< Masalimo 103 >

1 Salimo la Davide. Tamanda Yehova, iwe moyo wanga; ndi zonse zamʼkati mwanga zitamande dzina lake loyera.
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
2 Tamanda Yehova, iwe moyo wanga, ndipo usayiwale zabwino zake zonse.
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
3 Amene amakhululuka machimo ako onse ndi kuchiritsa nthenda zako zonse,
যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
4 amene awombola moyo wako ku dzenje ndi kukuveka chikondi ndi chifundo chake ngati chipewa chaufumu,
যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
5 amene akwaniritsa zokhumba zako ndi zinthu zabwino, kotero kuti umakhala wamphamvu zatsopano ngati mphungu.
যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
6 Yehova amachita chilungamo ndipo amaweruza molungama onse opsinjika.
যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
7 Iye anadziwitsa Mose njira zake, ntchito zake kwa Aisraeli.
তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
8 Yehova ndi wachifundo ndi wokoma mtima, wosakwiya msanga ndi wachikondi chochuluka.
যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9 Iye sadzatsutsa nthawi zonse, kapena kusunga mkwiyo wake kwamuyaya;
তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
10 satichitira molingana ndi machimo athu, kapena kutibwezera molingana ndi mphulupulu zathu.
১০তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
11 Pakuti monga kumwamba kuli kutali ndi dziko lapansi, koteronso chikondi chake nʼchachikulu kwa iwo amene amamuopa;
১১কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
12 monga kummawa kutalikirana ndi kumadzulo, koteronso Iye watichotsera mphulupulu zathu kuti zikhale kutali nafe.
১২পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
13 Monga bambo amachitira chifundo ana ake, choncho Yehova ali ndi chifundo ndi iwo amene amamuopa;
১৩বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
14 pakuti Iye amadziwa momwe tinawumbidwira, amakumbukira kuti ndife fumbi.
১৪কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
15 Kunena za munthu, masiku ake ali ngati udzu, amaphuka ngati duwa la mʼmunda;
১৫মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
16 koma mphepo imawombapo ndipo silionekanso ndipo malo ake sakumbukirikanso.
১৬ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
17 Koma kuchokera muyaya mpaka muyaya chikondi cha Yehova chili ndi iwo amene amamuopa, ndi chilungamo chake chili ndi ana a ana awo;
১৭কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
18 iwo amene amasunga pangano lake ndi kukumbukira kumvera malangizo ake.
১৮তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
19 Yehova wakhazikitsa mpando wake waufumu mmwamba ndipo ufumu wake umalamulira onse.
১৯যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
20 Tamandani Yehova, inu angelo ake, amphamvu inu amene mumachita zimene amalamula, amene mumamvera mawu ake.
২০হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
21 Tamandani Yehova, zolengedwa zonse zakumwamba, inu atumiki ake amene mumachita chifuniro chake.
২১হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
22 Tamandani Yehova, ntchito yake yonse kulikonse mu ulamuliro wake. Tamanda Yehova, iwe moyo wanga.
২২হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

< Masalimo 103 >