< 但以理書 2 >

1 拿步高在位第十二年,拿步高一連做了幾個夢,遂心神不寧,不能入睡。
ৰজা নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
2 於是君王下令召巫師、術士、方士和占星者前來給君王詳夢;他們前來了,站在君王前,
তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃতলোকৰ সৈতে কথা পতাৰ দাবি কৰে, তেনে লোক, যাদুকৰ, আৰু জ্ঞানী লোকসকলক মাতিলে; আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক’বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল, আৰু ৰজাৰ আগত উপস্থিত হ’ল।
3 君王對他們說:「我做了一個夢,心神不寧,急於要知道這夢的究竟。」
তেতিয়া ৰজাই তেওঁলোকক ক’লে, “মই এটা সপোন দেখিলোঁ, সেই সপোনৰ ফলিতা জানিবলৈ মোৰ মন উৎকণ্ঠিত হৈছে।”
4 占星者用【阿剌美語】回答君王說:「大王萬歲! 請大王給你的僕人們說出夢來,我們好給大王解釋那夢的意義。」
তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম।”
5 君王答覆占星者說:「我是言出必行的,如果你們不告訴我那夢和夢的意義,你們必被萬刮凌遲,你們的家必成為廢墟。
ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, “এই বিষয়ে স্থিৰ কৰা হৈছে যে, আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক’ব নোৱাৰে, তেনেহ’লে আপোনালোকৰ শৰীৰ ডোখৰ ডোখৰ কৈ কটা যাব, আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা হ’ব।
6 但若你們告知我那夢和夢的意義,你們必獲得我的禮物、賞報和崇高的尊榮;為此你們告訴我那夢和夢的意義罷! 」
কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক’ব পাৰে, তেনেহ’লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ, আৰু অধিক সন্মান পাব; সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক।”
7 他們又回答說:「請大王給你的僕人們說出夢來,好讓我們給大王解釋。」
তেওঁলোকে পুনৰ উত্তৰ দি ক’লে, “মহাৰাজ আপোনাৰ দাসক সপোনটো কওঁক; আৰু আমি তাৰ ফলিতা আপোনাক ক’ম।”
8 君王回答說:「我明知你們是在想爭取時間,因為你們明知我是言出必行的;
ৰজাই উত্তৰ দিলে, “মই নিশ্চয়কৈ জানিছোঁ, এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে।
9 如果你們不告訴我那夢,為你們只有一個判決。那麼,你們是想在我面前說謊欺騙,專待時機的轉變。現在你們要告訴我那夢,好使我知道你們能為我解釋那夢的意義。」
কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
10 占星者在君王面前回答說:「世上沒有一個人能說出大王所問的事,從來也沒有一位君王,不論他如何偉大,有勢力,向任何巫師、術士和占星者詢問過這樣的事。
১০জ্ঞানী লোকসকলে ৰজাক উত্তৰ দি ক’লে, “মহাৰাজৰ দাবী পূৰণ কৰিব পৰা এনে কোনো মানুহ পৃথিবীত নাই। মহান আৰু পৰাক্ৰমী কোনো ৰজাই মায়াবী, বা মৃতলোকৰ লগত কথা পতাৰ দাবী কৰা জনক, বা জ্ঞানী লোকৰ পৰা কেতিয়াও এনে বিষয়ত দাবী কৰা নাই।
11 大王詢問的,確是件難事,沒有誰能告訴大王,除非那不與血肉之軀同居的神祇。」
১১মহাৰাজে যি দাবী কৰিছে, সেয়া কঠিন; আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে, আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক’ব নোৱাৰে।”
12 君王因此生氣,大發雷霆,下令消滅巴比倫所有的智者。
১২এই কথা শুনাৰ পাছত ৰজা খঙাল আৰু অতিশয় ক্রোদ্ধাম্বিত হৈ বাবিলৰ যি সকল লোক নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰা পৰিচিত, তেওঁলোকক ধ্বংস কৰিবলৈ আজ্ঞা দিলে।
