< 創世記 8 >
1 天主想起了諾厄和同他在方舟內的一切野獸和牲畜,遂使風吹過大地,水漸漸退落;
১পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
2 深淵的泉源和天上的水閘已關閉,雨也由天上停止降落,
২ভূগর্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিড়িকিবোৰ বন্ধ হৈ গ’ল; আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে।
3 於是水逐漸由地上退去;過了一百五十天,水就低落了。
৩পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল।
৪সেই বছৰৰ সপ্তম মাহৰ সোঁতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল।
5 洪水繼續減退,直到十月;十月一日,許多山頂都露出來。
৫তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।
৬তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিড়িকিখন মেলিলে।
7 放了一隻烏鴉;烏鴉飛去又飛回,直到地上的水都乾了。
৭তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।
8 諾厄等待了七天,又放出了一隻鴿子,看看水是否已由地面退盡。
৮তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।
9 但是,因為全地面上還有水,鴿子找不著落腳的地方,遂飛回方舟;諾厄伸手將牠接入方舟內。
৯কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।
১০তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।
11 傍晚時,那隻鴿子飛回他那裏,看,嘴裏啣著一根綠的橄欖樹枝;諾厄於是知道,水已由地上退去。
১১সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।
12 諾厄又等了七天再放出一隻鴿子;這隻鴿子沒有回來。
১২নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।
13 諾厄六百零一歲,正月初一,地上的水都乾了,諾厄就撤開方舟的頂觀望,看見地面已乾。
১৩নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে।
১৪দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিৱী একেবাৰে শুকাই গ’ল।
১৫তেতিয়া ঈশ্বৰে নোহক ক’লে,
১৬“তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।
17 所有同你在方舟內的有血肉的生物:飛禽、牲畜和各種地上的爬蟲,你都帶出來,叫他們在地上滋生,在地上生育繁殖。」
১৭তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।”
১৮তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল।
19 所有的爬蟲、飛禽和地上所有的動物,各依其類出了方舟。
১৯পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।
20 諾厄給上主築了一座祭壇,拿各種潔淨的牲畜和潔淨的飛禽,獻在祭壇上,作為全燔祭。
২০তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
21 上主聞到了馨香,心裏說:「我再不為人的緣故咒罵大地,因為人心的思念從小就邪惡;我也再不照我所作的打擊一切生物了,
২১যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
22 只願大地存在之日,稼穡寒暑,冬夏晝夜,循環不息。」
২২যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”