< Masalimo 35 >
1 Salimo la Davide. Inu Yehova, mulimbane nawo amene akulimbana nane; mumenyane nawo amene akumenyana nane.
১হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
2 Tengani chishango ndi lihawo; dzukani ndipo bwerani mundithandize.
২তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
3 Tengani mkondo ndi nthungo, kulimbana ndi iwo amene akundithamangitsa. Uzani moyo wanga kuti, “Ine ndine chipulumutso chako.”
৩মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
4 Iwo amene akufunafuna moyo wanga anyozedwe ndi kuchita manyazi; iwo amene akukonza kuti moyo wanga uwonongeke abwerere mʼmbuyo mochititsa mantha.
৪যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
5 Akhale ngati mankhusu owuluka ndi mphepo pamene mngelo wa Yehova akuwapirikitsa.
৫তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
6 Njira yawo ikhale ya mdima ndi yoterera pamene mngelo wa Yehova akuwathamangitsa.
৬তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
7 Popeza ananditchera ukonde popanda chifukwa ndipo popanda chifukwa andikumbira dzenje,
৭কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
8 chiwonongeko chiwapeza modzidzimutsa ukonde umene iwo abisa uwakole, agwere mʼdzenje kuti awonongedwe.
৮হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক।
9 Pamenepo moyo wanga udzakondwera mwa Yehova ndi kusangalala ndi chipulumutso chake.
৯তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
10 Thupi langa lidzafuwula mokondwera, “Ndani angafanane nanu Yehova? Mumalanditsa osauka kwa amene ali ndi mphamvu zambiri, osauka ndi osowa kwa iwo amene amawalanda.”
১০মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
11 Mboni zopanda chisoni zinayimirira, zinandifunsa zinthu zimene sindikuzidziwa.
১১অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
12 Iwo anandibwezera zoyipa pa zabwino ndipo anasiya moyo wanga pa chisoni.
১২তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
13 Koma pamene iwo ankadwala, ine ndinavala chiguduli ndi kudzichepetsa ndekha posala zakudya. Pamene mapemphero anga anabwerera kwa ine osayankhidwa,
১৩কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।
14 ndinayendayenda ndi kulira maliro, kumulira ngati bwenzi langa kapena mʼbale wanga. Ndinaweramitsa mutu wanga mosweka mtima kukhala ngati ndikulira amayi anga.
১৪মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
15 Koma pamene ndinaphunthwa, iwo anasonkhana mosangalala; ondithira nkhondo anasonkhana kutsutsana nane, ineyo osadziwa. Iwo sanasiye kundiyankhulira mawu onyoza.
১৫কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
16 Monga anthu osapembedza, iwo anandinyoza mwachipongwe; anandikukutira mano awo.
১৬তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
17 Ambuye, mpaka liti mudzakhala mukungoyangʼana? Landitsani moyo wanga ku chiwonongeko chawo, moyo wanga wopambana ku mikango.
১৭হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
18 Ndidzakuyamikani mu msonkhano waukulu; pakati pa gulu lalikulu la anthu ndidzakutamandani.
১৮মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
19 Musalole adani anga onyenga akondwere chifukwa cha masautso anga; musalole kuti amene amadana nane popanda chifukwa andiyangʼane chamʼmbali mondinyoza.
১৯মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
20 Iwowo sayankhula mwamtendere, koma amaganizira zonamizira iwo amene amakhala mwabata mʼdziko.
২০কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
21 Iwo amandiseka mofuwula ndipo amati, “Haa! Haa! Ndipo ndi maso athuwa ife taziona.”
২১মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
22 Yehova mwaona zimenezi; musakhale chete. Ambuye musakhale kutali ndi ine.
২২হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
23 Dzukani, ndipo nyamukani kunditeteza! Mulimbane nawo chifukwa cha ine, Mulungu wanga ndi Ambuye anga.
২৩হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
24 Onetsani kusalakwa kwanga mwa chilungamo chanu, Inu Yehova Mulungu wanga. Musalole kuti akondwere chifukwa cha mavuto anga.
২৪হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
25 Musalole kuti aganize kuti, “Amati atani, zachitika monga momwe timafunira!” Kapena kunena kuti, “Tamutha ameneyu basi.”
২৫তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”
26 Onse amene amakondwera ndi masautso anga achite manyazi ndi kusokonezeka. Onse amene amadzikweza kufuna kundipambana, avekedwe manyazi ndi mnyozo ngati zovala.
২৬মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
27 Koma amene amakondwera chifukwa chakuti ndine wosalakwa, afuwule mwachimwemwe ndi chisangalalo. Nthawi zonse azinena kuti, “Yehova akwezeke, Iye amene amakondwera ndi kupeza bwino kwa mtumiki wake.”
২৭যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
28 Pakamwa panga padzayankhula za chilungamo chanu ndi za matamando anu tsiku lonse.
২৮তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।