< Masalimo 109 >

1 Kwa mtsogoleri wamayimbidwe. Salimo la Davide. Mulungu amene ndimakutamandani, musakhale chete,
হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
2 pakuti anthu oyipa ndi achinyengo atsekula pakamwa pawo kutsutsana nane; iwo ayankhula motsutsana nane ndi malilime abodza.
কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
3 Andizungulira ndi mawu audani, amandinena popanda chifukwa.
তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে।
4 Mʼmalo mwa chikondi changa amandineneza, koma ine ndine munthu wapemphero.
মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
5 Iwo amandibwezera zoyipa mʼmalo mwa zabwino, ndi udani mʼmalo mwa chikondi changa.
মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।
6 Sankhani munthu woyipa kuti amutsutse iye; lolani wotsutsa ayime ku dzanja lake lamanja.
“তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
7 Pamene aweruzidwa, apezeke kuti ndi wolakwa, ndipo mapemphero ake amutsutse.
বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক; তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।
8 Masiku ake akhale owerengeka; munthu wina atenge malo ake a utsogoleri.
তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।
9 Ana ake akhale amasiye ndipo mkazi wake akhale wopanda mwamuna.
তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
10 Ana ake akhale oyendayenda ndi opemphapempha; apirikitsidwe kuchoka pa mabwinja a nyumba zawo.
১০তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
11 Wokongoza alande zonse zimene ali nazo; alendo afunkhe ntchito za manja ake.
১১মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
12 Pasapezeke ndi mmodzi yemwe womukomera mtima kapena kumvera chisoni ana ake amasiye.
১২তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
13 Zidzukulu zake zithe nʼkufa, mayina awo afafanizidwe mu mʼbado wotsatirawo.
১৩তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!
14 Mphulupulu za makolo ake zikumbukiridwe pamaso pa Yehova; tchimo la amayi ake lisadzafafanizidwe.
১৪তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
15 Machimo awo akhale pamaso pa Yehova nthawi zonse, kuti Iye achotse chikumbutso chawo pa dziko lapansi.
১৫সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
16 Pakuti iye sanaganizirepo zochita chifundo, koma anazunza mpaka kuwapha anthu osauka ndi osweka mtima.
১৬কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।
17 Anakonda kutemberera, matembererowo abwerere kwa iye; sanakondwe nʼkudalitsa anthu ena, choncho madalitso akhale kutali naye.
১৭তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
18 Anavala kutemberera ngati chovala; kutemberera kunalowa mʼthupi lake ngati madzi, kulowa mʼmafupa ake ngati mafuta.
১৮তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
19 Matemberero akhale ngati chofunda chodzikutira nacho, ngati lamba wovala tsiku ndi tsiku.
১৯সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”
20 Awa akhale malipiro ochokera kwa Yehova pa onditsutsa anga, kwa iwo amene amayankhula zoyipa za ine.
২০মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।
21 Koma Inu Ambuye Wamphamvuzonse, muchite nane molingana ndi dzina lanu, chifukwa cha ubwino wa chikondi chanu, pulumutseni.
২১কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা; কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।
22 Pakuti ndine wosauka ndi wosowa, ndipo mtima wanga ukuwawa mʼkati mwanga.
২২কিয়নো মই দুখী আৰু দৰিদ্ৰ; মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।
23 Ndikuzimirira ngati mthunzi wa kumadzulo, ndapirikitsidwa ngati dzombe.
২৩আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
24 Mawondo anga afowoka chifukwa cha kusala zakudya, thupi langa lawonda ndi mutu wanga womwe.
২৪লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।
25 Ndine chinthu chotonzedwa kwa otsutsana nane; akandiona, amapukusa mitu yawo.
২৫মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
26 Thandizeni Inu Yehova Mulungu wanga; pulumutseni molingana ndi chikondi chanu.
২৬হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
27 Adaniwo adziwe kuti limeneli ndi dzanja lanu, kuti Inu Yehova mwachita zimenezi.
২৭তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।
28 Angathe kutemberera, koma Inu mudzadalitsa; pamene iwo andiputa adzachititsidwa manyazi, koma mtumiki wanu adzasangalala.
২৮তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
29 Onditsutsa adzavekedwa mnyozo, ndipo adzadzifunditsa manyazi ngati chovala.
২৯মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
30 Ndi pakamwa panga ndidzathokoza Yehova kwambiri; ndidzamutamanda mʼgulu lalikulu la anthu.
৩০মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
31 Popeza Iye amayima ku dzanja lamanja la munthu wosowayo, kupulumutsa moyo wake kwa iwo amene agamula molakwa.
৩১যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।

< Masalimo 109 >