< Yoswa 1 >
1 Atamwalira Mose mtumiki wa Mulungu, Yehova anati kwa Yoswa mwana wa Nuni mthandizi wa Mose:
১যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
2 “Mose mtumiki wanga wamwalira. Ndipo iwe ndi anthu onsewa, tsopano konzekani kuwoloka mtsinje wa Yorodani kupita ku dziko limene ndiwapatse Aisraeli onse.
২“মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।
3 Paliponse pamene phazi lanu liponde, ndikupatsani monga momwe ndinalonjezera Mose.
৩যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷
4 Dziko lanu lidzayambira ku chipululu kummwera mpaka ku mapiri a Lebanoni kumpoto, kuchokeranso ku mtsinje waukulu wa Yufurate kummawa, mpaka dziko lonse la Ahiti, kukafika ku Nyanja Yayikulu ya kumadzulo.
৪সেই মৰুপ্ৰান্তৰ পৰা লিবানোন হৈ মহানদী ফৰাৎ নদীলৈকে, সূৰ্য অস্ত যোৱা ফালৰ পৰা মহা-সমুদ্ৰলৈকে হিত্তীয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ’ব।
5 Palibe munthu amene adzatha kukugonjetsa masiku onse a moyo wako. Monga Ine ndinakhalira ndi Mose, chomwechonso ndidzakhala nawe. Sindidzakusiya kapena kukataya.
৫তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
6 “Ukhale wamphamvu ndi wolimba mtima, chifukwa iwe udzatsogolera anthu awa kukalandira dziko limene Ine ndinalonjeza makolo awo kuti ndidzawapatsa.
৬তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।
7 Ukhale wamphamvu ndi wolimba mtima kwambiri. Usamale ndithu kuti umvere malamulo onse amene mtumiki wanga Mose anakupatsa. Usachoke pa malamulo anga ndipo kulikonse kumene udzapite udzapambana.
৭মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
8 Uziwerenga Buku la Malamuloli, uzilingalira zolembedwa mʼmenemo usana ndi usiku, kuti uchite zonse zimene zinalembedwamo. Ukamatero udzapeza bwino ndi kupambana.
৮এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
9 Paja ndinakulamula kuti ukhale wamphamvu ndi wolimba mtima. Choncho usamachite mantha kapena kutaya mtima popeza Ine Yehova Mulungu wako ndidzakhala nawe kulikonse kumene udzapite.”
৯মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
10 Tsono Yoswa analamula atsogoleri a Aisraeli nawawuza kuti,
১০তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে,
11 “Pitani ku misasa yonse ndipo muwuze anthu kuti, ‘Konzekani, mangani katundu wanu, popeza pakapita masiku atatu kuyambira lero mudzawoloka Yorodani kupita kukatenga dziko limene Yehova Mulungu wanu akukupatsani.’”
১১“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
12 Koma Yoswa anawuza fuko la Rubeni, fuko la Gadi ndi theka la fuko la Manase kuti,
১২তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে,
13 “Kumbukirani zimene Mose mtumiki wa Yehova anakulamulani kuti, ‘Yehova Mulungu wanu akukupatsani mpumulo, ndi dziko ili kuti likhale lanu.’
১৩“যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’
14 Tsono akazi anu, ana anu ndi ziweto zanu zitsale mʼdziko lino limene Mose anakupatsani kummawa kwa Yorodani. Koma ankhondo anu okha ndiwo awoloke atatenga zida zawo ndi kupita patsogolo pa abale anu kukawathandiza.
১৪মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ,
15 Abale anuwo akadzalandira dziko limene Yehova Mulungu wanu akuwapatsa monga inu mwachitira, inu mudzabwerera kudzakhazikika mʼdziko lanu limene Mose mtumiki wa Yehova anakupatsani tsidya la kummawa kwa Yorodani.”
১৫যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷”
16 Kenaka iwo anayankha Yoswa kuti, “Ife tidzachita chilichonse chimene mwatilamula, ndipo kulikonse kumene mudzatitume tidzapita.
১৬তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷
17 Monga momwe tinamvera Mose kwathunthu, chomwechonso tidzakumvera iwe. Yehova Mulungu wanu akhale nanu monga momwe anachitira ndi Mose.
১৭আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷
18 Aliyense wotsutsana ndi inu kapena wosamvera zimene mutilamula adzaphedwa. Inu mukhale wamphamvu ndi wolimba mtima!”
১৮যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।”