< 創世記 41 >
1 過了兩年,法郎作了一夢,夢見自己站在尼羅河畔。
১এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।
2 看見從尼羅河中上來了七隻母牛,色美體肥,在蘆葦中吃草。
২এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
3 隨後,從尼羅河中,又上來了七隻色醜體瘦的母牛,站在尼羅河岸上靠近那些母牛身旁。
৩তাৰ পাছত, দেখিবলৈ কুচ্ছিত আৰু ক্ষীণোৱা আন সাতজনী গৰুও সেই কেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই, নদীৰ দাঁতিত আগতে অহা গৰু কেইজনীৰ ওচৰতে আহি থিয় হ’ল।
4 這些色醜體瘦的母牛,竟將那七隻色美體肥的母牛吞了下去;法郎便驚醒了。
৪তাতে সেই ক্ষীণোৱা আৰু দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰৌণে সাৰ পালে।
5 他又睡下,作了一個夢,夢見一根麥莖上,生出了七枝又肥又美的麥穗;
৫তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয় বাৰ সপোন দেখিলে; তেওঁ দেখিলে ঘেহুঁৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা সাতোটা থোক ওলাল।
6 隨後,又發出了七枝又細弱,而又為東風吹焦了的麥穗。
৬তেতিয়া চোৱা, সেইবোৰৰ পাছতে, পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে সাতোটা থোক ওলাল।
7 這些細弱的麥穗竟將那七枝又肥又實的麥穗吞了下去。法郎驚醒了,原是一場夢。
৭লেৰেলা থোকবোৰে গুটিৰে ভৰা সেই সাতোটা পূৰঠ থোক গিলি পেলালে। তেতিয়া ফৰৌণে সাৰ পাই দেখিলে যে, এইটো সপোনহে।
8 到了早晨,他心煩意亂,遂遣人將埃及所有的術士和賢士召來,給他們講述了自己的夢,卻沒有人能給法郎解釋。
৮যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
৯তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে।
10 有一次陛下對自己的臣僕發怒,將我和司廚長關在衛隊長府內的拘留所內。
১০ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল।
11 我和他在同一夜裏,各作了一夢,我們每人的夢都有它的意義。
১১তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল।
12 在那裏有個希伯來少年人與我們在一起,他是衛隊長的僕人;當我們把夢告訴了他,他就給我們加以解釋,給每個人的夢都說明了它的意義。
১২তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে,
13 果然都照他給我們所解釋的應驗了:我恢復了原職,他卻被吊死了。」
১৩আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”
14 法郎於是遣人去召若瑟,人就快把他從地牢裏提出來;他剃了頭,刮了臉,換了衣服,來到法郎跟前。
১৪তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।
15 法郎對若瑟說:「我作了一夢,沒有人能夠解釋。我聽見人說,你聽了夢就能解釋。」
১৫তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।”
16 若瑟回答法郎說:「這不是我所能的,只有天主能給陛下一個吉祥的解答。」
১৬তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
১৭তেতিয়া ফৰৌণে যোচেফক ক’লে, “মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ;
18 看見從河中上來了七隻母牛,體肥色美,在蘆葦叢中吃草。
১৮এনে সময়ত নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাত জনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
19 隨後,又上來了七隻母牛,軟弱無力,色醜體瘦,那種醜陋,我在埃及全國從未見過。
১৯পাছত চোৱা, ক্ষীণোৱা, দেখিবলৈ কূচ্ছিত, চেৰেলা গাৰে সাত জনী গৰুও সেই কেইজনীৰ পাছত ওলাই আহিল; তেনেকুৱা কুচ্ছিত গৰু মই গোটেই মিচৰ দেশত কেতিয়াও দেখা নাই।
20 這些又瘦又醜的母牛,竟將先上來的那七隻肥母牛吞了下去。
২০আৰু চেৰেলা গাৰে দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাত জনী গিলি পেলালে।
21 牠們吞下去之後,竟看不出來牠們吞了下去,因為牠們醜陋的樣子和先前一樣,我就驚醒了。
২১যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুচ্ছিত কেইজনীয়ে খালে, সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল। কিন্তু সিহঁত আগৰ দৰে কুচ্ছিত হৈয়েই থকিল। তেতিয়া মই সাৰ পালোঁ।
22 以後我又夢見在一根麥莖上,生出了七枝粗大美麗的麥穗。
২২মই পুনৰাই সপোন দেখিলোঁ, একে ডাল ঠাৰিতে গুটিৰে ভৰা ঘেহুঁৰ উত্তম সাতোটা থোক ওলাল।
23 隨後,又發出了七枝枯萎細弱而又被東風吹焦了的麥穗。
২৩তেতিয়া সেইবোৰৰ পাছত শুকান, পতনুৱা সেইবোৰ পুবৰ গৰম বতাহত শুকায় গৈছিল, এনে সাতোটা থোকো ওলাল।
24 這些細弱的麥穗竟將那七枝美麗的麥穗吞了。我講給了術士們聽,但沒有人能給我解說。」
২৪পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।”
25 若瑟遂對法郎說:「陛下的夢只是一個。天主已將所要作的告訴陛下:
২৫তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।
26 七隻美好的母牛表示七年,七枝美好的麥穗也表示七年。這原是一個夢。
২৬সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই।
27 隨後上來的那七隻又瘦又弱的母牛,和那七枝空虛而又被東風吹焦了的麥穗,都表示將有七個荒年。
২৭পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব।
28 這即是我對陛下所說:天主已將他要作的顯示給陛下了。
