< Masalimo 47 >
1 Kwa mtsogoleri wa mayimbidwe. Salimo la ana a Kora. Ombani mʼmanja, inu anthu onse; fuwulani kwa Mulungu ndi mawu achimwemwe.
১হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
2 Ndi woopsadi Yehova Wammwambamwamba; Mfumu yayikulu ya dziko lonse lapansi!
২সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
3 Iye anatigonjetsera mitundu yambirimbiri ya anthu; anayika anthu pansi pa mapazi athu.
৩তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
4 Iye anatisankhira cholowa chathu, chonyaditsa cha Yakobo, amene anamukonda. (Sela)
৪তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
5 Mulungu wakwera, anthu akumufuwulira mwachimwemwe, Yehova wakwera, akumuyimbira malipenga.
৫ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
6 Imbani matamando kwa Mulungu, imbani matamando; imbani matamando kwa mfumu yathu, imbani matamando.
৬তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।
7 Pakuti Mulungu ndi mfumu ya dziko lonse lapansi; imbirani Iye salimo la matamando.
৭কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
8 Mulungu akulamulira mitundu ya anthu; Mulungu wakhala pa mpando wake waufumu woyera.
৮সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
9 Anthu otchuka mwa anthu a mitundu ina asonkhana monga anthu a Mulungu wa Abrahamu, pakuti mafumu a dziko lapansi ndi ake a Mulungu; Iye wakwezedwa kwakukulu.
৯জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।