< 出埃及記 29 >
1 你為祝聖他們作我的司祭,應行以下的事:牽一頭公牛犢和兩隻無殘疾的公綿羊,
১মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।
2 準備無酵餅,油調的無酵糕,油抹的無酵薄餅:這些都應用細麥麵做成,
২খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
3 放在籃子內,連籃子也帶來,並將那頭公牛和兩隻綿羊牽來;
৩এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
4 然後領亞郎和他的兒子們到會幕門口,先叫他們沐浴,
৪হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকৰ গা ধুৱাবা।
5 以後拿過服裝來,給亞郎穿上長衣,和掛厄弗得的無袖長袍,佩上厄弗得和胸牌,繫上厄弗得帶子,
৫তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
৬তেওঁৰ মুৰত পাগুৰি পিন্ধাই তাৰ ওপৰত পবিত্ৰ মুকুট লগাবা।
৭তাৰ পাছত অভিষেক কৰা তেল ল’বা, আৰু তেওঁৰ মুৰত বাকি, তেওঁক অভিষেক কৰিবা।
৮তুমি তেওঁৰ পুত্ৰসকলক আনিবা; আৰু কোট চোলা পিন্ধাবা।
9 給他們束上腰帶,纏上頭巾;如此,使他們盡司祭之職,成為永遠的規律:你要這樣授與亞郎和他兒子們聖職。祝聖司祭的祭獻
৯হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
10 以後把牛犢牽到會幕前邊,亞郎和他的兒子們按手在牛犢頭上。
১০তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।
১১তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।
12 取些牛血,用你的手指抹在祭壇的各角上,把其餘的血倒在祭壇腳前。
১২তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
13 再取出遮蓋內臟的一切脂肪、肝葉、兩腎和兩腎上的脂肪,放在祭壇上焚燒,使煙昇起。
১৩তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
14 牛犢的肉、皮和糞,應在營外用火焚化,因為這是贖罪祭。
১৪কিন্তু সেই দমৰা টোৰ মাংস আৰু তাৰ লগতে ছাল আৰু গোবৰ তম্বুৰ বাহিৰফালে জুইত পুৰি ভষ্ম কৰি দিবা; সেয়ে পাপাৰ্থক বলি হ’ব।
15 以後把公綿羊牽來,亞郎和他的兒子們按手在羊頭上。
১৫তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
১৬তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
17 再把羊切成碎塊,把內臟和腿洗淨,放在肉塊與羊頭上,
১৭তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
18 在祭壇上焚燒整個公綿羊,使煙昇起;這是獻給上主的全燔祭,是中悅上主的馨香火祭。
১৮তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
19 再把另一隻公綿羊牽來,亞郎和他的兒子們按手在羊頭上。
১৯তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
20 此後你宰殺這羊,取一些血,抹在亞郎和他兒子們的右耳垂上,抹在他們的右手拇指和右腳大趾上,其餘的血洒在祭壇周圍。
২০তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
21 以後取祭壇上的一點血和傅禮的油,洒在亞郎和他的衣服上,洒在他的兒子們和他們的衣服上:這樣他和他的衣服,他們和他們的衣服,都成了聖的。
২১তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব।
22 再從公綿羊身上取出脂肪、肥尾,遮蓋內臟的脂肪、肝葉,兩腎和兩腎上的脂肪以及右後腿,─因為這是授聖職時所獻的公綿羊;
২২তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
23 然後從擺在上主前的無酵餅籃內,拿出一個圓餅,一個油調的餅,一個薄餅,
২৩তুমি যিহোৱাৰ সন্মুখত থকা খমীৰ নিদিয়া পিঠাৰ সেই পাচিটোৰ পৰা এটা পিঠা, তেল মিহলোৱা এটা পিঠা, আৰু খমীৰ নিদিয়া এটা পাতল পিঠা ল’বা।
24 都放在亞郎和他兒子們手上,在上主前行奉獻的搖禮;
২৪হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত সেই সকলোকে দিবা। তেওঁলোকে যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিবৰ বাবে সেই পিঠাবোৰ ওপৰলৈ তুলি ধৰিব।
25 以後從他們的手裏接過來,在祭壇上按全燔祭的禮儀焚燒,使煙昇起,作為上主悅納的馨香:這是獻給上主的火祭。
২৫তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
