,容我教導你,因為為天主,我還有些話要說。
২আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;
৩মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।
৪কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।
5 的確,天主寬宏大量,決不藐視任何人,並且有廣大的同情心。
৫চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।
৬তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।
7 他也不剝奪義人的權利。他使君王永久坐在寶座上,但是他們卻驕矜自大;
৭তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়।
8 故此,當他們一旦被鎖鏈束縛,被痛苦的繩索所繫,
৮আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,
9 天主就向他們指明他們的惡行,和他們所誇耀的過犯,
৯তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।
10 開啟他們的耳朵,以聽訓戒,囑咐他們離開邪惡。
১০শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।
11 如果他們服從順命,便能幸福地度過歲月,能安樂地享受天年。
১১যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
১২কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
13 心術敗壞的人,憤怒填胸,縱被囚禁,仍不呼求救助;
১৩অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।
১৪সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।
15 所以天主藉痛苦拯救受難的人,以患難開啟他們的耳鼓。
১৫তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।
16 他也要救你擺脫災難,領你到廣闊自由之地,在你桌上常擺滿肥饌美味;
১৬তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
17 無如你判斷與惡人完全一樣,那麼懲罰和判案必集於你身。
১৭কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
18 小心! 不要讓忿怒引你肆口謾罵,也不要為重罰讓你離棄正道。
১৮সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।
১৯তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?
২০যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।
21 小心! 別傾向不義,因為這正是你遭難的真正原因。
২১সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।
২২চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?
২৩কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?
২৪ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।
২৫সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।
26 天主何其偉大,我們不能理解! 他的歲數,無法考究。
২৬চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।
২৭কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;
২৮সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।
29 但誰能明瞭雲彩怎樣散布,天幕中怎樣發出隆隆之聲﹖
২৯বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?
৩০চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে।
৩১কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।
৩২তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।
৩৩তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।