< Ezekiel 26 >

1 Kum hlai at dongkah hla khat dongla a om vaengah kai taengla BOEIPA ol ha pawk tih,
পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Hlang capa aw, Tyre loh Jerusalem te, 'Ahuei, pilnam kah thohkhaih po coeng tih kai taengla ha mael coeng. Te dongah la anih a khah vaengah kai ka hah bitni,’ a ti.
“হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’
3 Te dongah ka Boeipa Yahovah loh he ni a thui. Kai lohTyre nang kam pai thil coeng tih namtom te nang taengah tuipuei tuiphu aka cet bangla muep kang khuen ni he.
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!
4 Te vaengah Tyre vongtung te a phae uh vetih a rhaltoengim khaw a koengloeng uh ni. A pum dongkah laipi te ka kuet pah vetih anih te thaelpang aka tlaai la ka khueh ni.
তেওঁলোকে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব। আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক শুদা শিলত পৰিণত কৰিম।
5 Te vaengah tuipuei laklung kah yaehtaboeih a yaalnah la poeh ni. Ka Boeipa Yahovah kah olphong he ka thui coeng dongah namtom ham maeh la poeh ni.
সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
6 A canu rhoek te khohmuen kah cunghang loh a ngawn vaengah BOEIPA kamah te m'ming uh bitni.
আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব।
7 Te dongah ka Boeipa Yahovah loh he ni a thui. Manghai rhoek manghai tlangpuei lamkah Babylon manghai Nebukhanezar te marhang neh, leng neh, marhang caem neh, hlangping neh pilnam boeiping neh Tyre taengla ka thoeng sak coeng he.
কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম!
8 Na canu rhoek te khohmuen ah cunghang neh a ngawn ni. Nang te buep n'to thil vetih nang te tanglung n'lun thil uh phoeiah nang te photlinglen m'bai thil ni.
তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!
9 Na vongtung te a khongmawt neh pet a tung thil vetih na rhaltoengim te a cunghang neh a phil ni.
আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব!
10 A marhang cako lamkah laipi loh nang m'vuei ni. Marhang caem neh humhae neh leng ol ah na vongtung khaw tuen ni. Na vongka lamloh a moe ham vaengah khopuei khuirhai bangla ueth coeng.
১০তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।
11 A marhang khomae loh na tol boeih a taelh ni. Na pilnam te cunghang neh a ngawn vetih na sarhi kaam khaw diklai la bung ni.
১১তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব, আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ’ব।
12 Na thadueng a buem uh vetih na hnothungnah te a poelyoe uh ni. Na vongtung te a koengloeng uh vetih na sahnaih im khaw a phil uh ni. Na lungto neh na thing neh na laipi pataeng tui lung la a voeih uh ni.
১২শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব।
13 Na laa a lilup te ka paa sak vetih na rhotoeng ol khaw ya voel mahpawh.
১৩মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।
14 Nang te thaelpang aka tlaai la kang khueh vetih yaehtaboeih yaalnah la na poeh ni. BOEIPA kamah loh ka thui coeng dongah na thoh thai voel mahpawh. He tah ka Boeipa Yahovah kah olphong ni.
১৪আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ!
15 Ka Boeipa Yahovah loh Tyre ham he ni a thui. Na cungkunah ol dongah pawt nim rhok a kii ham neh na laklung kah ngawnnah dongah ngawn ham vaengah sanglak rhoek a hinghuen?
১৫“প্ৰভু যিহোৱাই তূৰক এইদৰে কৈছে: যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে?
16 Te vaengah tuipuei khoboei boeih khaw a ngolkhoel dong lamloh suntla uh ni. A hnikul te a rhoe uh vetih a rhaekva himbai te khaw a pit uh ni. Thuennah te a bai uh vetih diklai ah ngol uh ni. Mikhaptok ah lakueng uh vetih na taengah pong uh ni.
১৬সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
17 Te vaengah nang ham rhahlung ham phueih vetih nang te, 'Balae tih tuipuei khosa lamloh na milh, tuitunli neh a khuikah khosa rhoek soah khopuei thangthen neh tlungluen la na om ta. Amih a khuikah khosa boeih soah rhihnah a khueh uh ta.
১৭আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো!
18 Na cungkunah khohnin ah sanglak te lakueng tih na khum lamloh tuipuei kah sanglak rhoek khaw let uh.
১৮তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।
19 Ka Boeipa Yahovah loh he ni a thui. Khopuei nang te kang khueh vaengah khosa aka om pawh khopuei bangla n'khah ni. Te vaengah nang soah tuidung hang khuen vetih tui len loh nang n'khuk ni.
১৯কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব,
20 Te vaengah nang te tangrhom khuila aka suntla khosuen pilnam taengla kan suntlak sakni. Nang te tangrhom khuila aka suntla khosuen imrhong bangla diklai laedil ah kang om sak ni. Na om pawt daengah ni mulhing khohmuen ah kirhang khaw kam paek eh.
২০তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।
21 Nang te mueirhih kam paek vaengah na om voel mahpawh. N'toem cakhaw kumhal duela koep m'hmu mahpawh. He tah ka Boeipa Yahovah kah olphong ni,” a ti.
২১মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব।” এয়ে প্ৰভু যিহোৱাৰ বচন!

< Ezekiel 26 >