13 要殺智者的諭令發出之後,人們就搜索達尼爾和他的同伴,要將他們殺死。
১৩সেয়ে এই আজ্ঞা প্ৰচাৰিত হ’ল। জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে; তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে।
14 君王的衛隊長阿黎約客出發,要殺巴比倫的智者之時,達尼爾機警明智地應付了他。
১৪তাৰ পাছত বাবিলৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে।
15 達尼爾問君王的全權大臣阿黎約客說:「君王發出的諭令,為什麼這樣迫切」﹖阿黎約客遂將事情告訴了達尼爾。
১৫দানিয়েলে ৰজাৰ সেনাপতিক সুধিলে, “ৰজাৰ এই আজ্ঞা কিয় ইমান জৰুৰী?” সেয়ে কি ঘটিছিল, সেই বিষয়ে অৰিয়োকে দানিয়েলক ক’লে।
16 達尼爾進去要求君王給他延長限期,好為君王詳解夢兆。
১৬তেতিয়া দানিয়েল ভিতৰলৈ গ’ল, আৰু ৰজাৰ আগত যাতে সপোন ব্যাখ্যা কৰিব পাৰে; সেই বাবে ৰজাৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ অনুৰোধ কৰিলে।
17 然後回到家裏,把事情告訴了自己的同伴阿納尼雅、米沙耳和阿匝黎雅,
১৭তাৰ পাছত দানিয়েল তেওঁৰ ঘৰলৈ গ’ল, আৰু হননীয়া, মীচায়েল, আৰু অজৰিয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে।
18 要他們為這秘密事,懇求上天的大主施恩,挽救達尼爾和他的同伴與巴比倫其餘的智者,免被殺害。
১৮বেবিলনৰ অৱশিষ্ট জ্ঞানসম্পন্ন লোকসকলৰ সৈতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয়; সেই বাবে তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগূঢ় বিষয়ত অনুগ্রহ বিচাৰি প্রাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে।
19 於是在夜間的神視中,這個秘密就啟示給達尼爾了;達尼爾遂讚美上天的大主,
১৯সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
20 說:「願天主的名,從永遠直到永遠受讚美,因為智慧和能力都屬於他。
২০ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।
21 是他變更四時季節,是他廢黜君王,也興立君主,賜智者以智慧,賜識者以聰敏;
২১তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
22 是他啟示隱秘深奧之事,洞悉暗中的事,因為光明居於他內。
২২তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
23 我祖先的天主,我稱謝讚頌你,因為你賜給了我智慧和能力。我們祈求你的事,現在你已曉諭了我們,使我們知道了君王的秘密。」
২৩হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
24 達尼爾遂去見君王委派殺戮巴比倫智者的阿黎約客,對他這樣說:「請暫且先不要殺害巴比倫的智者,帶我去見君王,我要給君王解夢。」
২৪এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানীলোক সকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ’ল। তেওঁ গৈ, তেওঁক ক’লে, “বাবিলৰ জ্ঞানীলোক সকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক, আৰু মই ৰজাক সপোনৰ ফলিতা ক’ম।”
25 於是阿黎約客立刻引達尼爾去見君王,對君王說:「我從猶大被擄的子民中找得一人,他會給大王解夢。」
২৫তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”
26 君王對名叫貝耳特沙匝的達尼爾說道:「你能告訴我,我所見的夢和夢的意義嗎﹖」
২৬তেতিয়া ৰজাই দানিয়েলক (যাক বেলটচচৰ মতা হৈছিল) ক’লে, “মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক’ব পাৰিবা নে?”