২৮মই ফৰৌণৰ আগত ইয়াকে ক’লোঁ যে, ঈশ্বৰে যি কৰিব খুজিছে, তাকেহে তেওঁ ফৰৌণক দেখুৱাইছে।
২৯তাতে গোটেই মিচৰ দেশত এনে সাতটা বছৰ আহিব য’ত বহুত শষ্য উৎপন্ন হ’ব।
30 繼之而來的是七個荒年,那時人都忘記了埃及國曾有過豐收。當飢荒蹂躪此地時,
৩০সেইবোৰৰ পাছত হ’ব আকালৰ সাত বছৰ, তাতে মিচৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব; আৰু সেই আকালে দেশখনকে নষ্ট কৰিব।
31 誰也覺不到此地曾有過豐收,因為相繼而來的飢荒實在太嚴重了。
৩১এই আকালৰ কাৰণে লোকসকলৰ দেশত, আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব। কিয়নো এইটো অতিশয় ভয়ংকৰ হ’ব।
32 至於陛下的夢重複了兩次,是表示這事已由天主命定,天主就快要實行。
৩২ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।
33 所以陛下現在應當尋找一個聰明,有智慧的人,派他管理埃及國。
৩৩এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।
34 陛下應設法在地方上派定督辦,在七個豐年內,徵收埃及國所出產的五分之一;
৩৪ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।
35 使他們將未來豐年內的一切食糧,聚斂起來,將五穀都儲藏在陛下手下,貯在城內備作食糧,妥為保管。
৩৫এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।
36 這些食糧應作為本地的存糧,以應付那在埃及國要出現的七個荒年,免得全國因飢荒而滅亡。
৩৬এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”
৩৭তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।
38 於是法郎對他的臣僕說:「像他這樣的人,有天主的神住在他內,我們豈能找著另一個﹖」
৩৮তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
39 法郎遂對若瑟說:「天主既使你知道這一切,就再沒有像你這樣聰敏富有智慧的人了。
৩৯তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।
40 你要掌管我的朝廷,我的人民都要聽從你的號令;只在寶座上我比你大。」
৪০তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”
41 法郎又對若瑟說:「看,我立你統治全埃及國。」
৪১ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।”
42 遂由自己手上取下打印的戒指,戴在若瑟手上,給他穿上細麻長袍,將金鏈戴在他的頸項上;
৪২পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।
43 又使他坐在自己的第二部御車上,人們在他前面喊說:「跪下! 」法郎就這樣立他管理全埃及國。
৪৩তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।
44 法郎又對若瑟說:「我是法郎,沒有你的同意,全埃及國,任何人不得做任何事。」
৪৪ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”
45 法郎給若瑟起名叫匝斐納特帕乃亞,又將翁城的司祭頗提斐辣的女兒阿斯納特給他為妻。若瑟便出去巡行埃及全國。
৪৫ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।
46 若瑟立於埃及王法郎前時,年三十歲。他由法郎面前出去巡行了埃及全國。
৪৬যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।
৪৭তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে।
48 若瑟聚斂了埃及國七個豐年內所有的糧食,積蓄在城內;每城城郊田間所出的糧食,也都儲藏在本城內。
৪৮মিচৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই, তেওঁ নগৰে নগৰে সাঁচি হ’ল; প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ’ল, তাক তেওঁ সেই নগৰতে সাঁচি থলে।
49 這樣若瑟聚斂了大量的五穀,多得有如海沙,無法計算,無法勝數。
৪৯এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।
50 在荒年未來以前,若瑟已有了兩個兒子,是翁城的司祭頗提斐辣的女兒阿斯納特給他生的。
৫০যোচেফৰ দুটি পুত্র আকাল অহাৰ আগেয়ে জন্ম পালে, ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে জন্ম দিলে।
51 若瑟給長子起名叫默納協,說:「天主使我忘盡了我的一切困苦和我父的全家。
৫১তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
52 給次子起名叫厄弗辣因,說:「天主使我在我受苦的地方有了子息。」
৫২দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”
৫৩তাৰ পাছত মিচৰ দেশত বহু শষ্য উৎপন্ন হোৱা সাত বছৰ শেষ হ’ল।
54 七個荒年隨著就來了,恰如若瑟所預言的;各地都發生了飢荒,唯獨全埃及國還有食糧。
৫৪তাতে যোচেফে কোৱাৰ দৰেই আকালৰ সাত বছৰ আৰম্ভ হ’ল, তেতিয়া সকলো দেশতে আকাল হ’ল; কিন্তু গোটেই মিচৰ দেশত হ’লে আহাৰ আছিল।
55 及至埃及全國鬧飢荒時,人民便向法郎呼求糧食;法郎對埃及民眾說:「你們到若瑟那裏去,照他對你們所說的做。」
৫৫যেতিয়া মিচৰ দেশৰ গোটেইখনতে আকাল হ’বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰৌণ ৰজাৰ আগত ভিক্ষা খুজিলে গৈ; তাতে ফৰৌণে সকলো মিচৰীয়াকে ক’লে, “তোমালোকে যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যি কৰিবলৈ কয়, তাকে তোমালোকে কৰিবা।”
56 當時飢荒彌漫天下,若瑟便開了國內所有的糧倉,將糧食賣給埃及人,因為埃及的飢荒很嚴重。
৫৬তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল।
57 天下的人都來到埃及,向若瑟購買食糧,因為天下各地都大鬧飢荒。
৫৭সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।