< Numeri 5 >

1 Yehova anawuza Mose kuti,
তাৰ পাছত যিহোৱাই মোচিক কলে,
2 “Lamula Aisraeli kuti achotse mu msasa aliyense amene ali ndi matenda opatsirana a pa khungu kapena matenda otuluka madzi mʼthupi a mtundu uliwonse, kapena aliyense wodetsedwa chifukwa cha munthu wakufa.
“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
3 Muchotse amuna komanso amayi ndipo muwatulutsire kunja kwa msasa kuti asadetse msasa wawo kumene Ine ndimakhala pakati pawo.”
তোমালোকে পুৰুষহে হওঁক বা স্ত্ৰীয়ে হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।”
4 Aisraeli anachitadi zimenezi. Anawatulutsira kunja kwa msasa monga momwe Yehova analamulira Mose.
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।
5 Yehova anati kwa Mose,
যিহোৱাই মোচিক পুনৰায় ক’লে,
6 “Uza Aisraeli kuti, ‘Pamene mwamuna kapena mayi walakwira mnzake mwa njira iliyonse, ndiye kuti ndi wosakhulupirika pamaso pa Yehova. Munthuyo ndi wochimwa ndithu ndipo
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়।
7 ayenera kuwulula tchimo limene anachitalo. Ayenera kubweza zonse zimene anawononga, ndipo awonjezerepo chimodzi mwa magawo asanu ndi kuzipereka kwa munthu amene anamulakwirayo.
তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
8 Ngati wolakwiridwayo alibe mʼbale komwe kungapite zinthu zobwezedwazo, zinthuzo zikhale za Yehova ndipo azipereke kwa wansembe, pamodzi ndi nkhosa yayimuna ya nsembe yopepesera tchimo lake.
আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।
9 Zopereka zonse zopatulika zomwe Aisraeli abwera nazo kwa wansembe zikhale za wansembeyo.
আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।
10 Mphatso zilizonse zopatulika ndi za munthuyo, koma zomwe wapereka kwa wansembe ndi za wansembeyo.’”
১০প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”
11 Kenaka Yehova anawuza Mose kuti,
১১যিহোৱাই মোচিক আকৌ কলে,
12 “Yankhula ndi Aisraeli ndipo uwawuze kuti, ‘Ngati mkazi wa munthu wina ayenda njira yosayenera nakhala wosakhulupirika kwa mwamuna wake,
১২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;
13 nakagonana ndi mwamuna wina koma mwamuna wake wosadziwa, ndipo palibe wina aliyense wadziwa za kudzidetsa kwake (pakuti palibe mboni yomuneneza chifukwa sanagwidwe akuchita),
১৩অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
14 mwamuna wake ndi kuyamba kuchita nsanje ndi kukayikira mkazi wakeyo kuti ndi wodetsedwa, komanso ngati amuchitira nsanje ndi kumukayikira ngakhale asanadzidetse,
১৪আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।
15 apite naye mkaziyo kwa wansembe. Ndipo popita atengenso gawo lakhumi la chopereka chaufa wa barele wokwana kilogalamu imodzi mʼmalo mwa mkaziyo. Asathire mafuta pa nsembeyo kapena lubani, chifukwa ndi nsembe ya chopereka ya chakudya yopereka chifukwa cha nsanje, nsembe yozindikiritsa tchimo.’”
১৫তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।
16 “‘Wansembe abwere naye mkaziyo ndi kumuyimitsa pamaso pa Yehova.
১৬তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
17 Ndipo wansembeyo atenge madzi oyera mʼmbiya ya dothi ndi kuyika mʼmadzimo fumbi lapansi la mʼTenti ya Msonkhano.
১৭আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
18 Wansembe atayimika mkaziyo pamaso pa Yehova, amumasule tsitsi lake, ndipo ayike mʼmanja mwake nsembe yozindikiritsa tchimo, nsembe yachakudya ya nsanje, wansembeyo atanyamula madzi owawa omwe amabweretsa temberero.’
১৮পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
19 Kenaka wansembeyo alumbiritse mkaziyo ndi kuti, ‘Ngati mwamuna wina aliyense sanagonane ndi iwe ndipo sunayende njira yoyipa ndi kukhala wodetsedwa pomwe uli pa ukwati ndi mwamuna wako, madzi owawa awa omwe amabweretsa temberero asakupweteke.
১৯আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
20 Koma ngati wayenda njira yoyipa uli pa ukwati ndi mwamuna wako ndi kudzidetsa pogonana ndi mwamuna amene si mwamuna wako,’
২০কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,’
21 pamenepo wansembe alumbiritse mkaziyo ndi mawu a matemberero ndi kumuwuza kuti, ‘Yehova achititse anthu ako kukutemberera ndi kukunyoza pamene awononga ntchafu yako ndi kutupitsa mimba yako.
২১এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;
22 Madzi awa obweretsa temberero alowe mʼthupi mwako ndi kutupitsa mimba yako ndi kuwononga ntchafu yako.’” “Pamenepo mkaziyo anene kuti, ‘Ameni, ameni.’”
২২আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’
23 “‘Wansembe alembe matemberero amenewa mʼbuku ndi kuwanyika mʼmadzi owawa aja.
২৩পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।
24 Amwetse mkaziyo madzi owawawo omwe amabweretsa temberero, ndipo madzi amenewo adzalowa mʼmimba mwake ndi kuyambitsa ululu woopsa.
২৪তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব।
25 Wansembe achotse mʼmanja mwa mkaziyo nsembe yachakudya ya nsanje ija, nayiweyula pamaso pa Yehova ndi kuyipereka pa guwa lansembe.
২৫পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।
26 Tsono wansembeyo atapeko ufa dzanja limodzi kuti ukhale wachikumbutso ndi kuwutentha pa guwa lansembe. Atatha izi, amwetse mkaziyo madzi aja.
২৬আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।
27 Ndipo ngati mkaziyo anadzidetsadi ndi kukhala wosakhulupirika kwa mwamuna wake, pamene amwa madzi obweretsa matemberero aja, nalowa mʼmimba mwake, adzamva ululu woopsa. Mimba yake idzatupa ndi ntchafu yake idzawonongeka ndipo adzakhala wotembereredwa pakati pa anthu ake.
২৭আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব।
28 Koma ngati mkaziyo sanadzidetse ndi kuti alibe tchimo, adzakhala wopanda mlandu ndipo adzabereka ana.
২৮কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।
29 “‘Limeneli ndiye lamulo la nsanje pamene mkazi wayenda njira yoyipa ndi kudzidetsa ali pa ukwati ndi mwamuna wake,
২৯এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
30 kapena pamene maganizo a nsanje abwera kwa mwamuna wake chifukwa chokayikira mkazi wakeyo. Wansembe azitenga mkazi wotere ndi kumuyimiritsa pamaso pa Yehova ndipo agwiritse ntchito lamulo lonseli kwa mkaziyo.
৩০যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।
31 Mwamunayo adzakhala wopanda tchimo lililonse, koma mkaziyo adzasenza zotsatira za tchimo lake.’”
৩১তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”

< Numeri 5 >