< 耶利米書 39 >
1 猶大王漆德克雅第九年十月,巴比倫王拿步高率領全軍進攻,包圍了耶路撒冷,
১পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
২পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
3 巴比倫王眾將帥入城坐鎮中央門:計有衛隊長乃步匝辣當、大將軍乃步沙次班、戰車司令乃爾加耳沙勒責爾和巴比倫王其餘眾將帥。
৩বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
4 猶大王漆德克雅和所有的戰士一見如此,就立即逃遁,夜間棄城出走,取道御苑,穿過兩牆間的便門,直向阿辣巴的路上跑去。
৪পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
5 加色丁人軍隊立即追趕他們,就在耶里哥荒野追上了漆德克雅,將他捉住,帶到哈瑪特境入的黎貝拉去見巴比倫王拿步高;王即宣判了他的罪狀。
৫কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰীহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদনেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
6 巴比倫王在黎貝拉,就當漆德克雅眼前殺了他的兒子;巴比倫王也殺了猶大所有的貴卿;
৬পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
7 然後挖了漆德克雅的雙眼,給他帶上鎖鏈,送往巴比倫去。
৭তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
8 於是加色丁人放火焚燒了王宮和民房,拆毀了耶路撒冷的城牆;
৮পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
9 城中剩下的人民,和已向他投降的人民,以及其餘的平民,衛隊長乃步匝辣當都擄到巴比倫去。
৯এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
10 至於人民中一無所有的窮人,衛隊長乃步匝辣當仍讓他們留居猶大地,同時還給他們分配了些葡萄和農田。
১০কিন্তু নবুজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
11 關於耶肋米亞,巴比倫王拿步高對衛隊長乃步匝辣當下令說:「
১১বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
12 將他帶去,好好看待他,不但絲毫不可加害,反要照他對你說的,給他照辦!」
১২“তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
13 於是衛隊長乃步匝辣當,大將軍乃步沙次班,戰車司令乃爾加耳沙勒責爾,及巴比倫王其餘將帥派人前去,
১৩এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
14 由拘留所的庭院裏提出耶肋米亞來,交給了沙番的孫子,阿希甘的兒子革達里雅,叫他帶到自己的家裏去;從此耶肋米亞就再居住在民間。
১৪আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
15 耶肋米亞還監禁在拘留所的庭院時,上主有話傳給他說:「
১৫যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
16 你去告訴雇士人厄貝得默肋客說:萬軍的上主,以色列的天主這樣說:看,我使我的話實現在這座城上,不是為賜福,而是為降禍:到了那天,要當著你面前實現。
১৬“তুমি গৈ কুচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
17 到了那天,我必救你──上主的斷語──你不會被交在你怕與他們相見的人的手裏,
১৭কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
18 因為我必拯救你,你不會喪身在刀下,你必獲得性命如獲得戰利品,因為你信賴了我──上主的斷語。」
১৮কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”