< Masalimo 31 >
1 Kwa mtsogoleri wa mayimbidwe. Salimo la Davide. Mwa Inu Yehova, ine ndimathawiramo; musalole nʼkomwe kuti ndichititsidwe manyazi; mundipulumutse chifukwa cha chilungamo chanu.
১হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
2 Tcherani khutu lanu kwa ine, bwerani msanga kudzandilanditsa; mukhale thanthwe langa lothawirapo, linga lolimba kundipulumutsa ine.
২মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
3 Popeza Inu ndinu thanthwe langa ndi linga langa, chifukwa cha dzina lanu tsogolereni ndi kundiwongolera.
৩তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
4 Ndimasuleni mu msampha umene anditchera pakuti ndinu pothawirapo panga.
৪মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
5 Mʼmanja mwanu ndipereka mzimu wanga; womboleni Yehova Mulungu wachoonadi.
৫হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
6 Koma ine ndimadana nawo amene amamamatira mafano achabechabe; ine ndimadalira Yehova.
৬যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7 Ndidzakondwa ndi kusangalala mʼchikondi chanu popeza Inu munaona masautso anga ndipo mumadziwa kuwawa kwa moyo wanga.
৭তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8 Inu simunandipereke kwa mdani koma mwayika mapazi anga pa malo otakasuka.
৮তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9 Mundichitire chifundo Inu Yehova pakuti ndili pa mavuto; maso anga akulefuka ndi chisoni, mʼmoyo mwanga ndi mʼthupi mwanga momwe mukupweteka.
৯হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
10 Moyo wanga ukunyeka chifukwa cha kuwawidwa mtima ndi zaka zanga chifukwa cha kubuwula; mphamvu zanga zatha chifuwa cha masautso, ndipo mafupa anga akulefuka.
১০মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
11 Chifukwa cha adani anga onse, ndine wonyozeka kwambiri ndi anansi anga; ndine chochititsa manyazi kwa abwenzi anga. Iwo amene amandiona mu msewu amandithawa.
১১মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
12 Ine ndinayiwalika kwa iwo ngati kuti ndinamwalira; ndakhala ngati mʼphika wosweka.
১২মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13 Pakuti ine ndamva zonena zoyipa za anthu ambiri; zoopsa zandizungulira mbali zonse; iwo akukonza chiwembu kuti alimbane nane, kuti atenge moyo wanga.
১৩মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14 Koma ndikudalira Inu Yehova; ndikunena kuti, “Ndinu Mulungu wanga.”
১৪কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
15 Masiku anga ali mʼmanja mwanu; ndipulumutseni kwa adani anga ndi kwa iwo amene akundithamangitsa.
১৫তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
16 Walitsani nkhope yanu pa mtumiki wanu; pulumutseni mwa chikondi chanu chosatha.
১৬তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।
17 Yehova musalole kuti ndichite manyazi, pakuti ndalirira kwa Inu; koma oyipa achititsidwe manyazi ndipo agone chete mʼmanda. (Sheol )
১৭হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা; দুষ্ট লোক বৰং লাজত পৰক, চিয়োলত নীৰৱে থাকক। (Sheol )
18 Milomo yawo yabodzayo ikhale chete, pakuti chifukwa cha kunyada ayankhula modzikuza kutsutsana ndi wolungama.
১৮অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
19 Ndi waukulu ubwino wanu umene mwawasungira amene amakuopani, umene mumapereka anthu akuona kwa iwo amene amathawira kwa Inu.
১৯অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
20 Mu mthunzi wa pamalo popezeka panu muwabisa, kuwateteza ku ziwembu za anthu; mʼmalo anu okhalamo mumawateteza kwa anthu owatsutsa.
২০তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
21 Matamando akhale kwa Yehova, pakuti anaonetsa chikondi chake chodabwitsa kwa ine pamene ndinali mu mzinda wozingidwa.
২১যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
22 Ndili mʼnkhawa zanga ndinati, “Ine ndachotsedwa pamaso panu!” Komabe Inu munamva kupempha chifundo kwanga pamene ndinapempha thandizo kwa Inu.
২২মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
23 Kondani Yehova oyera mtima ake onse! Yehova amasunga wokhulupirika koma amalanga kwathunthu anthu odzikuza.
২৩হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।
24 Khalani ndi nyonga ndipo limbani mtima, inu nonse amene mumayembekezera Yehova.
২৪তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।