< Kamtawngnae 39 >
1 Joseph teh Ishmael taminaw koe Izip ram a thokhai awh teh, Izip siangpahrang Faro kut rahim imkaringkung lah kaawm e Potiphar ni a ran.
১যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল।
2 BAWIPA teh Joseph koe ao teh, ahni teh a lam ka cawn e tami lah ao teh Izip tami a bawipa im vah ao.
২যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
3 A bawipa ni BAWIPA teh ahni koe a o, a hnosak tangkuem dawk a lamcawn tie hah a panue.
৩যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।
4 Joseph teh a bawipa e a lungyouk lah thaw ouk a tawk. A bawipa ni a imkaringkung kacue lah a ta teh, a tawn e hnonaw pueng ahnie kâtawnnae rahim koung a ta pouh.
৪যোচেফে পোটিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁ তেওঁৰ ব্যক্তিগত পৰিচাৰক হ’ল; তাতে পোটিফৰে যোচেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি যি আছিল, সেই সকলোৰে দেখা-শুনাৰ ভাৰও তেওঁৰ অধীনত দিলে।
5 Hahoi, imkaringkung lah a ta hnukkhu, BAWIPA ni Joseph pawlawk hoi Izip imthungkhu hah yawhawi a poe.
৫যোচেফক তেওঁ নিজ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পতাৰ পাছৰ পৰাই যোচেফৰ কাৰণে যিহোৱাই সেই মিচৰীয়ৰ ঘৰক আশীৰ্ব্বাদ কৰিলে; তাতে পোটিফৰৰ ঘৰ-বাৰী আৰু খেতি-পথাৰ সকলোৰে ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে।
6 A tawn e pueng hah Joseph kut dawk be a ta pouh teh, a ca e vaiyei hloilah teh ahni koe kaawm e hnonaw pueng hah be a poe. Joseph teh a tungtang kahawi e lah ao teh a mei hai a hawi.
৬সেয়ে পোটিফৰে নিজৰ সৰ্ব্বস্ব যোচেফৰ তত্বাৱধানত শোধাই দিলে। কেৱল নিজৰ খোৱা আহাৰৰ বাহিৰে পোটিফৰে আৰু আন একো চিন্তা নকৰিছিল। গঠণত যোচেফ সুন্দৰ আৰু দেখনীয়া আছিল।
7 Hathnukkhu, a bawipa e yu ni Joseph hah a noe teh, na ipkhai leih ti hoi pou a pasawt.
৭কিছুদিনৰ পাছতে, যোচেফৰ ওপৰত তেওঁৰ প্ৰভুৰ ভার্য্যাৰ দৃষ্টি পৰিল। তেওঁ যোচেফক ক’লে, “মোৰ লগত শয়ন কৰাহি।”
8 Hatei ngai pouh hoeh. A bawipa e yu koevah, khenhaw! ka bawipa ni hete im dawkvah, bang hno maw kaawm tie panuek hoeh, a tawn e naw pueng ka kut dawk koung a ta.
৮কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে।
9 Hete im dawk kai hlak ka len e apihai awm hoeh. A yu na tho patetlah nang hloilah kai hane a pasoung hoeh e banghai awm hoeh. Hatdawkvah, hethloilah kalen e thoenae hoi yonnae heh Cathut taranlahoi bangtelamaw khuet ka sak han vaw, telah ati.
৯এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”
10 Hahoi, hnin touh hnukkhu hnin touh, Joseph hah a pasawt nakunghai a ikhai hane teh ngai pouh hoeh.
১০পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল।
11 Hatei, a hnin hnin touh teh, Joseph imthungkhu thaw tawk hanelah a kâen teh, hatnae tueng dawk imthungkhu tami buet touh hai la awm hoeh.
১১এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল।
12 Hahoi teh, napui ni na ipkhai leih telah a angki dawk a kuet pouh teh, a kut dawk angki pak rading teh alawilah a yawng takhai.
১২পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।
13 Hahoi teh, a angki a kut dawk pak a rading teh a yawng takhai tie a panue toteh,
১৩তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি,
14 a im kaawmnaw hah a kaw teh, khenhaw! kai na kaya sak hanelah hete Hebru tami ni kai na yonkhai hanelah imthungkhu na kâen sin teh thayung hoi ka hram pouh.
১৪তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ;
15 Hahoi, ka lawk hoi thayung hoi ka hram toteh, kama koe a angki pak a rading teh a yawng takhai telah ati.
১৫মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”
16 A bawipa a tho hoehroukrak a hnicu teh ama koevah pou a hruek.
১৬যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে।
17 Hahoi teh a vâ koe telah a dei pouh. Hete Hebru tami san kai koe na thokhai e heh, yeiraipo sak hanelah hoi kai koe na kâen sin.
১৭পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল;
18 Hahoi, lawk hoi tha hoi ka hram tahma vah, a khohna a yawng takhai telah ati.
১৮কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”
19 Hahoi, a bawipa koe na san ni hettelah na sak tie a yu ni a dei e lawk hah a thai toteh a lungkhuek.
১৯যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল।
20 Hottelah a bawipa ni Joseph a ceikhai teh thongim siangpahrang ni tami khik katek hoi ouk tanae thongim thung a paung awh.
২০সেয়ে, তেওঁ যোচেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয়, তেওঁক সেই কাৰাগাৰত আটক কৰি থলে; তাতে তেওঁ কাৰাগাৰতে থাকিল।
21 Hateiteh, BAWIPA teh Joseph koe ao teh, a lathueng vah lungmanae a tawn teh thongim ka ring e hmalah minhmai kahawi a hmu sak.
২১কিন্তু যিহোৱা যোচেফৰ সংগে সংগে আছিল আৰু তেওঁ যোচেফৰ প্রতি অংগীকাৰযুক্ত বিশ্বস্ততা দেখুৱাইছিল। যিহোৱাই তেওঁক কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে।
22 Hahoi teh, thongim karingkung ni thongkabawtnaw pueng hah Joseph kut dawk koung a ta teh, haw e sak e naw teh Joseph e tawk sak e lah koung a coung.
২২তাতে অধ্যক্ষই কাৰাগাৰত থকা সকলো বন্দীবোৰক যোচেফৰ তত্বাৱধানত শোধাই দিলে; তেতিয়া সিহঁতে তাত কৰা সকলো কাৰ্য যোচেফৰ পৰিচালনাত হৈছিল।
23 BAWIPA teh ahni koe ao teh, a lamcawn sak dawkvah, thongim karingkung ni Joseph e kâtawnnae rahim kaawmnaw pueng hah banghai khen awh hoeh toe.
২৩যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষ চিন্তিত নাছিল; কাৰণ যিহোৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কার্যকে যিহোৱাই সফল কৰিছিল।