< Yoswa 2 >
1 Tsono Yoswa mwana wa Nuni anatuma anthu awiri okazonda dziko mwachinsinsi kuchokera ku Sitimu. Iye anawawuza kuti, “Pitani mukaone dzikolo makamaka mzinda wa Yeriko.” Kotero iwo anapita ndipo anakafika ku nyumba ya mkazi wadama dzina lake Rahabe, ndipo anagona kumeneko.
১তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
2 Mfumu ya Yeriko inawuzidwa kuti, “Aisraeli ena afika mu mzinda muno usiku uno kudzazonda dziko.”
২কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
3 Choncho Mfumu ya Yeriko inatumiza uthenga kwa Rahabe kuti, “Atulutse anthu amene abwera ku nyumba kwakowo chifukwa iwo abwera kuti adzazonde dzikoli.”
৩তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
4 Koma pa nthawiyi nʼkuti mkaziyo atatenga amuna awiriwo ndi kuwabisa. Tsono anayankha kuti, “Inde, anthuwo anafikadi ku nyumba kuno. Koma sindinadziwe kumene anachokera.
৪কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
5 Iwo achoka kuno ndi chisisira, chipata cha mzinda chili pafupi kutsekedwa. Ndiye sindidziwa kumene alowera. Koma mukawalondola msanga muwapeza.”
৫সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
6 Koma nʼkuti atawakweza pa denga azondiwo ndi kuwabisa pansi pa mapesi a thonje amene iye anawayika pa dengapo.
৬কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
7 Nthumwi za mfumu zija zitatuluka ndipo chipata chinatsekedwa. Nthumwizo zinapita kukawafunafuna azondi aja mpaka ku dooko la Yorodani.
৭তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
8 Azondiwo asanagone, Rahabe anakwera pa denga
৮পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
9 ndipo anawawuza kuti, “Ine ndikudziwa kuti Yehova wakupatsani dziko lino ndipo tili ndi mantha. Anthu onse a mʼdziko lino ali ndi mantha chifukwa cha inu.
৯আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
10 Ife tinamva mmene Yehova anawumitsira madzi a Nyanja Yofiira inu mukufika pamene munatuluka mʼdziko la Igupto. Tamvanso zimene munachita kwa Sihoni ndi Ogi, mafumu awiri a Aamori amene ali kummawa kwa Yorodani. Inu munawawononga kotheratu.
১০আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
11 Titamva zimenezi, ife tinataya mtima ndipo aliyense wa ife ali ndi mantha chifukwa cha inu. Tikudziwa kuti Yehova Mulungu wanu ndi Mulungu wa kumwamba ndi dziko lapansi.
১১এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
12 Choncho mulumbire pamaso pa Yehova ndi kundipatsa chizindikiro choti mudzachitadi zimene mwalonjeza, kuti monga inu ndakuchitirani chifundo, inunso mudzachitira chifundo a pa banja la abambo anga.
১২এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
13 Inu mulonjeze kuti simudzapha abambo anga ndi amayi anga, abale anga ndi alongo anga ndi mabanja awo omwe.”
১৩আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
14 Anthuwo anamuyankha kuti, “Ife ndife okonzeka kufa chifukwa cha inu. Ngati iwe sudzawulula zimene tachitazi, ndiye kuti ife tidzakukomera mtima ndi kusunga pangano lathu ndi iwe, Yehova akadzatipatsa dziko lino.”
১৪তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
15 Popeza nyumba ya Rahabe inali pa linga la mzindawo, azondi aja anatulukira pa zenera. Rahabe anawatsitsa pansi ndi chingwe.
১৫তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
16 Iye anawawuza kuti, “Pitani ku mapiri kuti okuthamangiraniwo asakupezeni. Mukabisale kumeneko masiku atatu mpaka iwo atabwerera, ndipo kenaka muzikapita kwanu.”
১৬তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
17 Anthuwo anati kwa iye, “Lonjezo limene watichititsa ifeli tidzalisungadi
১৭তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
18 tikadzalowa mʼdzikoli, iwe udzamangirire kansalu kofiira pa zenera limene unatitulutsira, ndi kusonkhanitsa abambo ako, amayi ako, abale ako ndi banja lako lonse mʼnyumba muno.
১৮চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
19 Ngati wina aliyense adzatuluka mʼnyumbamo kuti azikayendayenda mu msewu, magazi ake adzakhala pamutu pake, ife sitidzapalamula kanthu. Koma wina aliyense wokhala mʼnyumba mwakomo akadzaphedwa, mlandu udzakhala wathu.
১৯তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
20 Komanso iwe ukangowulula zimene ife tikuchitazi ndiye kuti ife sitidzasunga zimene talonjezazi.”
২০কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
21 Rahabe anayankha kuti, “Zikhale monga mwaneneramo.” Kenaka iye anawatulutsa ndipo iwowo anapita. Pambuyo pake Rahabe anamangirira kansalu kofiira pa zenera paja.
২১ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
22 Azondi aja anachoka napita ku mapiri ndipo anakhalako masiku atatu. Apa nʼkuti otumidwa ndi mfumu aja atawafunafuna ponseponse nʼkubwerera osawapeza.
২২তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
23 Pambuyo pake azondi awiri aja anayamba ulendo wobwerera kwawo. Anatsika ku mapiri kuja, nawoloka mtsinje mpaka anakafika kwa Yoswa mwana wa Nuni. Ndipo anamuwuza zonse zimene zinawachitikira.
২৩তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
24 Iwo anati kwa Yoswa, “Ndithu, Yehova wapereka dziko lonse mʼmanja mwathu. Anthu onse kumeneko akuchita nafe mantha.”
২৪আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”