< 出埃及記 6 >
1 上主回答梅瑟說:「現在你就要看見我對法朗所要作的;在強硬的手臂下,他必放走他們;在強硬的手腕下,他必將他們逐出自己的國境。」
১তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
২ঈশ্বৰে মোচিৰ সৈতে কথা পাতি তেওঁক ক’লে, “মই যিহোৱা।
3 我曾顯現給亞巴郎、依撒格和雅各伯為「全能的天主,」但沒有以「雅威」的名字將我啟示給他們。
৩মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
4 我也與他們立了約,許下將他們寄居而作客的客納罕地賜給他們。
৪ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল, আৰু অনাই বনাই ঘুৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ।
5 如今我聽見了以色列子民因埃及人的奴役而發的唉號,想起了我的約。
৫তাৰ উপৰিও, মিচৰীয়া সকলে বন্দীকামত লগোৱা ইস্ৰায়েলী লোক সকলৰ ক্রন্দন মই শুনিলো, আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ।
6 為此你應該對以色列子民說:我是上主,我要使你們擺脫埃及人的虐待,拯救你們脫離他們的奴役,用伸開的手臂,藉嚴厲的懲罰救贖你們。
৬এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
7 我要以你們作我的百姓,我作你們的天主。你們將承認我是天主,你們的天主,使你們擺脫埃及人的虐待。
৭মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু মইয়ে তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।
8 我領你們要去的地方,就是我舉手誓許給亞巴郎、依撒格和雅各伯的地方;我要把那地方賜給你們作產業。─我是上主。」
৮মই যি দেশ অব্ৰাহাম, ইচহাক, আৰু যাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম, আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম; ময়েই যিহোৱা’।”
9 梅瑟將這些話告訴了以色列子民,但他們由於苦工喪氣,不肯聽梅瑟的話。
৯যেতিয়া মোচি গৈ ইস্ৰায়েলী লোক সকলক সেই কথা কলে; তেতিয়া তেওঁলোকে কঠিন বন্দীকামৰ বাবে নিৰুৎসাহ হৈ মোচিৰ কথাত মন নিদিলে।
১০সেয়ে যিহোৱাই মোচিক ক’লে,
11 你去告訴埃及王法朗說:」叫他將以色列子民由他國中放走。」
১১“তুমি গৈ মিচৰৰ ৰজা ফৰৌণক কোৱা যে, ইস্ৰায়েলী লোক সকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক।”
12 梅瑟當面回答上主說:「以色列子民既不肯聽我,法朗又怎肯聽我﹖況且我又是笨口結舌的人。」
১২মোচিয়ে যিহোৱাক ক’লে, “যদি ইস্ৰায়েলী লোক সকলেই মোৰ কথা নুশুনে; তেনেহ’লে ফৰৌণে মোৰ কথা কিয় শুনিব? যিহেতু মই কথা কোৱাত নিপুণ নহয়।”
13 上主訓示梅瑟和亞郎,命令他們去見以色列子民和埃及王法朗,好領以色列子民出離埃及國。梅瑟和亞郎的族譜
১৩যিহোৱাই মোচি আৰু হাৰোণৰ লগত কথা পাতিলে; আৰু মিচৰ দেশৰ পৰা ইস্রায়েলী লোক সকলক উলিয়াই দিবলৈ ইস্ৰায়েলী লোক আৰু মিচৰ দেশৰ ৰজা ফৰৌণৰ বাবে তেওঁ আজ্ঞা দিলে।
14 以下是他們家族的族長:以色列的長子勒烏本的兒子:有哈諾客、帕路、赫茲龍和加爾米:以上是勒烏本的家族。
১৪এওঁলোকেই নিজৰ পিতৃ-বংশৰ প্রধান লোক আছিল: ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ ৰূবেণ, আৰু ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। এওঁলোক আছিল ৰূবেণ গোষ্ঠীৰ পূৰ্বপুৰুষ।
15 西默盎的兒子:有耶慕耳、雅明、敖哈得、雅津、祚哈爾和客納罕女子生的兒子沙烏耳:以上是西默盎的家族。
১৫চিমিয়োনৰ পুত্র সকল আছিল যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল কনানীয়া মহিলাৰ পুত্র আছিল। এওঁলোক আছিল চিমিয়োন গোষ্ঠীৰ পূৰ্বপুৰুষ।
16 以下是肋末的兒子和他們後代的名字:格爾雄、刻哈特和默辣黎。肋末享年一百三十七歲。
১৬লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
17 革爾雄的兒子有:里貝尼和史米以及他們的家族。
১৭গেৰ্চোনৰ পুত্ৰ লিবনী আৰু চিমিয়ী আছিল।
18 哈特的兒子:有阿默蘭、依茲哈爾、赫貝龍、烏齊耳。刻哈特享年一百三十三歲。
১৮কহাতৰ পুত্র সকল হ’ল অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল। কহাত এশ তেত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
19 默辣黎的兒子有:瑪赫里和慕史:以上是勒末各家族和他們的後代。
১৯মৰাৰীৰ পুত্র সকল হ’ল মহলী আৰু মুচী। এওঁলোক বংশধৰ সকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল।
20 阿默蘭娶了自己的姑母約革貝得為妻,她給他生了亞郎和梅瑟。阿默蘭享年一百三十七歲。
২০অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।
২১যিচহৰৰ পুত্র সকল আছিল কোৰহ, নেফগ, আৰু জিখ্ৰী।
২২উজ্জীয়েলৰ পুত্র সকল আছিল মিচায়েল, ইলিচাফন, আৰু চিথ্ৰী।
23 亞郎娶了阿米納達布的女兒,納赫雄的姐妹厄里舍巴為妻,她給亞郎生了納達布、阿彼胡、厄肋阿匝爾和依塔瑪爾。
২৩হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
24 科辣黑的兒子:有阿息爾、厄耳卡納和阿彼雅撒夫:以上是科辣黑的家族。
২৪কোৰহৰ পুত্র সকল আছিল অচীৰ, ইলকানা, আৰু অবীয়াচক। এওঁলোক কোৰহীয়া গোষ্ঠীৰ পূৰ্বপুৰুষ।
25 亞郎的兒子厄肋阿匝爾娶了普提耳的一個女兒為妻,她給他生了丕乃哈斯:以上是肋末人各支屬的族長。
২৫হাৰোণৰ পুত্ৰ ইলিয়াজৰে পুটীয়েলৰ এজনী জীয়েকক বিয়া কৰিলে। তেওঁ পীনহচক জন্ম দিলে। এওঁলোকেই লেবীয়া সকলৰ বংশৰ সৈতে পিতৃবংশৰো প্রধান লোক আছিল।
২৬এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
27 這個梅瑟和亞郎曾向埃及王紡朗說過:要將以色列子民從埃及領出來。
২৭মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।
২৮মিচৰ দেশত যেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতিছিল,
29 上主曾對梅瑟說:「我是上主。你應該把我對你所說的一切話告訴埃及王法朗。」
২৯তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
30 梅瑟當面回答上主說:「看,我是個笨口結舌的人,法朗怎肯聽我﹖」
৩০কিন্তু মোচিয়ে যিহোৱাক কৈছিল, “মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰৌণে মোৰ কথা কিয় শুনিব?”