< Numeri 20 >

1 Pa mwezi woyamba gulu lonse la Aisraeli linafika ku chipululu cha Zini, ndipo anakhala ku Kadesi. Miriamu anafera kumeneko ndipo anayikidwa mʼmanda.
পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।
2 Kunalibe madzi woti anthu onse ndi kumwa, choncho anthuwo anasonkhana motsutsana ndi Mose ndi Aaroni.
সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত, লোকসকলে মোচি আৰু হাৰোণৰ অহিতে গোট খালে।
3 Anakangana ndi Mose kuti, “Kunali bwino ifenso tikanangofa pamene abale athu anafa pamaso pa Yehova!
তেওঁলোকে মোচিৰে সৈতে বিবাদ কৰি ক’লে, “যিহোৱাৰ আগত আমাৰ ভাইসকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱা হেতেন কেনে ভাল আছিল!
4 Chifukwa chiyani unabweretsa gulu la Yehova mʼchipululu muno, kuti ife ndi ziweto zathu tife kuno?
আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা?
5 Nʼchifukwa chiyani unatitulutsa mʼdziko la Igupto ndi kutibweretsa kumalo woyipa ano? Kuno kulibe tirigu kapena nkhuyu, mphesa kapena makangadza. Ndipo kuno kulibenso madzi akumwa!”
এই কুচ্ছিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিচৰৰ পৰা উলিয়াই আনিলা? এয়ে শস্য বা ডিমৰু, বা দ্ৰাক্ষা, বা ডালিমৰ ঠাই নহয় আৰু খাবলৈকো পানী নাই।”
6 Mose ndi Aaroni anachoka mu msonkhano ndi kupita pa khomo la tenti ya msonkhano, nagwa pansi chafufumimba ndipo ulemerero wa Yehova unaonekera.
পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।
7 Yehova anati kwa Mose,
আৰু যিহোৱাই মোচিক ক’লে,
8 “Tenga ndodo, ndipo iwe ndi mʼbale wako Aaroni musonkhanitse anthu onse pamodzi. Uyankhule ndi thanthwe ilo iwo akuona ndipo lidzatulutsa madzi ake. Udzatulutsa madzi mʼthanthwe limeneli kuti anthu onse ndi ziweto zawo amwe.”
“তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”
9 Choncho Mose anatenga ndodo pamaso pa Yehova monga momwe anamulamulira.
তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ল’লে।
10 Mose ndi Aaroni anasonkhanitsa anthuwo pamodzi ku thanthwelo ndipo Mose anawawuza kuti, “Tamverani osamvera inu, kodi tikupatseni madzi kuchokera ku thanthwe ili?”
১০তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহীহঁত, শুন তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়াম নে?”
11 Choncho Mose anatukula dzanja lake ndi kumenya thanthwelo kawiri ndi ndodo yake ndipo madzi ambiri anatuluka mwamphamvu, ndipo anthu ndi ziweto zawo anamwa.
১১এই বুলি মোচিয়ে হাত দাঙি, সেই লাখুটিৰে শিলটোত দুবাৰ কোব মাৰিলে; তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে।
12 Koma Yehova anati kwa Mose ndi Aaroni, “Chifukwa chakuti simunandikhulupirire ndiponso simunandilemekeze monga Woyera pamaso pa Aisraeli, simudzalowetsa anthuwa mʼdziko limene ndikupereka kwa iwo.”
১২তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
13 Awa anali madzi a ku Meriba, kumene Aisraeli anakangana ndi Yehova ndiponso kumene Yehovayo anadzionetsa yekha kuti ndi Woyera pakati pawo.
১৩সেই ঠাইৰ নাম মিৰীবা [বিবাদ] ৰাখিলে; কিয়নো ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰে সৈতে বিবাদ কৰিলে; আৰু তেওঁ তেওঁলোকৰ মাজত পবিত্ৰ হ’ল।
14 Mose anatumiza amithenga kuchokera ku Kadesi kupita kwa mfumu ya ku Edomu, kukanena kuti, “Mʼbale wako Israeli akunena izi: Inuyo mukudziwa za mavuto onse amene anatigwera.