26 以後你把亞郎受聖職時所獻的公綿羊的胸部拿來,在上主前行奉獻的搖禮,它就成了你的一分。
২৬তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।
27 你要聲明搖過的胸,舉過的腿,即亞郎和他兒子們受聖職時,所搖過的公綿羊的胸和所舉過的腿是聖的。
২৭মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।
28 這是亞郎和他的兒子們在以色列子民中永遠所享的權利,因為是舉過的祭品;舉過的祭品,就是從以色列子民所獻的和平祭品中,取出舉獻於上主的一部份。
২৮ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
29 亞郎的聖衣應傳給他的子孫,他們穿上這些聖衣才能接受傅油,接受聖職。
২৯পবিত্র বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ’বলৈ হাৰোণৰ পাছত তেওঁৰ পবিত্ৰ বস্ত্ৰ তেওঁৰ পুত্ৰসকলৰ বাবে হ’ব।
30 他的子孫中凡接位當司祭,進會幕在聖所行禮的,應七天之久穿這些聖衣。
৩০তেওঁৰ পুত্ৰসকলৰ মাজৰ যি জনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেই জনেই সেই বস্ত্ৰ সাত দিন পিন্ধিব।
31 你要拿受聖職時所獻的公綿羊,在聖處煮牠的肉。
৩১তুমি মোৰ উদ্দেশ্যে পুৰোহিতসকলক পবিত্রকৃত কৰিবলৈ, মেৰ-ছাগ পোৱালিটোৰ মাংস এক পবিত্ৰ স্থানত সিজাব লাগিব।
32 亞郎同他的兒子們須要在會幕門口吃這羊肉和籃中的餅,
৩২সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগ মাংস আৰু পাচিত থকা পিঠা ভোজন কৰিব লাগিব।
33 只許他們吃授聖職和祝聖他們時所獻的贖罪祭品,外人不許吃,因為是聖物。
৩৩মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।
34 授聖職時所獻的祭肉和餅,若到早晨還有剩下的,應把剩下的用火焚化,不准再吃,因為是聖物。
৩৪সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা।
35 你應照我吩咐你的,向亞郎和他的兒子們行這一切:七天之久給他們行授職典禮。祝聖全燔祭壇
৩৫মই তোমাক কৰিবলৈ দিয়া সকলো আজ্ঞা অনুসাৰে, হাৰোণ আৰু তেওঁৰ পুত্ৰসকললৈ কৰিবা। এনেকি তেওঁলোকক মোৰ বাবে পবিত্রকৃত কৰিবলৈ তুমি সাত দিন ল’বা।
36 每天你應獻一隻牛犢當贖罪祭,為贖罪;你應在祭壇上行贖罪祭,使祭壇潔淨,而且要給祭壇傅油,使之為聖。
৩৬তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদীক শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।
37 要七天之久為祭壇行潔淨禮,使之為聖:如此祭壇就成了至聖;凡觸摸祭壇的,也成為聖的。每日的全燔祭
৩৭তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
৩৮সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।
৩৯তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।
40 與頭一隻羊同獻的,還有十分之一「厄法」細麵,調和上四分之一「辛」榨得的油,和四分之一「辛」的酒作奠祭。
৪০প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।
41 與傍晚那一隻同獻的,如早晨的素祭和奠祭一樣,作為上主悅納的一種馨香火祭。
৪১দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
42 這是你們世世代代,在會幕門口,在上主前應不斷獻的全燔祭;我要在那裏與你會晤,在那裏向你講話。
৪২তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোমবলি হ’ব।
43 我也要在那裏與以色列子民會晤,此地要因我的光榮被尊為聖。
৪৩সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
44 我要祝聖會幕和祭壇,也要祝聖亞郎和他的兒子們,使他們成為我的司祭。
৪৪মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
৪৫মই ইস্ৰায়েলী লোকসকলৰ মাজত বাস কৰিম, আৰু তেওঁলোকৰ ঈশ্বৰ হম।
46 他們要承認我上主是他們的天主,領他們出離了埃及地,為住在他們中間:我上主是他們的天主。
৪৬তেতিয়া যিজন সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ মাজত বাস কৰিবলৈ তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱা যে মই, সেই কথা তেওঁলোকে জানিব। ময়েই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।