27 達尼爾回答君王說:「大王所問的奧秘,不是智者、術士、巫師和占卜者所能告訴大王的;
২৭তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।
28 但是,在天上有一位啟示奧秘的大主! 他已將那日後要發生的事曉諭給大王。大王! 你在床上腦中所得的夢,所見的神視是這樣:
২৮কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
29 大王你睡在床上忽然想到日後所要發生的事,啟示奧秘的那位,把要發生的事已曉諭給你。
২৯হে মহাৰাজ, আপুনি শয্যাত ভবিষ্যতৰ বিষয়ে নানা কথা চিন্তা কৰিছিল; আৰু নিগূঢ় বিষয় প্ৰকাশ কৰা জনে, আগলৈ কি ঘটিব, সেই বিষয়ে আপোনাক জানিবলৈ দিলে।
30 這奧秘已啟示給我,並非因為我比任何活人更有智慧,而只是為把夢兆告訴大王,叫你知道你心心中的思念。」「
৩০আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।
31 大王! 你夢見一尊巨大的立像。這尊立像異常高大,非常光輝燦爛,立在君王面前,相貌可怕。
৩১হে মহাৰাজ আপুনি ওপৰলৈ চাই, এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল; আৰু তাৰ উজ্জলতা ভয়ানক আছিল।
32 這尊立像,頭是純金的,胸和臂是銀的,腹和股是銅的。
৩২সেই মূৰ্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙন পিতলৰ,
33 脛是鐵的,腳一部份是鐵,一部份是泥的。
৩৩আৰু তাৰ ভৰিবোৰ লোহাৰ, আৰু ভৰিৰ পতা কিছু পৰিমাণে লোহা আৰু কিছু পৰিমাণে মাটিৰে তৈয়াৰী আছিল।
34 大王,你在觀望,忽有一塊石頭,未經手鑿即滾下,擊中了立像,把鐵泥的腳,打得粉碎;
৩৪আপুনি চাই থাকোঁতেই এটা শিল কাটি উলিওৱা হ’ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুড়ি কৰিলে।
35 同時鐵、泥、銅、銀和金立即完全粉碎,有如夏天禾場上的糠秕,被風吹去,無蹤無影;那塊擊碎立像的石頭卻變成了一座大山,佔據了全地。」「
৩৫তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
36 夢是這樣的,現在我們要給大王解釋夢兆。
৩৬এয়ে আপোনাৰ সপোন আছিল। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ।
37 大王! 你是王中之王,上天大主賜給了你領土、勢力、權威和尊榮,
৩৭হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে।
38 凡有人居住的地方,田野的走獸,天空的飛鳥,都交在你手中,由你統治這一切,你便是那屬金的頭。
৩৮মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই।
39 在你以後,將興起另一個比你稍弱的國家,以後興起第三個國家,屬銅,她要統轄大地;
৩৯আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।
40 相繼而來的是第四個,堅強如鐵的國家,就如鐵能粉碎擊破一切,這個國家也要如鐵粉碎擊破一切,
৪০আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ’ব; কাৰণ লোহাই আন বস্তু ডোখৰ ডোখৰ কৰি ভাঙে, আৰু সকলো বস্তু গুড়ি কৰে, সেয়ে সকলো বস্তু ভাঙিব, আৰু সেইবোৰ গুড়ি হ’ব।
41 至於你見腳和趾,一部分是泥,一部分是鐵,表示這個國家必要分裂,然而國內仍有鐵的堅強,正如你見鐵與泥相混一樣。
৪১আপুনি দেখাৰ দৰে, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে শেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰে তৈয়াৰী আছিল; সেয়ে এয়া বিভক্ত ৰাজ্য হ’ব; এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব।
42 腳趾一部分是鐵,一部份是泥,表示這個國家一部分強,一部分弱。
৪২ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল, সেই দৰে ৰাজ্যও এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব।
43 你見鐵與泥混合,是說他們要與其他人種相混合,但是彼此不能相合,就如鐵不能與泥相混合一樣。
৪৩আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্রণ হৈ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব।
44 在這些君王時代,上天的大主必要興起一個永不滅亡的國家,她的王權也決不歸於其他民族,她要粉碎和毀滅這一切邦國,惟獨她永存弗替,
৪৪আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
45 就如你所見那塊未經手鑿,即從山上滾下的石頭,把鐵、銅、泥、銀和金打得粉碎一樣。偉大的天主已曉諭了大王,今後將要發生的事。這夢是真實的,夢的解釋也是正確的。」
৪৫আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”
46 拿步高於是俯首至地,叩拜達尼爾,下令給他奉上禮物和香品,
৪৬তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।
47 然後開口對達尼爾說:「的確,你們的天主是萬神的天主,萬王的主宰,奧秘的啟示者,因為你能啟示這個奧秘。」
৪৭ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
48 王遂擢升達尼爾,賞賜他很多珍貴的禮品,派他治理巴比倫全省,做巴比倫所有智者的首領。
৪৮তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
49 達尼爾要求君王委任沙得辣客、默沙客和阿貝得乃哥掌管巴比倫省的政務;達尼爾自己卻留在朝廷內。
৪৯দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।

< 但以理書 2 >