১৪পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা।
15 Makolo athu anapita ku Igupto ndipo tinakhala kumeneko zaka zambiri. Aigupto anatizunza pamodzi ndi makolo athuwo,
১৫আমাৰ পূৰ্বপুৰুষসকল মিচৰলৈ নামি গৈছিল, সেই মিচৰতে আমি অনেক দিন বাস কৰি আছিলোঁ। আৰু মিচৰীসকলে আমালৈ আৰু আমাৰ পূৰ্বপুৰুষসকললৈ কু-ব্যৱহাৰ কৰিলে।
16 koma titalirira Yehova, Iyeyo anamva kulira kwathuko ndipo anatitumizira mngelo amene anatitulutsa ku Igupto.” “Taonani, tsopano tili pano pa Kadesi, mzinda wa mʼmalire a dziko lanu.
১৬তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।
17 Chonde mutilole tidutse mʼdziko lanu. Sitidzera mʼminda yanu kapena mu mpesa wanu, kapenanso kumwa madzi mʼchitsime chilichonse. Tidzayenda kutsata msewu waukulu wa mfumu ndipo sitidzapatukira ku dzanja lamanja kapena lamanzere mpaka titadutsa malire a dziko lanu.”
১৭বিনয় কৰোঁ, তোমাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়া। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা-ক্ষেত্ৰেদি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজবাটেদি যাম। তেতিয়ালৈকে তোমাৰ দেশৰ সীমা পাৰ নহোৱালৈকে, সোঁহাতে কি বাওঁহাতে নুঘূৰিম।”
18 Koma Edomu anayankha kuti, “Musadutse kuno: Mukangoyesera tidzabwera ndi kumenyana nanu ndi lupanga.”
১৮তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”
19 Aisraeli anayankha kuti, “Tidzayenda motsata msewu waukulu. Ndipo ngati ife kapena ziweto zathu tidzamwa madzi anu tidzalipira. Tikungofuna tidutse nawo, palibenso china.”
১৯তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে তেওঁক ক’লে, “আমি কেৱল ৰাজবাটেদি যাম, যদি মই আৰু মাৰ পশুবোৰে তোমাৰ পানী খায়, তেন্তে মই তাৰ মূল্য দিম; মোক আন একোকে নালাগে, কেৱল মোক খোজকাঢ়ি যাব দিয়া।”
20 Koma Edomu anayankhanso kuti, “Musadutse.” Kenaka Edomu anatuluka ndi gulu lankhondo lalikulu komanso lamphamvu.
২০কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল।
21 Edomu anakaniza Israeli kuti adutse mʼdziko lake, choncho Israeli anabwerera.
২১এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেইবাবেই ইস্ৰায়েল তেওঁৰ পৰা ঘুৰি আন বাটেদি গ’ল।
22 Gulu lonse la Aisraeli linachoka ku Kadesi ndipo linafika ku phiri la Hori.
২২তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ।
23 Ali pa phiri la Hori, pafupi ndi malire a Edomu, Yehova anati kwa Mose ndi Aaroni,
২৩তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে,
24 “Aaroni adzakakhala ndi anthu a mtundu wake, sadzalowa mʼdziko limene ndapereka kwa Aisraeli, chifukwa nonse munandiwukira motsutsana ndi malamulo anga ku madzi a ku Meriba.
২৪“হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
25 Tenga Aaroni ndi mwana wake wamwamuna Eliezara ndipo ukwere nawo ku phiri la Hori.
২৫তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা।
26 Uvule Aaroni zovala zake ndipo umuveke mwana wake Eliezara, pakuti Aaroni adzafera komweko, ndipo adzakakhala ndi anthu a mtundu wake.”
২৬আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
27 Mose anachita monga Yehova anamulamulira: Anapita ku phiri la Hori gulu lonse likuona.
২৭তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
28 Pamenepo Mose anavula Aaroni zovala zake ndi kuveka mwana wake Eliezara. Aaroni anafa kumeneko pamwamba pa phirilo. Koma Mose ndi Eliezara anatsika ku phiriko,
২৮আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।
29 ndipo pamene anthu onse anamva kuti Aaroni wafa, nyumba yonse ya Israeli inamulira Aaroniyo masiku makumi atatu.
২৯যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।

< Numeri 20 >