< Zephaniah 2 >
1 Yeirai ka panuek hoeh e miphunnaw namahoima kâpouk awh haw.
১হে নিলাজ জাতি, তোমালোক একত্রিত হোৱা, একেলগ হৈ গোট খোৱা।
2 A dei e patetlah na ka pouk awh hoeh, nangmae atueng teh vaikong patetlah a palek hoehnahlan, BAWIPA lungkhueknae ni nangmae lathueng a pha hoehnahlan namahoima kâpouk awh haw.
২কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, আপোনালোক একত্রিত হওঁক!
3 A lung kârahnoum niteh, lawk ka tarawi e khocanaw pueng Cathut teh tawng awh haw. Lannae hoi kârahnoumnae hai tawng awh haw. BAWIPA lungkhueknae hnin nah kâhro nahan na hmawt awh mahoeh.
৩হে পৃথিৱীৰ সমুদায় নম্র লোক, আপোনালোক যিসকলে যিহোৱাৰ শাসন-প্রণালী মানি চলিছে, আপোনালোকে যিহোৱাক বিচাৰক! আপোনালোকে ধাৰ্মিকতা অনুশীলন কৰক! নম্ৰতাৰ অনুশীলন কৰক! কিজানি যিহোৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব।
4 Gaza kho tâco takhai vaiteh, Ashkelon teh kingdi han. Kanîthun vah Ashdodnaw pâlei vaiteh, Ekron kho hai raphoe lah ao han.
৪গাজা জনশূণ্য হ’ব আৰু অস্কিলোন ধ্বংসস্থান হ’ব; অচ্দোদৰ লোক সমূহক দুপৰ বেলা খেদাই দিয়া হ’ব, আৰু ইক্ৰোণক উঘালি পেলোৱা হ’ব।
5 Talî rai lah kaawm e Kereth miphunnaw, nangmouh teh Cathut lawk hah na taran awh. Filistin onae Kanaan ram, apihai o hoeh nahanlah ka raphoe han.
৫হে সমুদ্ৰতীৰত বাস কৰা কৰেথীয়া লোকসকল, আপোনালোকৰ সন্তাপ হ’ব। হে পলেষ্টীয়াসকলৰ দেশ কনান! যিহোৱাই আপোনালোকৰ বিপক্ষে কৈছে, “কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম।”
6 Talîpui rai teh, tu kakhoumnaw ni kâkawknae hmuen lah ao han.
৬সমুদ্ৰ তীৰৰ এলেকা হ’ব চৰণীয়া ভূমি; মেৰ-ছাগ ৰখীয়াৰ তৃণভূমি আৰু মেৰ-ছাগৰ জাকৰ নিৰাপদ আশ্রয়স্থান হ’ব।
7 Talîpui rai e hmuen teh ka cawi e Judahnaw ni ao nah vaiteh kâkawknae lah ao han. Tangmin lah Ashkelon kho dawk a roe awh han. Ahnimae BAWIPA Cathut teh ahnimouh koe tho vaiteh, hawinae bout a hmu awh han.
৭সেই সমুদ্রতীৰৰ এলেকা, যিহূদা বংশৰ জীয়াই থকা অৱশিষ্ট লোকৰ অধিকাৰত থাকিব। তেওঁলোকে তাত মেৰ-ছাগৰ জাক চৰাব; সন্ধিয়া তেওঁলোকে অস্কিলোনৰ ঘৰত শুই থাকিব; তেওঁলোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক প্রতিপালন কৰিব; তেওঁ তেওঁলোকৰ ভৱিষ্যত অৱস্থা পুণঃস্থাপন কৰিব।
8 Moabnaw hoi Amonnaw ni ka miphun a dudam awh teh a kâoup sin e lawk ka thai toe.
৮“মই মোৱাবে কৰা উপহাস আৰু অম্মোনৰ সন্তানবোৰে কৰা গালি-শপনিবোৰ শুনিলো; তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ অহিতে সীমা উলঙ্ঘন কৰিলে।”
9 Hatdawkvah Isarel Cathut ransahu BAWIPA ni a dei e teh Moab ram hoi Amon ram teh Sodom hoi Komorah kho patetlah pâkhing ka pâw e hmuen, palawi thawng nahanelah tai e talai, a yungyoe ka rawk e ram lah ao teh, kacawie ka tami, ka miphunnaw hah a tuk awh vaiteh a man awh han.
৯সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”
10 Ahnimanaw teh a lung kalen e tami lah ao awh teh kâoup laihoi dudam awh vaiteh, ransahu BAWIPA e taminaw koe hottelah a sak awh han.
১০মোৱাব আৰু অম্মোনৰ অহঙ্কাৰৰ কাৰণেই তেওঁলোকলৈ এনে ঘটিব; কাৰণ তেওঁলোকে বাহিনীগণৰ যিহোৱাৰ লোকসকলৰ প্রতি ঠাট্টা-বিদ্রূপ কৰিলে, আৰু তেওঁলোকৰ অহিতে নিজৰ দেশ বঢ়াই তুলিছে।
11 Yungyoe Cathut teh ahnimouh hanelah taki kawi lah ao teh talai Cathutnaw hah cungkeihoehe lah a coung sak han. Alouke miphunnaw ni amamae hmuen koehoi lengkaleng a bawk awh han.
১১যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
12 Oe Kush khocanaw nangmouh hai ka tahloi hoi na due awh han.
১২হে কুচীয়াসকল, তোমালোকো মোৰ তৰোৱালৰ আঘাতত নিহত হ’বা।
13 Atunglae naw hai ka tuk vaiteh Assiria ram hai ka raphoe han. Nineveh khopui hah tami kingkadi e lah ka hruek vaiteh a yawn patetlah ka ke sak han.
১৩যিহোৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অচূৰক বিনষ্ট কৰিব; নীনবি নগৰক একেবাৰে জনশূণ্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব।
14 Khopui lungui vah tuhunaw hoi Jentelnaw pueng teh a i awh han. Bukbu hoi basairek ni takhang hoi hlalangaw koehoi a cai awh han. Thonaw koe tami kingdi vaiteh sidarkung teh a emkâlo han.
১৪তাৰ পাছত পশুৰ জাক আৰু বন্য প্রাণীবোৰে তাত বাস কৰিব; নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰে বাহঁ সাজি ৰাতি কটাব। খিড়িকীত সিহঁতৰ চিৰিক-চিৰিক এক শব্দ শুনা যাব; কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰমুখত আহি মাতিব; কিয়নো ঘৰৰ এৰচ কাঠৰ চটিবোৰ তেওঁ উন্মুক্ত কৰিলে।
15 Hote khopui ni kai ka o. Kai hloilah api awm hoeh, tâluengnae awm hoeh, a lung kahawi e khopui lah ka o. Atuteh raphoe e lah, sarang onae kho lah ao toe. Ka cet e pueng ni hai dudam lawk dei awh vaiteh a kut a palik sin awh han.
১৫এয়ে সেই নির্ভয়ে থকা উল্লাসপ্রিয়া নীনবি নগৰ; তাই নিজৰ মনতে কয়, “ময়েই আছোঁ, মোৰ সমান আন কোনো নাই!” তাই কেনেকৈ ধ্বংস হৈ গ’ল! বন্য পশুৰ আশ্রয়স্থল হ’ল! যিসকলে তাইৰ ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব।